নিয়মীয়া বাৰ্তা, ২১ জুনঃ যোৱা বৰ্ষত আজিৰ দিনটোতে পূৰ্বে কাহানিও প্ৰত্যক্ষ নকৰা এক প্ৰলয়ংকাৰী বানত সমগ্ৰ বজালী দিশহাৰা হৈ পৰাৰ এটা বছৰ পিছত যেন অনুৰূপ ঘটনাৰ সন্মুখীন হবলৈ গৈ আছে বজালীবাসী৷ বিগত কেবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত বজালীৰ মাজেৰে প্ৰৱাহিত পহুমাৰা আৰু কালদিয়া নৈৰ পানী হোৰাহোৰে বাঢ়ি অহাৰ ফলত সম্প্ৰতি নৈ পৰীয়া ৰাইজ তীব্ৰ আশংকাত দিন পাৰ কৰিবলগীয়া হৈছে৷ উল্লেখযোগ্যযে বিগত বৰ্ষত পহুমাৰা নৈয়ে মেধিকুছিৰ মথাউৰি আৰু বামাখাটা কৰ্দৈগুৰি গড়কাপ্তানি পথ ভাঙি এক বৃহত্তৰ অঞ্চল বুৰাই পেলাই বিস্তৰ ক্ষতিসাধন কৰিছিল৷ ইয়াৰ পাছতে পহুমাৰা নৈৰ মেধিকুছিৰ মথাউৰিৰ লগতে নৈখনৰ বিধ্বস্ত অৱস্থাত থকা অংশসমূহ বালিৰে পোতাৰ লগতে একাংশ ব্লক ইটাৰে নিৰ্মাণ কৰে যদিও মথাউৰিৰ বেছিভাগ অংশই বালিৰে পূৰ্ণ কৰাৰ বাবে হোৰাহেৰে অহা পানীয়ে কেবাঠাইতো খহাই নিয়াৰ ফলত এতিয়া নৈ পৰীয়া ৰাইজ বানৰ আশংকাত আতংকিত হৈ পৰিছে৷ ইয়াৰে পুঠিমাৰী, কলৰগুৰি, শিঙিমাৰী মথাউৰিৰ এটা অংশ ঠিকাদাৰৰ মইমতালিৰ বাবে সম্পূৰ্ণ হৈ নুঠাত এতিয়া যিকোনো মুহূৰ্ততে মথাউৰি চিঙাৰ সম্ভাৱনাই দেখা দিছে৷ সেই অঞ্চলৰ ৰাইজে দিনে নিশাই মথাউৰিটো ৰক্ষা কৰাৰ বাবে লাগি আছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই এই অৱস্থাৰ সন্মুখীন হবলগীয়া হৈছে বুলি ৰাইজে ক্ষোভ উজাৰিছে৷ ইপিনে বজালী মহকুমাৰ সদৰ পাঠশালা নগৰত সৃষ্টি হৈছে কৃত্রিম বানপানীৰ। নগৰখনৰ কেবাটাও ৱাৰ্ডত সৃষ্টি হোৱা কৃত্রিম বানে ভীষণ সমস্যাত পেলাইছে নগৰবাসীক। পাঠশালাৰ ষ্টেচন ৰোড তিতকা, মিলনপুৰ, শান্তিপুৰ, পশ্চিম পট্টি আদিকে ধৰি বহু স্থানত কৃত্রিম বানৰ সৃষ্টি হোৱাত বহু পৰিয়ালৰ ঘৰৰ চৌহদ পানীৰ তলত বুৰ গৈছে। পাঠশালা পৌৰ সভা আৰু লোকনিৰ্মান বিভাগে নিৰ্মাণ কৰা নলাৰে পৰ্যাপ্ত পানী ওলাই নোযোৱাৰ ফলতে পাঠশালা নগৰৰ হাউলী ৰোডত এফুট পৰ্যন্ত পানী উঠিছে। আনহাতে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে পাঠশালাৰ হাইৱে চাৰিআলি চ’কত উৰণীয়া সেতু নিৰ্মাণ আৰু নলা নিৰ্মাণৰ কাম কৰি থকাৰ ফলতো ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰিয়ালসমূহ কৃত্রিম বানৰ কবলত পৰিছে। পাঠশালা ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ জিৰো পইন্টতো কৃত্রিম বানৰ সৃষ্টি হৈছে৷ ইপিনে হৰিপুৰ, বৰভালা অঞ্চলো সম্প্ৰতি বানৰ কৱলত পৰিছে৷ বৰভালা অঞ্চলৰ বহুকেইটা পৰিয়ালৰ পানীৰ মাজত আবদ্ধ হৈ থকাৰ সমান্তৰালকৈ প্ৰতিপল বৃদ্ধি পাই আহিছে অঞ্চলটোৰ জলস্তৰ৷ আনহাতে পাঠশালাস্থিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় পানীত বুৰ যোৱাৰ লগতে খেলপথাৰ সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে লগতে বজালীৰ প্ৰায় সকলো কৃষি ভূমি এতিয়া জলমগ্ন হৈ পৰিছে। ইপিনে যোৱা কিছুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত বজালীৰ মাজেৰে বৈ যোৱা কালদিয়া নৈ ফেনে ফটোকাৰে বাঢ়ি আহি কালৰূপ ধাৰণ কৰিছে। নৈখনে বজালীৰ পূব প্ৰান্তৰ চৈবাৰী গাঁওত মথাউৰিৰ ওপৰেৰ পানী বাগৰি প্ৰায় ৫০ টা পৰিয়াললৈ ভয়াবহ ভাবুকি কঢ়িয়াই আনিছে।পৰিয়ালকেইটাৰ আৱাস গৃহসমুহ পানীৰ তলত বুৰ যোৱাত এক হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে। বহুতৰ ঘৰ সম্পত্তি পানীয়ে উটুৱাই নিয়াৰ লগতে পশুধন আৰু মানুহৰ মাজত ভয়াবহ খাদ্য শংকতে দেখা দিছে যদিও কালদিয়া নৈৰ এই ভয়াবহ ৰূপ ধাৰন কৰাৰ পিছতো অদ্যপি প্ৰশাসনে কোনো ধৰনৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ আনহাতে বজালীৰ নকুচি পথাৰত পহুমৰা নৈয়ে মথাউৰিৰ এক বৃহত অংশ চিঙি পেলাই বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে৷ মথাউৰিৰ প্ৰায় ৫০ মিটাৰ অঞ্চল চিঙি গৈ চিঙা অংশৰে হোৰাহোৰে পানী সোমাই ভবানীপূৰ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ অৰ্ধশতাধিক গাঁও প্লাৱিত কৰি পেলাইছে৷ যাৰ ফলত সৰ্বসাধাৰণৰ লগতে হাহাকাৰ লাগিছে মৎস্য পালক কৃষকৰ মাজত৷
প্ৰেৰকঃ কল্যাণ কলিতা