বিশেষ বাৰ্তা, ২১ জুনঃ যোগভ্যাসে মানুহৰ শৰীৰ সুস্থ কৰি ৰখাৰ লগতে মানুহৰ মনটো সুদৃঢ় কৰি গঢ়ি তোলে ৷ নিয়মিতভাবে যোগাসন কৰিলে মানুহ নিৰোগী হৈ থকাৰ লগতে মানুহৰ মগজুৰো বহুত উন্নত ঘটে আৰু প্ৰতিদিনে দেহ- মন সজীৱ কৰি ৰাখে ৷ এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ আজি পুৱা শুৱালকুছি বালিচৰত (ভূপেন হাজৰিকা মঞ্চৰ সন্মুখত) অনুস্হিত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদ্বোধন কৰি তেওঁ পুনৰ কয় যে তেওঁৰ স্বাস্থ্য মন্ত্ৰীৰ কালতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰথম বাৰৰবাবে যোগ কেন্দ্ৰ মুকলি কৰিছিল ৷ যেতিয়া অসমত যোগৰ প্ৰচলন কমি আছিল ৷ বৰ্তমান যোগ মানুহৰ জীৱনৰ বাবে অপৰিহাৰ্য্য হৈ পৰিছে আৰু দেশ-ৰাজ্যৰ সকলোতে যোগৰ আদৰ বৃদ্ধি হৈছে ৷ আজি কালি সৰহ সংখ্যক মানুহে যোগৰ উপকাৰিতা সন্দৰ্ভত অৱগত হৈছে ৷ যি সকলে যোগৰ উপকাৰিতা সন্দৰ্ভত এতিয়াও সঠিক ভাবে বুজি উঠা নাই বা যোগক এলাহ কৰি আছে তেওঁলোকক যোগভ্যাস গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায় ৷ তেওঁ পুনৰ কয় যি জীমতকৈ যোগসানক প্ৰধান্য দিলে বহুত উপকৃত হব পাৰি ৷ কিয়নো নিয়মীয়াকৈ জীম কৰি নাথাকিলে স্বাস্থ্যৰ তাৰতম্য ঘটাৰ সম্ভৱনা থাকে ৷ কিন্ত যোগাসনত সেইটো নাথাকে ৷ ৰাস্ট্ৰীয় আয়ুস অভিযান অসমৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসন আৰু শুৱালকুছি পতঞ্জলি যোগ কেন্দ্ৰৰ পূৰ্ণ সহযোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বন্তি প্ৰজ্বলন কৰে কামৰূপৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে সাংসদ কুইন ওজা, কামৰূপৰ উপায়ুক্ত কীৰ্তি জ্বল্লী, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাই ৷ যোগ পৰিচালনা কৰে স্বৰূপজ্যোতি ডেকা, কুনাল কাশ্যপ, জবান ৰাভা, প্ৰণামী তালুকদাৰ, কাকলি মহন্ত, শুৱালকুছি পতঞ্জলি যোগ কেন্দ্ৰৰ গকূল দাস আৰু অপূৰ্বলাল বৈশ্যই৷ প্ৰতিকূল বতৰক নেওচি যোগস্হলীত প্ৰায় তিনি শতাধিক লোক উপস্থিত থাক ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা, হাজোৰ চক্ৰ বিষয়া অপ্ৰতীম গোস্বামী, আয়ুস অভিযান অসমৰ অৰবিন্দ দাস, কামৰূপ জিলা প্ৰশাসনৰ বিষয়া- কৰ্মচাৰী, কামৰূপৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহিতোষ বেনাৰ্জী, কেবাগৰাকী চিকিৎসক প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ যোগাসনৰ পিছত যোগ প্ৰতিযোগিতা অনুস্হিত হয় ৷
প্ৰেৰক দিলীপ মেধি