নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ বংশৰত ভয়ানক পথ দুৰ্ঘটনাত প্ৰাণহানি যুৱকৰ

ডিজিটেল ডেস্ক, ১৪ জুন : কামৰূপৰ বংশৰত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী যুৱক। শুৱালকুছি-গুৱাহাটী সংযোগী পথৰ বংশৰ বেলৰতলত সংঘটিত হয় এই দুৰ্ঘটনাটো। নিহত যুৱকজন হৈছে শুৱালকুছিৰ হিমাংশু তালুকদাৰ।

যুৱকজনে নিজ বাসগৃহৰ পৰা কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটি গাইগৰুক  খুন্দিয়াই  ছিটিকি পৰে যুৱকজন। আনহাতে, দুৰ্ঘটনাটোত এটি  পশুৰো মৃত্যু ঘটে। দুৰ্ঘটনা সংঘটিত হোৱা স্কুটীখনৰ নম্বৰ হৈছে AS-01 EQ-8708। যুৱকজন শুৱালকুছি মাই ডক্টৰ্ছ ক্লিনিকত কৰ্মৰত আছিল। যুৱকজনৰ মৃত্যুত কান্দোনত  ভাগি পৰিছে কৰ্মৰত সতীৰ্থসকল।

You might also like