নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অম্বুবাচী, বিশ্বাস আৰু তাৎপর্য

🔹 ডাঃ প্রফুল্ল ডেকা
আহাৰমহীয়া আর্দ্রা নক্ষত্রৰ প্রথম পাদত সূর্যৰ অৱস্থিতিৰ কালছোৱাকে অম্বুবাচী বা আমতি হিচাপে জনাজাত, আমতিৰ ষাঁঠ বুলিও আমাৰ অসমীয়া ভাষাত জনা হয়৷ একান্নপীঠৰ অন্যতম আৰু শ্রেষ্ঠতম শক্তিপীঠ হিচাপে গণ্য কৰা কামৰূপৰ নীলাচল পাহাৰত অৱস্থিত দেৱী কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা বিশ্বখ্যাত আৰু এই অঞ্চলৰ এটা প্রধান বছৰেকীয়া উৎসৱ৷ দেৱীৰ বছৰেকীয়া তিনিদিনীয়া ঋতুস্রাৱক কেন্দ্র কৰি আয়োজন কৰা এই মেলা বা উৎসৱত দেশ–বিদেশৰ লাখ লাখ ভক্তৰ আগমন হয়৷ এই মন্দিৰত দেৱীৰ কোনো মূর্তি নাই, আছে এচটা শিল যোনী–মুদ্রাৰ আকৃতিত৷ এটা প্রাকৃতিক নিজৰাৰ পৰা বৈ অহা জলে অনবৰত ধুৱাই থকা শিলচটা ৰঙাবস্ত্রেৰে ঢাকি ৰখা হয়৷ ভক্তগণে সেই জল স্পর্শ কৰি দেৱীৰ আশিস লয়৷ কালিকা পুৰাণ অনুসৰি, সতীদেৱীৰ যোনী অংগ নীলাচল পাহাৰত পৰাৰ পিছত এই পাহাৰখন নীলা ৰঙৰ হৈ পৰা বাবে নীলাচল পাহাৰ নামেৰে জনাজাত হৈ পৰে৷ লোকবিশ্বাস অনুসৰি, এই তিনি দিন ভক্তসকলে নাৰান্ধে, পূজা আদি নকৰে, কোনোধৰণৰ ধর্মপুথি নপঢ়ে আৰু কৃষিকার্যত অংশগ্রহণ নকৰে৷ অম্বুবাচীৰ প্রবৃত্তিৰ (আৰম্ভ) পৰা নিবৃত্তিলৈ (অন্ত) কামাখ্যা দেৱীৰ মন্দিৰৰ দ্বাৰ বন্ধ থাকে আৰু মহামায়াৰ সকলো মন্দিৰো বন্ধ থাকে বাবে সেই কেইদিন দেৱীৰ দর্শন নিষিদ্ধ থাকে৷ এই সময়ছোৱাত লাখ লাখ ভক্তই কামাখ্যা মন্দিৰ প্রাংগণত বিভিন্ন ধৰণৰ নাম–কীর্তন, গীত–মাত আদিত অংশগ্রহণ কৰে৷
জুনৰ আৰম্ভণিৰে পৰা নীলাচল পাহাৰলৈ ভক্তৰ সোঁত ব’বলৈ আৰম্ভ কৰে আৰু এই সোঁত অম্বুবাচী নিবৃত্তিৰ কেইবাদিন পিছলৈকো চলি থাকে৷ অগণন ভক্তই মন্দিৰৰ চৌপাশে অশেষ কষ্ট স্বীকাৰ কৰি থাকি মন্দিৰৰ দ্বাৰ খোলালৈ অপেক্ষা কৰে৷ লাখ লাখ ভক্তই কেনেকৈ নীলাচল পাহাৰত আৰু কামাখ্যা মন্দিৰ প্রাংগণত কটায়, সেই কথা নেদেখিলে বিশ্বাস কৰিবলৈ কঠিন৷ অম্বুবাচীৰ নিবৃত্তিত (চতুর্থ দিনা) দেৱীৰ স্নান, পূজা আদি সমাপ্ত হোৱাৰ পিছতহে মন্দিৰৰ দ্বাৰ ভক্তগণৰ দর্শনৰ বাবে খুলি দিয়া হয়৷ দেৱীপীঠৰ পৰা পৱিত্র ৰক্তবস্ত্র সংগ্রহ কৰি দেহত ধাৰণ কৰা হয় অথবা সুৰক্ষিত ঠাইত ৰখা হয়৷
যুগ যুগ ধৰি বিশ্বৰ অগণন ভক্তৰ অটুট বিশ্বাসৰ ফলতেই অম্বুবাচী মেলাখন চলি আহিছে আৰু দিনক দিনে ইয়াৰ শ্রীবৃদ্ধি হৈছে৷ তাৎপর্যপূর্ণ যে কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাই সাম্প্রতিক কালত ৰাষ্ট্রীয় আৰু আন্তর্জাতিক সম্প্রীতি ৰক্ষাত উল্লেখনীয় বৰঙণি আগবঢ়াইছে৷ ক’ৰোনা মহামাৰীৰ সময়ত ২০২০ আৰু ২০২১ বর্ষত অম্বুবাচী মেলা অনুষ্ঠিত হোৱা নাছিল যদিও ২০২২ বর্ষত অতি উলহ–মালহেৰে মেলা অনুষ্ঠিত হৈছিল৷ এসপ্তাহ মানতে প্রায় ১৫ লাখ ভক্তৰ ভৰিৰ খোজ কামাখ্যাধামত পৰিছিল৷ এইবাৰ ২২ জুন, বৃহস্পতিবাৰে নিশা ২ঃ৩০ঃ৪২ বজাৰ পৰা অম্বুবাচী প্রবৃত্তি আৰম্ভ হৈ ২৬ জুন, সোমবাৰে দিনৰ ২ঃ৫৪ঃ৪৬ বজাত নিবৃত্তি ঘটিব৷ এইবছৰো ১৫ লাখতকৈ সৰহসংখ্যক ভক্তৰ সমাগম হ’ব বুলি ধাৰণা কৰা হৈছে৷
ভক্তবৃন্দৰ সুবিধাৰ বাবে আৰু পৰিষ্কাৰ–পৰিচ্ছন্ন লক্ষ্য ৰাখি এইবাৰ দেৱালয় কর্তৃপক্ষই বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে৷ নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ মন্দিৰ প্রাংগণত প্রৱেশ নিষিদ্ধ কৰিছে কোনোধৰণৰ যান–বাহনৰ চলাচলো নিষিদ্ধ কৰিছে৷ সকলো তীর্থযাত্রীয়েই খোজকাঢ়ি মন্দিৰলৈ  যাব লাগিব, অৱশ্যে জ্যেষ্ঠ নাগৰিকৰ বাবে আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে বাহনৰ ব্যৱস্থা থাকিব৷ অম্বুবাচীৰ প্রবৃত্তিৰ লগে লগে কামাখ্যাধামৰ দুৱাৰ বন্ধ ৰখা হয়৷ ফলস্বৰূপে সেইকেইদিন দেৱীৰ দর্শন নিষিদ্ধ৷ চতুর্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্রভৃতি সমাপন হোৱাৰ পৰাহে দর্শকে দেৱীক দর্শন কৰিব পাৰে৷ পূব ভাৰতৰ দৰে, অন্যান্য প্রান্তৰ দৰে কামাখ্যাধামৰো ব্রাহ্মণ বিধৱাসকলে অম্বুবাচী প্রবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্রহণ কৰি থাকে৷ চুৱাৰকেইদিন সর্প ভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে৷ ইঘৰে সিঘৰলৈ ফল–মূল আগবঢ়ায়, প্রবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়৷ ভাৰতৰ ভিন্ন প্রান্তৰ পৰা অহা (আজিকালি বিদেশৰ পৰাও আহে) লাখ লাখ ভক্তই তিনিও দিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম–কীর্তন কৰে৷ মন্দিৰৰ বাহিৰতে ধূপ–দীপ জ্বলাই দেৱীক প্রণাম জনায়৷ অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্র৷ দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্র শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্রবল৷ সেইবাবে পুৰুষে সেই ৰক্তবস্ত্র সোঁ হাতত বা ডিঙিত আৰু মহিলাসকলে বাঁওহাত বা ডিঙিত ধাৰণ কৰে৷ এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা কুব্জিকাততন্ত্রৰ সপ্তম পটলত বর্ণিত হৈছে৷ এই ৰক্তবস্ত্র ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ৷ কামাখ্যাধামৰ অম্বুবাচী মেলাই আন্তর্জাতিক আৰু জাতীয় সম্প্রীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে৷ জয় মা কামাখ্যা৷

You might also like