ব’ৰডমৰ পৰা মুক্তি
🔹 হোমেন বৰগোহাঞি
বহুত বছৰৰ আগতে ইটালিয়ান লেখক লুইজি পিৰানডেল্লোৰ এটা গল্প পঢ়িছিলোঁ৷ গল্পটোৰ নাম আছিল ‘চিন্চি’৷ চিন্চি এটা ল’ৰাৰ নাম৷ লেখকে গল্পটোত তাৰ বয়স উল্লেখ কৰা নাই৷ বর্ণনাৰ পৰা অনুমান কৰিব পাৰি যে তাৰ বয়স দহ–বাৰ বছৰতকৈ বেছি হ’ব নালাগে৷ এদিন সি স্কুলৰ পৰা ঘৰলৈ অহাৰ পিছত তাৰ কেনেকুৱা মানসিক অৱস্থা হৈছিল আৰু সেই অৱস্থাত সি কি কি কাম কৰিছিল তাৰেই বর্ণনা দিয়া হৈছে গল্পটোত৷ সেই অৱস্থাত চিন্চিয়ে তাৰ কাণ–সমনীয়া ল’ৰা এটাৰ লগত কাজিয়া কৰি তাক হত্যা কৰিছিল৷
মনৰ যেনেকুৱা অৱস্থাত চিন্চিয়ে এটা ল’ৰাক হত্যা কৰিছিল, সেই অৱস্থাৰ বর্ণনা দি লেখকে লিখিছে–He was bored. Above all, he was bored.
আচল কথালৈ যোৱাৰ আগতে শব্দটোৰ বিষয়ে মই অলপ আলোচনা কৰি ল’ব খোজোঁ৷ ধৰি লোৱা হওক– পিৰানডেল্লোৰ এই গল্পটো মোক যেনিবা ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলৈ কোৱা হ’ল৷He was bored– এই বাক্যটো মই কেনেকৈ অনুবাদ কৰিম? তাহানি স্কুলত শিক্ষকে আমাকFamiliar Bore নামৰ কবিতা এটা পঢ়াওঁতে শিক্ষকৰো একে সমস্যাই হৈছিল৷Bore-ৰ কোনো অসমীয়া প্রতিশব্দ তেওঁ বিচাৰি পোৱা নাছিল৷ কিছুদিন আগতে এজনী ছোৱালীয়ে তেওঁৰ বন্ধুক কোৱা শুনিলোঁ– ‘অমুকীয়ে মোক ইমান ব’ৰ কৰি গ’ল ভাই৷’ মই ছোৱালীজনীক সুধিলোঁ, ‘‘ব’ৰ’ মানে কি?’ তাই উত্তৰ দিলে– ‘‘ব’ৰ’ মানে ব’ৰ৷’
অর্থাৎ ব’ৰ শব্দটোৱে কি বুজায় বা শব্দটোৰ দ্বাৰা তাই নিজে কি বুজাব খুজিছে, সেই কথা তাই খুব ভালকৈয়ে জানে কিন্তু শব্দটোৰ অসমীয়া প্রতিশব্দ তাই নাজানে আৰু কেতিয়াও বিচাৰিও চোৱা নাই৷
একেজন মানুহেই যদি কাৰোবাৰ ওচৰলৈ সদায় আহি একেবোৰ কথা কৈ তেওঁক বিৰক্ত কৰি থাকে, তেন্তে তেনে মানুহক ব’ৰ বুলি কোৱা হয়৷ ঠিক সেইদৰে ব’ৰডম Boredom) হ’ল বৈচিত্র্যহীনতাৰ পৰা ওপজা বিৰক্তি৷ যেনেকৈ বহুতো ভাৰতীয় ভাষাৰ শব্দৰ সঠিক অর্থ–প্রকাশক গুটীয়া শব্দ অভাৰতীয় ভাষাত বিচাৰি পোৱা নাযায় (যি কাৰণে ইংৰাজী ভাষাই হাজাৰ হাজাৰ বিদেশী শব্দ আত্মসাৎ কৰিছে), ঠিক তেনেকৈ বহুতো বিদেশী শব্দৰো উপযুক্ত ভাৰতীয় প্রতিশব্দ বিচাৰি পোৱা টান৷ মোৰ মতে ব’ৰডম তেনে এটা শব্দ৷ কোনোবাই ব’ৰডমৰ অসমীয়া প্রতিশব্দ বিচাৰি পালে চিঠিৰ দ্বাৰাই মোক সেইটো জনাবলৈ তেখেতক অনুৰোধ কৰা হ’ল৷ উপযুক্ত অসমীয়া প্রতিশব্দ বিচাৰি নোপোৱালৈকে মই ব’ৰডম শব্দটোকে ব্যৱহাৰ কৰি থাকিম৷
এতিয়া আকৌ আহোঁ পিৰানডেল্লোৰ গল্পটোৰ কথালৈ৷
বহুত বছৰৰ আগতে পঢ়া গল্পটোৰ কথা মই পাহৰিয়েই গৈছিলোঁ৷ কিন্তু কিছুদিনৰ আগতে ব’ৰডমৰ বিষয়ে লিখা এখন ইংৰাজী ৰচনা পঢ়ি থাকোঁতে পিৰানডেল্লোৰ গল্পটোৰ কথা আপোনা–আপুনি মোৰ মনলৈ আহিল৷ উক্ত ৰচনাখনত ব’ৰডমৰ বিষয়ে বহুতো কথাই কোৱা হৈছে৷ কিন্তু মোৰ আলোচ্য বিষয়ৰ প্রয়োজনত মই মাত্র এটা কথা উল্লেখ কৰিম৷ আমেৰিকান গৃহযুদ্ধই যেতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল, যুদ্ধ আৰু মহামাৰী ৰোগৰ কবলত পৰি অবিৰামভাৱে হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল, তেতিয়াও কিন্তু স্বেচ্ছাই যুদ্ধলৈ যাব খোজা মানুহৰ অভাৱ হোৱা নাছিল৷ মৃত্যু নিশ্চিত বুলি জানিও জাকে জাকে মানুহ যুদ্ধক্ষেত্রলৈ যাত্রা কৰিছিল৷ কিয়? কাৰণ সেই মানুহবোৰে মুক্তি পাব বিচাৰিছিল ব’ৰডমৰ পৰা৷ সেই সময়ত আমেৰিকাৰ গাঁৱলীয়া খেতিয়কৰ জীৱন–ধাৰা ইমান বেছি গতানুগতিক আৰু বৈচিত্র্যহীন আছিল যে মানুহে জীয়াই থকাৰ আনন্দ হেৰুৱাই পেলাইছিল ব’ৰডমৰ তুলনাত যুদ্ধৰ উত্তেজনা আৰু সম্ভাব্য মৃত্যুও হৈ পৰিছিল অধিক কাম্য৷
মানুহক ব’ৰডমৰ যন্ত্রণা বুজাবলৈ এখন ৰচনা লিখাৰ একো দৰকাৰ নাই প্রত্যেক মানুহে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাই সেই কথা জানে৷ ব’ৰডম দীর্ঘস্থায়ী হ’লে মানুহে জীয়াই থকাৰ সকলো আগ্রহ হেৰুৱাই পেলায় নিজে ক’ব নোৱৰাকৈয়ে মৃত্যু–কামনাই তেওঁৰ মনত বাহ বান্ধে৷ কিন্তু ব’ৰডমত ভোগা মানুহে একমাত্র মৃত্যুৰ মাজতেই আশ্রয় নিবিচাৰে৷ জীৱন যিমান বিস্বাদ বা বিৱর্ণ নহওক কিয়, মানুহে যিমান দিন পাৰে মৃত্যুকো পৰিহাৰ কৰি চলিব খোজে৷ ব’ৰডমৰ পৰা মুক্তিৰ একো পথ বিচাৰি নোপোৱা মানুহে নিজৰ ভাগ্যৰ ওচৰত অসহায়ভাৱে আত্ম–সমর্পণ কৰি নিজৰ জীৱনটোক মৰাশৰ দৰে চোঁচোৰাই লৈ ফুৰে৷ কিন্তু সকলো মানুহেই ভাগ্যৰ ওচৰত এনেকৈ আত্ম–সমর্পণ নকৰে৷ বহুতে ব’ৰডমৰ বিৰুদ্ধে– আনকি জীৱনৰ বিৰুদ্ধেই বিদ্রোহ কৰে৷ বার্ট্রাণ্ড ৰাছেলে কৈছে যে ব’ৰডম এটা ডাঙৰ নৈতিক সমস্যা, কাৰণ মানুহে যিমানবোৰ পাপ কৰে, তাৰ আধাতকৈ বেছি পাপ কৰে ব’ৰডমৰ পৰা মুক্তি পোৱাৰ আশাত৷ ওপৰত উল্লেখ কৰা পিৰানডেল্লোৰ গল্পত ব’ৰডমে এটা দহ–বাৰ বছৰীয়া ল’ৰাৰো মানসিক অনুভূতি ইমান বেছিকৈ ভোটা কৰি তুলিছে যে মনৰ তেনে অৱস্থাতে সি এটা ল’ৰাকো খুন কৰিব পাৰিছে৷ আনাতোল ফ্রাঁই তেওঁৰ এখন বিখ্যাত ৰচনাত এনে এটা অভিমত প্রকাশ কৰিছে যে নিষ্কর্মা মধ্যবিত্ত আৰু উচ্চ–মধ্যবিত্ত বিবাহিতা মহিলাৰ যৌন ব্যভিচাৰৰ এটা প্রধান কাৰণ হ’ল ব’ৰডম৷ অৱশ্যে আনাতোল ফ্রাঁই যি সময়ত এই কথা লিখিছিল তেতিয়াতকৈ এতিয়া ব’ৰডমত ভোগা বিবাহিতা মহিলাৰ যৌন ব্যভিচাৰৰ পৰিমাণ বহুত বেছি৷ কুৰি শতিকাত নাৰীমুক্তি আন্দোলন আৰু যৌন বিপ্লৱে এইটো সম্ভৱ কৰি তুলিছে৷
ৰবার্ট নিছবেট নামৰ এজন সমাজবিজ্ঞানীয়ে ব’ৰডম সম্পর্কীয় এখন ৰচনাত আন বহু কথাৰ লগতে এই কথাও লিখিছে–In the modern day, chronic joblessness, especially among youth, but in other strata as well, not overlooking the retired elderly, produces its baneful results, ranging from the mindless violence of youth on the street to the millions of elderly who, jobless and functionless, lapse into boredom which all too often becomes apathy and depression.
অসমত যোৱা কেইবাবছৰ ধৰি চলা হিংসা, সন্ত্রাস আৰু ক্রমবর্ধমান অপৰাধপ্রৱণতাৰো এটা প্রধান কাৰণ হ’ল নিবনুৱা সমস্যা৷ লাখ লাখ ডেকা–গাভৰুৱে যেতিয়া যৌৱনৰ শ্রেষ্ঠ সময়খিনিত কৰিবলৈ একো কাম বিচাৰি নাপাই হা–হুমুনিয়াহ পেলাই দিন কটাব লগা হয়, আৰু এই অৱস্থা বছৰৰ পিছত বছৰ ধৰি স্থায়ী হয়, তেতিয়া সি তেওঁলোকৰ কাৰণে কেৱল অর্থনৈতিক সমস্যাৰ সৃষ্টি নকৰে তাতোকৈ সি বহু পৰিমাণে বেছিকৈ সৃষ্টি কৰে মনস্তাত্ত্বিক সমস্যাৰ৷ এই মনস্তাত্ত্বিক সমস্যাটো ব’ৰডম৷ যি ধৰণৰ ব’ৰডমে চিন্চিক নৰহত্যা কৰিবলৈ আৰু হাজাৰ হাজাৰ আমেৰিকানক গৃহযুদ্ধত যোগ দিবলৈ বাধ্য কৰিছিল, সেই একে ব’ৰডমেই বহুতো অসমীয়া ডেকা–গাভৰুকো হিংসা আৰু সন্ত্রাসৰ পথলৈ টানি আনিছে৷ তেওঁলোকৰ ভিতৰত কিছুমানে হয়তো সঁচাকৈ অসমৰ মুক্তি বিচাৰিছে কিন্তু আমাৰ ধাৰণা হয় যে বেছিভাগেই বিচাৰিছে ব’ৰডমৰ পৰা মুক্তি৷ সমাজবিজ্ঞানীসকলে কথাটো চিন্তা কৰি চাব পাৰে৷