নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ বলদমাৰী চৰ, ৰংজুলিত উৎখাত কাঠমিল

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ গোৱালপাৰা আঞ্চলিকবন বিষয়াৰ কার্যালয়ৰ নিচেই কাষতে থকা বলদমাৰী চৰৰ কালুবজাৰৰ পৰা বুধবাৰে বন বিভাগে দুটাকৈ অবৈধ কাঠফলা মিল উৎখাত কৰে৷ গোৱালপাৰাৰ সহকাৰী বন সংৰক্ষক চমুকৈ এ চি এফ নয়নজ্যোতি ৰাজবংশীৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত প্রায় দুই লক্ষাধিক টকা মূল্যৰ চোৰাং শালকাঠৰ লগতে ডেৰ লক্ষাধিক টকা মূল্যৰ দুটাকৈ অবৈধ কাঠফলা মিলৰ যন্ত্রাংশ জব্দ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে প্রথম মিলটো উৎখাতৰ বিষয়ে অৱগত হৈ নাতিদূৰৈত থকা দ্বিতীয় মিলটোৰ যন্ত্রাংশৰ লগতে তাত মজুত থকা চোৰাং কাঠসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা বুলি সহকাৰী বন সংৰক্ষকগৰাকীয়ে সন্দেহ প্রকাশ কৰিছে৷ দ্বিতীয় মিলটোৰ পৰা মাত্র ২০ সহস্রাধিক টকা মূল্যৰহে যন্ত্রাংশ জব্দ কৰিবলৈ সক্ষম হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ এই অভিযানৰ সময়ত গোৱালপাৰাৰ নৱনিযুক্ত বনাঞ্চলিক বিষয়া সাত্ব্ন্না মেধিয়েও সহযোগিতা আগবঢ়ায়৷ আনহাতে ৰংজুলিত আঞ্চলিক বন বিভাগে অভিযান চলাই অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ মূল্যৱান গছৰ কুণ্ডা জব্দ কৰে৷ গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বন বিভাগৰ বিষয়া বলেন দাসৰ নেতৃত্বত শিমলীতোলা আৰক্ষীৰ সহযোগত বন বিভাগৰ বৃহৎ দল এটাই ৰংজুলি থানাৰ অন্তর্গত বৰপথাৰত বিশেষ সূত্রৰ পম খেদি অতর্কিতে অভিযান চলায়৷ এই অভিযানত বৰপথাৰৰ খালেক উপাধিৰ এজন লোকৰ ঘৰৰ চৌহদত দির্ঘদিনৰ পৰা চলি থকা অবৈধ কাঠফলা মিল এটা উৎখাত কৰাৰ লগতে মিলটোত ফালিবৰ বাবে ৰাখি থোৱা মূল্যৱান শাল, চেগুন, গামেৰী আদি গছৰ বৃহত পৰিমাণৰ কুণ্ডা জব্দ কৰে৷ প্রায় ১২০টা কুণ্ডা জব্দ কৰে অভিযানকাৰী দলটোৱে৷ কাঠফলা মিলটোৰ যন্ত্রৰ লগতে এটা জেনেৰেটৰ জব্দ কৰে বন বিভাগে৷ মিলৰ যন্ত্রসহ জব্দকৃত খুণ্ডাসমূহ পিছত আঠখনকৈ বাহনেৰে ধূপধৰাস্থিত কাঠভঁৰাললৈ অনা হয়৷ জব্দকৃত কুণ্ডাসমূহৰ বজাৰ মূল্য প্রায় তিনি লক্ষাধিক হ’ব বুলি অনুমান কৰিছে বন বিভাগে৷

You might also like