নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ নির্বাচনী ফলাফল ধর্ম নিৰপেক্ষতা–‘কা’ আন্দোলনৰ জয়ঃ তৰুণ গগৈ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ দিল্লীত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি আপে চৰকাৰ গঠন কৰাটো নিশ্চিত হ’ল৷ এই প্রসংগত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে যোৰহাটত সাংবাদিকৰ আগত মন্তব্য কৰে যে দিল্লীৰ ফলাফলক লৈ তেওঁ আটাইতকৈ সুখী৷ তেওঁ কয়, ‘দিল্লীৰ ফলাফলক লৈ মই সুখী৷ এয়া ধর্মনিৰপেক্ষতা আৰু ‘কা’ আন্দোলনৰ জয়৷ বিজেপিয়ে গণতন্ত্র ধ্বংস কৰিব বিচাৰিছে আৰু দিল্লীৰ ৰাইজে ইয়াৰ উচিত প্রত্যুত্তৰ দিলে সমগ্র দেশতে বিজেপিয়ে দমন নীতি চলাইছে আৰু জে এন ইউ, জামিয়া মিলিয়া সকলোতে দমন নীতি চলিছে৷ ‘কা’ বিৰোধ কৰিলেই এইখন চৰকাৰে দেশদ্রোহী সজাবলৈ যায় বুলি তীব্র সমালোচনা কৰে গগৈয়ে৷ কংগ্রেছৰ পৰাজয় স্বীকাৰ কৰি গগৈয়ে কয়, হয় আমি যোৱাবাৰো হাৰিছোঁ৷ কিন্তু প্রধানমন্ত্রী, সকলো কেন্দ্রীয় মন্ত্রী, সাংসদ, মুখ্যমন্ত্রী সকলো যুঁজিও কিয় ৮খন আসনহে বিজেপিয়ে লাভ কৰিলে বুলি তেওঁ প্রশ্ন কৰে৷

You might also like