সম্পাদকীয় : পশুৰ আচৰণৰ ওপৰত জলবায়ু পৰিৱর্তনৰ প্রভাৱ
জলবায়ু পৰিৱর্তনে আমি বাস কৰা গ্রহটিৰ প্রকৃতি আৰু পাৰিপার্শ্বিকতাৰ ওপৰত প্রচণ্ড প্রভাৱ পেলাইছে৷ পৃথিৱীত বসবাস কৰা জীৱশ্রেষ্ঠ মানৱৰ লগতে পশুকুলৰ ওপৰতো জলবায়ু পৰিৱর্তনৰ প্রভাৱ প্রতিফলিত হৈছে৷ শেহতীয়াভাৱে গৱেষকৰ দল এটাই চলোৱা অধ্যয়নত পশুকুলৰ আচৰণৰ ওপৰত জলবায়ু পৰিৱর্তনৰ প্রভাৱ স্পষ্ট হৈ পৰিছে৷ পশুকুলৰ ভিতৰত বিশেষকৈ মানুহে পোহপাল দি থকা প্রভুভক্ত হিচাপে বিবেচিত কুকুৰৰ আচৰণৰ ওপৰত জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ পৰিছে৷ হার্ভার্ড স্কুল অৱ পাব্লিক হেলথ আৰু হার্ভার্ড মেডিকেল স্কুলৰ গৱেষকৰ দল এটাই কুকুৰ, বিশেষকৈ পোহনীয়া কুকুৰৰ আচৰণক লৈ চলোৱা অধ্যয়নত জলবায়ু পৰিৱর্তনৰ বাবে কুকুৰ অধিক আগ্রাসী হৈ পৰাটো প্রমাণিত হৈছে৷ অর্থাৎ বিশ্বজুৰি প্রভুভক্ত কুকুৰৰ আক্রমণত বহু লোক আহত হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ হার্ভার্ড বিশ্ববিদ্যালয়ৰ এই গৱেষণাৰ তথ্য জার্নেল ছায়েণ্টিফিক ৰিছার্চত প্রকাশ পাইছে৷ জার্নেলখনত প্রকাশিত প্রতিবেদনৰ তথ্য অনুসৰি জলবায়ু পৰিৱর্তন আৰু কুকুৰৰ ব্যৱহাৰৰ মাজত এক বিশেষ সমস্যা সংযুক্ত হৈ থকাটো প্রমাণিত হৈছে৷ সাধাৰণ গৰমৰ দিনৰ তুলনাত কিম্বা গৰমৰ তুলনাত জলবায়ু পৰিৱর্তনৰ বাবে আমি বাস কৰা পৃথিৱীখনৰ তাপমাত্রা বর্ধিত হৈ থকাৰ পৰিপ্রেক্ষিতত কুকুৰ অধিক আগ্রাসী হৈছে৷ সাধাৰণ দিনৰ তুলনাত সম্প্রতি জলবায়ু পৰিৱর্তনৰ প্রভাৱত সৃষ্ট পৰিৱেশত কুকুৰে মানুহক আক্রমণ কৰা ঘটনা ১১ শতাংশ বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে বায়ু প্রদূষণৰ ফলতো কুকুৰৰ আচৰণ কিছু সলনি হৈছে৷ পূর্বৰ অধ্যয়নত গৰমৰ বতৰ কিম্বা প্রদূষিত বায়ুত কুকুৰ, বান্দৰ, নিগনি, এন্দুৰ আদিৰ আচৰণ প্রায় একেই থকা বুলি ধাৰণা কৰা হৈছিল যদিও নতুন গৱেষণাত এই তথ্য সম্পূর্ণ বিপৰীত হৈ পৰিছে৷ মানুহৰ প্রতি কুকুৰৰ আচৰণ পূর্বতকৈ অধিক আগ্রাসী হৈছে৷ গৱেষকৰ দলটোৱে ২০০৯ চনৰ পৰা ২০১৯ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্রত কুকুৰৰ দ্বাৰা আক্রমণৰ ঘটনাৰ তথ্য পুংখানুপুংখভাৱে অধ্যয়ন কৰি লাভ কৰা তথ্য হিচাপে বিগত ১০ বছৰত প্রতিদিনে তিনিজন লোকক কুকুৰে আক্রমণ কৰিছে৷ অর্থাৎ কুকুৰে কামুৰি আহত কৰিছে৷
পৃথিৱীৰ বিভিন্ন প্রান্তৰ লগতে ভাৰততো কুকুৰে কামোৰা মানুহৰ সংখ্যা বর্ধিত হৈছে৷ বিগত কেইমাহমানত ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন প্রান্তত, বিশেষকৈ কেৰালা, মহাৰাষ্ট্র, উত্তৰপ্রদেশ আদি ৰাজ্যত কুকুৰে কামোৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ লোকসভাত চৰকাৰে দাঙি ধৰা তথ্য মতে ২০২২ চনত মহাৰাষ্ট্রত সর্বাধিক ৩,৪৬,৩১৮টা কুকুৰে কামোৰা ঘটনা সংঘটিত হৈছে৷ মহাৰাষ্ট্রত সর্বাধিক হোৱাৰ বিপৰীতে তামিলনাডুত ৩,৩০,২৬৪টা কুকুৰে কামোৰা ঘটনা সংঘটিত হৈছে৷ তৃতীয় স্থানত অন্ধ্রপ্রদেশত ১,৬৯,৩৭৮টা৷ ইয়াৰ বিপৰীতে উত্তৰাখণ্ডত ১,৬২,৪২২টা, কর্ণাটকত ১,৪৬,০৯৪টা ঘটনা পোহৰলৈ আহিছে৷ গুজৰাট আৰু বিহাৰতো কুকুৰে কামোৰা ঘটনা ক্রমে ১,৪৪,৮৫৫টা আৰু ১,১৮,৩৫৪টা৷ আন এক তথ্য মতে শ্রীনগৰৰ এছ এম এইচ এছ হাস্পতালত কুকুৰে কামোৰা ঘটনা ২০২২ৰ এপ্রিলৰ পৰা ২০২৩ৰ মার্চলৈ ৬,৮০০টা৷ উল্লেখিত তথ্যসমূহ চৰকাৰী চিকিৎসালয়ৰ পৰা সংগৃহীত৷ ইয়াৰ উপৰি কুকুৰে কামোৰাৰ ফলত আহত হোৱা লোকৰ সংখ্যা অনেক আছে৷ কিয়নো, অধিকাংশ লোকে কুকুৰে কামোৰাৰ পিছত চৰকাৰী চিকিৎসালয়লৈ যোৱাৰ বিপৰীতে ব্যক্তিগত চিকিৎসালয়লৈ যায়৷ তদুপৰি কুকুৰে কামোৰাৰ পিছত সামান্য জ্ঞান কৰি সেই ঘটনাক স্থানীয় বেজৰ দ্বাৰা চিকিৎসা চলোৱাৰ দৰে ঘটনাও আছে৷ মন কৰিবলগীয়া যে মানৱসৃষ্ট কাৰক বিশেষকৈ সেউজগৃহ গেছ নির্গমনৰ বাবে বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডৰ্ মাত্রা বৃদ্ধি হৈ পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈ আছে৷ গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত জলবায়ু পৰিৱর্তন ভয়াৱহ হৈ উঠিছে৷ এই জলবায়ু পৰিৱর্তনৰ বাবে মানুহে লালন–পালন কৰি ডাঙৰ–দীঘল কৰি নিজৰ জীৱনৰ অংশ হিচাপে পৰিগণিত কৰি লোৱা কুকুৰ আগ্রাসী হৈ মানুহক আক্রমণ কৰাৰ ঘটনা বর্ধিত হোৱাটো উদ্বেগজনক৷ জীৱশ্রেষ্ঠ মানৱে এই কথাবোৰ অনুধাৱন কৰি শীঘ্রে জলবায়ু পৰিৱর্তনৰ কাৰকসমূহ নিয়ন্ত্রিত হাৰত ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়াটো অতিকে প্রয়োজনীয় হৈ পৰিছে৷ অন্যথা কুকুৰৰ দৰে আন পশুৰো আচৰণ সলনি হ’লে মানুহৰ বাবে বিপদ বৃদ্ধি হ’ব৷