নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব হিন্দু পৰিষদৰ প্ৰান্ত যোজনা বৈঠক

মহানগৰ বাৰ্তা, ১ জুলাইঃ বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ প্ৰান্তীয় বৈঠক এখন আজি মহানগৰীস্থিত হাৰিয়ানা ভৱনত অনুষ্ঠিত হয়। অখিল ভাৰতীয় কেন্দ্ৰীয় মহামন্ত্ৰী মিলিন্দ পানান্দেৰ উপস্থিতিত বিশ্ব হিন্দু পৰিষদৰ আগন্তুক প্ৰতিষ্ঠা দিৱসৰ ওপৰত বিস্তৃত আলোচনা কৰে।বিশেষকৈ প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি আৰু পৰিকল্পনা সম্পৰ্কত আলোচনা কৰাৰ লগতে বাৰ্ষিক কাৰ্যক্ৰমৰ ওপৰতো বিশদ আলোচনা কৰে। এই ক্ষেত্ৰত পৰিষদ তথা পৰিষদৰ অন্তৰ্গত ভাতৃ-ভগ্নী সংগঠনসমূহৰ ভূমিকা আৰু কৰণীয়ৰ ওপৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰে মহামন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে অহা বৰ্ষত ৬০ বছৰ পূৰ্ণ কৰিব বিশ্ব হিন্দু পৰিষদে। আজিৰ যোজনা বৈঠকত ক্ষেত্ৰীয় সংগঠন মন্ত্ৰী দীনেশ তিৱাৰী, ক্ষেত্ৰীয় সম্পৰ্ক প্ৰমুখ পল্লব পৰাশৰ, ক্ষেত্ৰীয় মাতৃ শক্তিপ্ৰমুখ তাৰাৱতি দেৱী, প্ৰান্তীয় সংগঠন মন্ত্ৰী হৰসিং টেৰণ, সম্পাদক ব্ৰজজ্যোতি শৰ্মাৰ উপৰি জিলা সমিতিৰ বিষয়ববীয়া আৰু দুৰ্গা বাহিনী আৰু বজৰং দলৰ প্ৰতিনিধিও উপস্থিত থাকে বুলি প্ৰচাৰ প্ৰমুখ নৰেন ৰয়ে জানিবলৈ দিছে।

প্ৰেৰক বিভাষ দাস

You might also like