সাগৰতলিত অক্টোপাছ নাৰ্ছাৰীৰ সন্ধান লাভ বিজ্ঞানীৰ
বিশেষ বাৰ্তা, ৩ জুলাই : ক’ষ্টাৰিকা উপকূলৰ ওচৰত প্ৰশান্ত মহাসাগৰৰ প্ৰায় দুমাইল গভীৰতাত সাগৰীয় বিজ্ঞানীসকলে পূৰ্বতে আৱিষ্কাৰ নোহোৱা এখন অক্টোপাছ নাৰ্ছাৰী উদ্ধাৰ কৰিছে। এই তথ্য প্ৰকাশ পাইছে হাফিংটন পোষ্টত। গৱেষকসকলৰ উদ্ধৃতি দি কোৱা হৈছে যে এই উল্লেখযোগ্য আৱিষ্কাৰে চাৰিওফালৰ অঞ্চলৰ বাবে বৰ্ধিত সুৰক্ষা ব্যৱস্থাত অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে। চলিত মাহৰ আৰম্ভণিতে ২০জনীয়া বিজ্ঞানীৰ এটা দলে তিনি সপ্তাহজোৰা অভিযানৰ সময়ত এই অক্টোপাছ নাৰ্ছাৰীৰ সন্ধান লাভ কৰে। এই আৱিষ্কাৰ কিমান তাৎপৰ্যপূৰ্ণ সেই বিষয়ে বৰ্ণনা কৰি শ্বমিট অ’চেন ইনষ্টিটিউটৰ কাৰ্যবাহী সঞ্চালক ডাঃ জ্যোতিকা বিৰ্মানীয়ে কয় যে কোষ্টাৰিকান সমুদ্ৰপৃষ্ঠৰ ২৮০০ মিটাৰ গভীৰতাত এখন নতুন সক্ৰিয় অক্টোপাছ নাৰ্ছাৰীৰ আৱিষ্কাৰে প্ৰমাণ কৰে যে সাগৰৰ বিষয়ে এতিয়াও বহুখিনি শিকিবলগীয়া আছে। আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ দলটোৱে গৱেষণাৰ বাবে নিৰ্মিত বিশেষ জলযান “ফেলক’ৰ”ত সাগৰৰ গভীৰতালৈ গৈছিল। যাত্ৰাপথত তেওঁলোকে ‘ড’ৰাডো আউটক্ৰ’প’ নামৰ এক বিশেষ শিলৰ ঠাই দেখে। যিখিনি ঠাইত ২০১৩ চনত বিজ্ঞানীসকলে অক্টোপাছৰ কণী দেখিছিল। বিজ্ঞানীসকলে এনে দৃশ্য আগতে কেতিয়াও দেখা নাই। কিন্তু সেই সময়ত সকলো স্পষ্ট নাছিল। অক্টোপাছৰ প্ৰজননৰ বাবে এই অঞ্চলটো উপযোগী হয় নে নহয়, তাক লৈ প্ৰশ্নবোধকৰ সৃষ্টি হৈছিল। কাৰণ গভীৰ সাগৰৰ অক্টোপাছে শীতল পৰিৱেশ পছন্দ কৰে। কিন্তু সাগৰৰ সেই অংশত উষ্ণতা তুলনামূলকভাৱে বেছি। শেহতীয়া অভিযানত বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে ‘ড’ৰাডো আউটক্ৰ’প’ অক্টোপাছৰ সক্ৰিয় নাৰ্ছাৰী। অক্টোপাছৰ জন্মও পৰ্যবেক্ষণ কৰে। বিজ্ঞানীসকলে কয় যে ইয়াৰ অক্টোপাছৰ পৰিয়ালটো মূলতঃ মুছ’কট’পাছ প্ৰজাতিৰ। ইহঁতৰ আকাৰ সৰুৰ পৰা মধ্যমীয়া।