নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰয়াত বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰ বাসগৃহত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ শিৱসাগৰত উপস্থিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। অসম বিধানসভাৰ সদ্যপ্ৰয়াত প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পৰিয়ালৰ লোকক সমবেদনা জনাবলৈ উপস্থিত তৰুণ গগৈ। প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ সৈতে অতিবাহিত কৰা সময়ৰ ৰোমন্থন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। ২০০১ চনৰ পৰা মৃত্যু পৰ্যন্ত প্ৰণৱ গগৈয়ে প্ৰতিটো দিশতে সহযোগিতা আগবঢ়াইছিল তৰুণ গগৈক। বিশ্ববিদ্যালয়ৰ সহপাঠী তথা ৰাজনৈতিক জীৱনৰ ঘনিষ্ঠ বন্ধুক হেৰুৱাই মৰ্মাহত হৈছে প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকী। প্ৰণৱ গগৈৰ মৃত্যু অসমৰ সমাজ আৰু ৰাজনীতিৰ বাবে পূৰণ কৰিব নোৱাৰা ক্ষতি এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

You might also like