ব্যৱসায়িক সফলতাকে মূল উদ্দেশ্য কৰি চলি থকা অসমৰ ভ্রাম্যমাণ থিয়েটাৰে এটা সন্মানীয় স্থান অধিকাৰ কৰাৰ কাৰণ হ’ল– সর্বসাধাৰণ লোকৰ বাবে ঘৰৰ পদূলিত আগবঢ়োৱা বিনোদনৰ সম্ভাৰ৷ অতীতৰ ভ্রাম্যমাণ থিয়েটাৰৰ লগত জডিত আছিল কিছু সামাজিক কাম আৰু কিছু নাটক–ভিনয় চর্চা৷ বর্তমানৰ সময়ছোৱাত এই থিয়েটাৰৰ নাটকৰ দিশটোৱে ধাৰণ কৰা ৰূপটোত নাটকখন গৈ এক প্রদর্শনৰ দৰেহে হৈছে, যি প্রদর্শনৰ বাবে হিন্দী আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ উপাদান আৰু নন্দনতত্ত্ব ধাৰ কৰা হৈছে৷ বিদেশৰ পানশালাত ব্যৱহাৰ কৰা পোল ডেঞ্চৰ প্রয়োগো ভ্রাম্যমাণৰ মঞ্চত দেখা গৈছে৷ অতীতত একেই মঞ্চতে সংস্কৃত নাটকৰ অনুবাদ, শ্বেইক্সপীয়েৰৰ নাটৰ অনুবাদো মঞ্চস্থ হৈ গৈছিল৷ ভ্রাম্যমাণৰ ইতিহাস চালে দেখা যাব যে এই থিয়েটাৰে ভালেমান মৌলিক নাটকৰ ৰচনা আৰু প্রসাৰত আগভাগ লৈছিল৷ উল্লেখ্য, অসমীয়া সাহিত্যৰ নাট্যৰূপো ভ্রাম্যমাণে প্রচাৰ কৰিছিল৷ কিন্তু হঠাতে এই পৰম্পৰাৰ প্রবাহ বন্ধ হৈ গ’ল আৰু নাটকৰ চৰিত্র আৰু ৰূপ সলনি হৈ গ’ল৷ এফালে নামী অভিনেতাৰ বোজা আৰু আনফালে চিনেমাৰ পৰা নকল কৰা নাটক– এই দুই উপাদানে ভ্রাম্যমাণ থিয়েটাৰৰ চৰিত্র সলনি কৰি দিলে৷ বহু টকাৰ মাননিৰে আমদানি কৰি নিয়া অভিনেতা–ভিনেত্রী আৰু নতুন মচলাৰ নাটকৰ বাবে প্রযোজনা ব্যয় বৃদ্ধি পাবলৈ ল’লে৷ কিন্তু দর্শকৰ পৰা কোনো অসন্তুষ্টি নাছিল, বৰং ৰূপালী পর্দা বা সৰু পর্দা বা ভিচিডিৰ অভিনেতা–অভিনেত্রীক ওচৰৰ পৰা চাবলৈ পোৱাৰ সুখে ভ্রাম্যমাণ থিয়েটাৰৰ বর্ধিত প্রৱেশ মূল্যত কোনো আপত্তি কৰা নাছিল৷ দর্শকৰ সেই অবিচল সমর্থনত ভ্রাম্যমাণ থিয়েটাৰে এনেদৰে আগবাঢ়িল যে এতিয়া পুৰণি পথলৈ উভতি অহাৰ কথা ভাবিছে৷ পুৰণি পথ মানে কম বিনিয়োগৰ পথ৷ ভ্রাম্যমাণ থিয়েটাৰৰ কিছু সজাগ দর্শক আছে, যিসকলে যথেষ্ট দায়িত্বসহকাৰে ভুল কথাৰ আপত্তি কৰি আছে বাবেই সংস্কৃতিবিৰোধী কিছু কাম কৰাৰ পৰা ভ্রাম্যমাণ থিয়েটাৰ বিৰত আছে বা থাকিবলৈ বাধ্য হৈছে৷
কিন্তু ভ্রাম্যমাণ থিয়েটাৰৰ দৰে এটা সম্পূর্ণ ব্যৱসায়িক কামক মানূহে গুৰুত্বসহকাৰে লোৱাৰ কাৰণ হৈছে ই জীৱন্ত কলাৰ প্রদর্শন কৰে আৰু ৰাইজৰ পদূলিত উপস্থিত হয়গৈ৷ নৃত্য–গীত আদি চর্চা কৰা মানুহৰ প্রতিও অসমীয়া মানুহৰ এটা স্বাভাৱিক আকর্ষণ আছে৷ এই সকলোবোৰৰ সংমিশ্রণে ভ্রাম্যমাণ থিয়েটাৰক অইন ব্যৱসায়িক উদ্যোগৰ পৰা নিলগাই ৰাখিছিল৷ এইবাবেই ৰাইজৰ প্রতি ভ্রাম্যমাণ থিয়েটাৰৰ দায়িত্ব আছিল, বিশেষকৈ কলাগত দিশৰ মান আৰু গৰিমা ৰক্ষাৰ বাবে থিয়েটাৰ দলবোৰ সজাগ হোৱাটো উচিত আছিল৷ ৰূপকোঁৱৰ জ্যোতিপ্রসাদৰ নাটকক নিজ খুচিমতে অদল–বদল কৰা কার্যই কিছুসংখ্যক ৰুচিৱান দর্শকক পীডা দিছে, কিন্তু সংশ্লিষ্ট নাট্যদলৰ লোকে পীডা অনুভৱ কৰা নাই৷ সংস্কৃতিৰ প্রতি ভ্রাম্যমাণ কিমান দায়বদ্ধ, তাৰ প্রমাণ ইয়াতে প্রকাশ পায়৷ এতিয়া প্রযোজনা ব্যয় সংকোচন কৰাৰ স্বার্থত প্রযোজকসকলে কিছুমান নীতি নির্ধাৰণ কৰিছে আৰু সেই নীতি মনা–নমনাৰ আঁত ধৰি প্রযোজকসকল দুটা দলত বিভক্ত হৈছে৷ এচামে তাৰকা অভিনেতাৰ বানচ কমোৱা পক্ষত, আন কেইটামান দল তাৰ বিপক্ষত৷ ভ্রাম্যমাণ থিয়েটাৰ তাৰকানির্ভৰ হৈ পৰাৰ লগে লগেই নাটকৰ মান কমি আহিছিল৷ তাৰকাৰ নামৰ ওপৰত থিয়েটাৰ চলিলে সেই তাৰকাক জীৱনতকৈ ডাঙৰ ইমেজ দিবলৈ দক্ষিণ ভাৰতীয় চিনেমাৰ বিকল্প নাই৷ তাৰকা অবিহনে এটা নাট্যদল চলাই থাকিব পাৰিব নে নোৱাৰে সেই কথাটোও সন্দেহজনক৷ অসমীয়া চিনেমাত বিগ বাজেটৰ চিনেমাই দিয়া সফলতাই দুখীয়া প্রযোজকসকলৰ বাবে বিপদ শংকা কঢ়িয়াই অনাৰ দৰে ভ্রাম্যমাণ থিয়েটাৰকো ব্যয় সংকোচনৰ ভূতে আক্রমণ কৰিছে৷ ভ্রাম্যমাণ থিয়েটাৰ এবিধ ‘শ্বো’ বিজনেছ৷ দর্শক এবাৰ এই ‘শ্বো’ৰ মোহত পৰাৰ পাছত প্রদর্শন জাকজমক নথকা নাটকৰ মাজলৈ যাব বুলি ভাবিব নোৱাৰি৷ এই আলি–দোমোজাত উপস্থিত হোৱা ভ্রাম্যমাণ থিয়েটাৰে এই সময়তে নিজৰ অস্তিত্বৰ বাবেই যথেষ্ট চিন্তা আৰু বুদ্ধিৰ পৰিচয় দিব লাগিব৷