নিয়মীয়া বাৰ্তা, ৬ জুলাই : মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বালিডোংগাত আৰম্ভ হৈছে আই পি এলৰ দৰে বি পি এল ক্ৰিকেট প্ৰতিযোগিতা। বালিডোংগা প্ৰিমিয়াৰ লীগৰ কালি সন্ধিয়া জাকজমকতাৰে শুভাৰম্ভ কৰা হয়। বালিডোংগা প্ৰিমিয়াৰ লীগ (বি পি এল)ৰ সভাপতি তথা এইচ এ বি ইণ্ডাষ্টিৰ স্বত্বাধিকাৰী ৰফিকুল ইছলামে আনুষ্ঠানিকভাৱে ক্ৰিকেট প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে জনপ্ৰিয় ইউটিউবাৰ ৰাব্বানী চয়মক সম্বৰ্ধনা জনোৱা হয়।শুভাৰম্ভ অনুষ্ঠানত জনপ্ৰিয় গায়ক-গায়িকাই গীত পৰিৱেশন কৰাৰ লগতে নৃত্য প্ৰদৰ্শন কৰা হয়। এইবাৰ বালিডোংগা প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতাত মুঠ ১০ দলে অংশগ্ৰহণ কৰিছে। বি পি এলত সম্পূৰ্ণৰূপে আই পি এলৰ ফৰমেট মতেই খেলসমূহ অনুষ্ঠিত হব বুলি বি পি এলৰ সভাপতি ৰফিকুল ইছলামে জানিবলৈ দিয়ে। বান-খহনীয়াই বিধ্বস্ত কৰা বালিডোংগাৰ দৰে অঞ্চলত এইদৰে ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হোৱাত উপস্থিত শ শ ক্ৰিকেট অনুৰাগীয়ে এইচ এ বি ইণ্ডাষ্টিৰ স্বত্বাধিকাৰী ৰফিকুল ইছলামৰ শলাগ লয়।
প্ৰেৰক আবুল কালাম