নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা এলেকাত গধুৰ যান-বাহন ৰখোৱাত নিষেধাজ্ঞা

বিশেষ বাৰ্তা, ১০ জুলাইঃ গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যানবাহন বিশেষকৈ ট্ৰাকসমূহ ৰখাই থোৱাৰ ফলত সৃষ্টি হোৱা অবাঞ্চিত যান-জঁট, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নটা এনিমেল ক’ৰিডৰত হ’ব পৰা অপ্ৰয়োজনীয় জনসমাগম, জীৱ-জন্তুৰ সম্ভাব্য ক্ষয়-ক্ষতি, বাৰিষাৰ বতৰত জীৱ-জন্তুৰ সুৰক্ষা সুনিশ্চিত কৰা, বন্যপ্ৰাণীসমূহে ওখ স্থানলৈ যোৱাত যাতে বাধাৰ সৃষ্টি নহয় আৰু সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি হালধিবাৰীৰ পৰা অগৰাতলীলৈকে সুৰক্ষিত এনিমেল ক’ৰিডৰ পানবাৰী আৰু হালধিবাৰীকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যানবাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গোলাঘাটৰ জিলা দণ্ডাধীশ ডাঃ পি উদয় প্ৰবীণে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কাৰিকৰী বিজুতিৰ বাহিৰে অন্য কাৰণত কোনো ধৰণৰ গধুৰ যানবাহন পাৰ্কিং কৰিব নোৱাৰিব। সুৰক্ষিত এনিমেল ক’ৰিডৰসমূহত জনসমাগমৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলাখনৰ এনিমেল ক’ৰিডৰ এলেকাসমূহত নিশা অতি উজ্জ্বল লাইটৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। এনিমেল ক’ৰিডৰ অথবা ইয়াৰ দাঁতিকাষৰীয়া এলেকাসমূহত মিউজিক ছিষ্টেমত উচ্চ স্বৰত শব্দ অথবা সংগীত বজোৱা আৰু উচ্চ স্বৰত হৰ্ণ বজোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তৎকালীনভাৱে বলৱৎ হোৱাকৈ এইসমূহ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিৰ্দেশসমূহ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।
প্ৰেৰক দিগন্ত কুমাৰ বৰা
You might also like