নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰবৈৰীৰ দেশত হকীৰ মেচ খেলিব ভাৰতে!

বিশেষ বাৰ্তা, ১২ জুলাইঃ এছিয়া কাপ খেলিবলৈ ৰোহিত বাহিনীক পাকিস্তানলৈ নপঠিওৱাৰ সিদ্ধান্তত অটল হৈ থাকিল ভাৰতীয় ক্রিকেট ব’ৰ্ড৷ অনুৰূপ অৱস্থান গ্রহণ কৰিলে ভাৰতীয় দলক পেৰিছ অলিম্পিকত দেখা নাযাবও পাৰে৷ কাৰণ আগন্তুক অলিম্পিকৰ যোগ্যতা অর্জন পর্বৰ প্রতিযোগিতা অনুষ্ঠিত হ’ব পাকিস্তানত৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউঞ্চিলে পাকিস্তানৰ মাটিত আন্তর্জাতিক মেচ আয়োজনৰ অনুমতি দিয়াৰ নিচিনাকৈ এইবাৰ আন্তর্জাতিক হকী ফেডাৰেচনেও অলিম্পিক হকীৰ যোগ্যতা অর্জনৰ প্রতিযোগিতা আয়োজনৰ দায়িত্ব দিছে পাকিস্তানক৷ ১৯ বছৰ পিছত পাকিস্তানৰ মাটিত আয়োজিত হ’ব বিশ্ব পর্যায়ৰ কোনো হকী প্রতিযোগিতা৷ আসন্ন এছিয়ান গেমছত ভাৰতে হকীত স্বর্ণ জয় কৰিব পাৰিলে পোনপটীয়াকৈ ২০২৪ৰ পেৰিছ অলিম্পিকত খেলাৰ যোগ্যতা অর্জন কৰিব৷ অন্যথা পাকিস্তানৰ মাটিত গৈ খেলিব লাগিব যোগ্যতা অর্জন প্রতিযোগিতাত৷

You might also like