নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেখক হিতেশ কলিতাৰ ‘ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ অনিৰুদ্ধ যাত্রাৰ দুটা বছৰ’ শীর্ষক গ্রন্থ উন্মোচন

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাই : ‘অধিকাংশ ৰাজনৈতিক নেতাই আচল কর্মভূমি আৰু সৃষ্টিশীলতাৰ ক্ষেত্রত নেতৃত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷ লেখক হিতেশ কলিতাই বিগত দুটা বছৰৰ অসম চৰকাৰৰ কার্যকলাপ বিশ্লেষণ কৰাটো সঁচাকৈয়ে এক প্রশংসনীয় পদক্ষেপ ৷’- গুৱাহাটী প্রেছ ক্লাবত আজি আয়োজিত এক অনুষ্ঠানত তৰুণ প্রজন্মৰ প্রতিশ্রুতিসম্পন্ন লেখক হিতেশ কলিতাৰ ‘ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ অনিৰুদ্ধ যাত্রাৰ দুটা বছৰ’ শীর্ষক গ্রন্থখন উন্মোচন কৰি এনেদৰে মন্তব্য আগবঢ়ায় বিশিষ্ট সাংবাদিক তথা ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই৷ লেখক কলিতাৰ ৰচনাৰাজিৰ শলাগ লয় বিশিষ্ট সাংবাদিক কলিতাই ৷ তেওঁ কয়– কলিতাৰ লেখাবোৰ সাংঘাটিত স্পষ্ট তথ্যসমৃদ্ধ ৷ লেখাসমূহ একধৰণৰ বিচিত্রতাৰে সমৃদ্ধ ৷ অসম চৰকাৰৰ দুবছৰীয়া কার্যকলাপক বিশ্লেষণ কৰি লেখকে প্রণয়ন কৰা গ্রন্থখনে পঢ়ুৱৈসকলক বহু কথা জনাৰ সুযোগ প্রদান কৰিব ৷ নিজৰ ভাষণত বিশিষ্ট সাংবাদিক কলিতাই অসমৰ শেহতীয়া ৰাজনৈতিক পটভূমিৰ ওপৰতো চমু ব্যাখ্যা আগবঢ়ায় ৷ তেওঁ কয়– অসম আন্দোলনৰ পৰা বহু ধৰণৰ আন্দোলন আমি দেখিলোঁ ৷ ৰাজপথৰ আন্দোলন, টায়াৰ জ্বলোৱা, অসম বন্ধ দিয়া আদিকে ধৰি বিভিন্ন কার্যসূচী বহু সময়ত লোৱা হ’ল ৷ কিন্তু অসমৰ একো উন্নতি আজিলৈ হোৱা নাই ৷ অসমত কর্মমুখী আন্দোলনৰ প্রয়োজন হৈছে ৷ গ্রন্থখনে পঢ়ুৱৈক এই সন্দর্ভতো অকণমান আভাস দিব ৷ অনুষ্ঠানটোত এনে ধৰণৰ গ্রন্থ ছপা কৰাৰ দায়িত্ব লোৱা প্রকাশক গোষ্ঠী বনলতাক প্রশংসা কৰে বিশিষ্ট সাংবাদিক কলিতাই ৷ তেওঁ কয় যে এনে বিষয়ত গ্রন্থ প্রকাশ কৰাৰ দায়িত্ব অসমৰ বেছিভাগ প্রকাশন গোষ্ঠীয়ে নলয়৷ কিন্তু বনলতাই এই পদক্ষেপ লৈছে৷ যাৰ বাবে অন্তৰেৰে প্রকাশন গোষ্ঠীটোক শলাগ লৈছোঁ ৷ লীলাধৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানটোত অংশ লৈ দৈনিক জনমভূমি কাকতৰ উপ-সম্পাদক কিশোৰ গোস্বামীয়ে গ্রন্থখনৰ জৰিয়তে বহু কথা পঢ়ুৱৈয়ে জানিবলৈ সক্ষম হ’ব বুলি মত প্রকাশ কৰাৰ লগতে লেখক গৌতম বৰুৱাই চৰকাৰখনৰ বিভিন্ন কাম–কাজৰ বিষয়ে সাধাৰণ ৰাইজে গ্রন্থখনৰ জৰিয়তে জানিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে৷ অনুষ্ঠানটোত গ্রন্থখনৰ প্রণেতা হিতেশ কলিতাই গ্রন্থখনৰ প্রস্তুতি সন্দর্ভত কিছু কথা কয়৷ তেওঁ কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিগত দুটা বছৰৰ বিভিন্ন কাম–কাজ, আঁচনি আদি বিশ্লেষণাত্মক দৃষ্টিৰে বিচাৰ কৰাৰ প্রয়াস কৰিছোঁ ৷ চৰকাৰখনে যোৱা দুটা বর্ষত বিভিন্ন সময়ত ঘোষণা কৰা গুৰুত্বপূর্ণ প্রতিশ্রুতি, আঁচনি আৰু কিছুমান গুৰুত্বপূর্ণ কার্যৰ সময়ানুক্রমো গ্রন্থখনত সন্নিৱিষ্ট কৰা হৈছে ৷ উল্লেখ্য যে কামৰূপ গ্রাম্য জিলাৰ ছয়গাঁৱত জন্মগ্রহণ কৰা লেখক হিতেশ কলিতাই সুদীর্ঘ এটা দশক ধৰি আমেৰিকা যুক্তৰাষ্ট্রত ছফটৱেৰ অভিযন্তা হিচাপে কর্মৰত হৈ আছিল৷ শেহতীয়াকৈ অসমলৈ স্থায়ীভাৱে প্রত্যাৱর্তন কৰি বিভিন্ন কাকত–আলোচনীত লিখা–মেলা কার্যত ব্রতী হৈ আছে কলিতা ৷ আজি অনুষ্ঠানটোত বনলতা প্রকাশনৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকা উপস্থিত থাকে ৷

You might also like