🔴 কইনা অবিহনে উভতিল বৰপেটাৰ দৰা
নিয়মীয়া বাৰ্তা, ১৬ জুলাই : কামৰূপৰ বকোত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন চৰকাৰী বিষয়াৰ হেমাহিৰ বাবে নহ’ল এখন বিবাহ। বিবাহ কৰোৱাৰ উদ্যেশ্যে বৰপেটাৰ পৰা আহি কইনা নিনিয়াকৈয়েই উভতিল বৰপেটাৰ বৰযাত্ৰী। খবৰ অনুসৰি বকোৰ টেপছিয়াৰ এগৰাকী ছোৱালীৰ সৈতে বৰপেটাৰ এজন যুৱকৰ বিবাহৰ যো-জা চলাই বকোস্থিত উপ-পঞ্জীয়ক আৰু বিবাহ বিষয়াৰ কাৰ্যালয়ত বিবাহখন পঞ্জীয়ন কৰাৰ বাবে তিনি মাহ আগতে অনলাইনযোগে তাৰিখ লৈছিল। সেইমৰ্মে অনলাইনত লোৱা তাৰিখ অনুসৰি শনিবাৰে দিনৰ ১১ বজাত বৰযাত্ৰী আৰু কইনাৰ পৰিয়ালৰ লোকসকল বকোস্থিত উপ-পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হৈছিল। কইনা ঘৰৰ আৰ্থিক দীনতাৰ বাবে অনুষ্টুপীয়াকৈ পঞ্জীয়কৰ কাৰ্যালয়ত আয়োজন কৰা হৈছিল বিবাহখন।দুয়োটি পৰিয়ালৰ বিবাহৰ আনন্দ-উল্লাসৰ মাজতে হঠাৎ দুয়োপক্ষলৈ আহিল বেয়া খবৰ। তাৎপৰ্য্যৰ বিষয় যে বিবাহৰ পঞ্জীয়নৰ তাৰিখ দিয়াৰ পিছতো শনিবাৰে বকোস্থিত উপ-পঞ্জীয়ক আৰু বিবাহ বিষয়াৰ কাৰ্যালয়ৰ পঞ্জীয়ক অমিত হাড়ী উপস্থিত নহ’ল কাৰ্যালয়ত। উল্লেখ্য যে কোনো ছুটী নাইবা কোনো নীতি-নিয়ম পালন নকৰাকৈ কাৰ্যালয়ত উপস্থিত নহ’ল কাৰ্যালয়ৰ বিষয়া তথা পঞ্জীয়ক অমিত হাড়ী। পঞ্জীয়ক অমিত হাড়ীৰ অনুপস্থিতিৰ বাবে বকোৰ টেপছিয়াৰ কইনা আৰু বৰপেটাৰ দৰাৰ মাজত সম্পন্ন নহল বিবাহ । প্ৰাপ্ত তথ্য মতে, কইনা ঘৰত দৰাপক্ষক আপ্যায়নৰ বাবে ভোজৰ আয়োজন কৰা হৈছিল যদিও সকলোতে লাগে অথন্তৰ। এজন চৰকাৰী বিষয়াৰ কাণ্ডজ্ঞানহীনতাৰ বাবে বিবাহ সম্পন্ন নোহোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কি কাৰণত পঞ্জীয়ক অমিত হাড়ীয়ে কোনো চৰকাৰী ছুটী নোলোৱাকৈ কাৰ্যালয়ত উপস্থিত নহ’ল, তাৰ এক তদন্তৰ লগতে কাণ্ডজ্ঞানহীন এনেকুৱা চৰকাৰী বিষয়াক ৰাজ্য চৰকাৰক নাকী লগাবলৈ দাবী জনায়।
প্ৰেৰক প্ৰীতম বায়ন