🔴 শিৱসাগৰত কালৰূপ ধাৰণ কৰা দিখৌৰ বানে খহালে মঠাদাঙ শালমৰীয়া সুৰক্ষা পথ
🔴 উদ্ধাৰ অভিযান এছ ডি আৰ এফৰ
নিয়মীয়া বাৰ্তা, ১৬ জুলাই : শিৱসাগৰ জিলাৰ মাজেদি পাৰ হৈ যোৱা খৰস্ৰোতা দিখৌ নদীয়ে হৰ্ঠাতে আজি পুৱাৰে পৰা কালৰূপ ধাৰণ কৰি জিলাখনৰ বিভিন্ন অঞ্চল প্লাৱিত কৰে ৷ নাগালেণ্ডত অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবেই কালৰূপ ধাৰণ কৰা দিখৌৰ বলিয়া বানে সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মঠাদাং শালমৰীয়া অঞ্চলত জলপ্ৰলয়ৰ সৃষ্টি কৰে ৷ পুৱতি নিশাৰ পৰা হৰ্ঠাত ৰূদ্ৰৰূপ ধাৰণ কৰা দিখৌ নদীৰ পানীয়ে মাত্ৰ ৪ টা ঘন্টাৰ ভিতৰতেই বিপদ সীমা অতিক্ৰম কৰি মঠাদাং শালমৰীয়া অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আকস্মিকভাৱে বৃদ্ধি পোৱা দিখৌ নদীৰ পানীয়ে শালমৰীয়া গাঁৱলৈ চহৰৰ দিশৰ পৰা সংযোগী মূল সুৰক্ষা পথটো খহাই নিয়াৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পুৱা প্ৰায় ৮ বজাত উক্ত সুৰক্ষা পথ পানীয়ে প্ৰথমতে বুৰাই পেলোৱাৰ পিছতেই প্ৰায় ৫০ মিটাৰ অংশৰ এলেকা খহাই গাঁৱৰ দিশে পানী প্ৰৱেশ কৰে ৷ প্ৰথম অৱস্থাত স্থানীয় ৰাইজে নিজা সন্মিলিত প্ৰচেষ্টাৰে প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় ৷ অৱশ্যে ইয়াৰ মাজতো একাংশ গাঁওবাসীয়ে বাহৰ গোঁজ আদিৰে প্ৰতিৰোধৰ চেষ্টা চলাই আছে যদিও পানী অহৰহ সোমায়েই আছে ৷ ইফালে ঘন বসতিপূৰ্ণ কৈৱৰ্ত সম্প্ৰদায়ৰ গাঁওখনত বাঢ়নী পানী প্ৰৱেশ কৰাৰ পিছতেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বাতৰি লিখা পৰলৈকে মঠাদাং শালমৰীয়া অঞ্চলটোৰ লগতে এখন প্ৰাথমিক বিদ্যালয়, এটা নামঘৰৰ উপৰি শতাধিক পৰিয়াল প্লাৱিত হোৱাৰ লগতে সমীপৰ শেনচোৱা গাঁও, কোঁৱৰপুৰ গাঁৱৰ শ শ পৰিয়ালৰ বাসগৃহ পানীত ডুব যোৱাৰ উপক্ৰম ঘটিছে ৷ ঘটনাৰ খবৰ পায়েই জিলা প্ৰশাসনৰ হৈ দণ্ডাধীশ সমজ্জুল বৰাৰ নেতৃত্বত দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া পাৰ্থ গগৈসহ এটা বৃহত দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে ৷ আনহাতে, বিপদসীমাৰ এক মিটাৰ ওপৰেৰে বৈ থকা দিখৌৰ বলিয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা অঞ্চলটোৱেই হৈছে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ৯ আৰু ১০ নং ৱাৰ্ডৰ ফুকন নগৰ চলেগাঁও অঞ্চল ৷ বৃহত্তৰ চলেগাঁও অঞ্চলৰ তিনি শতাধিক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ লগতে এটা অংগনবাড়ী কেন্দ্ৰ, তিনিটা নামঘৰ, শিৱ মন্দিৰ পানীত ডুব গৈছে ৷ বলিয়া বানত এক জটিল পৰিস্থিতিৰ মাজত সোমাই পৰা ৰাইজক উদ্ধাৰৰ বাবে দণ্ডাধীশ সমজ্জুল বৰাৰ নেতৃত্বত এছ ডি আৰ এফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছে ৷ ফুকন নগৰ শ্মশানৰো এটা অংশ পানীত বুৰ যোৱাৰ লগতে ৯ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত বঙালীপট্টী, ঔটেঙাবাৰী, আমোলাপট্টীৰ দিখৌ পাৰৰ শ শ পৰিয়ালৰ বাসগৃহ পানীত বুৰ গৈছে ৷ আনহাতে দিখৌ নদীৰ পাৰে পাৰে থকা হাতীখোক, আমগুৰি ঘাট, আমগুৰি গাঁও, মেটেকা দিহিং থান পথ, কুৰুলাকটীয়া, বিৰিঙানি চুক, বগী দল পাঁচআলি, সিংদুৱাৰ নৈ কিনাৰ অঞ্চলকে ধৰি অৰ্ধশতাধিক নৈপৰীয়া গাঁৱৰ সহস্ৰাধিক পৰিয়াল এই বানত আক্ৰান্ত হৈছে ৷ জিলা উপায়ুক্ত আদিত্য বিক্ৰম দাসৰ নেতৃত্বত শীৰ্ষস্থানীয় প্ৰশাসনিক বিষয়াৰ দলে আক্ৰান্তৰ মাজত উপস্থিত হৈ সাহায্য-উদ্ধাৰ অভিযানৰ তদাৰক কৰে। বাতৰি লিখা পৰলৈকে বিপদসীমাৰ এক মিটাৰৰ ওপৰেৰে বৈ থকা দিখৌ নদী প্ৰতি ঘন্টাত ৪ চেন্টিমিটাৰকৈ বৃদ্ধি পাই থকা বুলি জলসম্পদ বিভাগৰ এক সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ ইফালে, বানত বাসগৃহসমূহ ডুব যোৱা পৰিয়ালসমূহে ঘৰৰ মূল্যৱান সা-সামগ্ৰীসহ মথাউৰিৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান