নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উষ্ণতাই দহিছে ইউৰোপক

প্রচণ্ড তাপপ্রবাহে দহিছে ইউৰোপ ৷ শেহতীয়াকৈ দক্ষিণ ইউৰোপৰ বিভিন্ন দেশত উষ্ণতা ৪৮ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি পাইছে ৷ ইটালী, স্পেইন, গ্রীচ আদি দেশৰ বিভিন্ন চহৰত জাৰি কৰা হৈছে জৰুৰী অৱস্থা ৷ ইটালীৰ স্বাস্থ্য মন্ত্রালয়ে ৰোম, ব’লোগ্না আৰু ফ্ল’ৰেঞ্চকে ধৰি ১৬খন চহৰত ৰেড এলার্ট জাৰি কৰিছে৷ দেশখনৰ চৰকাৰে সতর্কবাণী কৰা অনুসৰি, আগন্তুক এসপ্তাহতকৈ অধিককাল ধৰি এই তাপপ্রবাহ অব্যাহত থাকিব চহৰসমূহত ৷ ইটালিয়ান সংবাদ মাধ্যমে দাবী কৰা অনুসৰি, দেশখনৰ কেইবাখনো চহৰত পাৰাস্তম্ভ ৫০ ডিগ্রী চেণ্টিগ্রেডলৈ ঊর্ধ্বমুখী হোৱাৰ সম্ভাৱনা আছে ৷ ২০২১ চনত ইটালীৰ ছিচিলীত তাপমাত্রা ৪৮.৮ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি পাইছিল ৷ দেশখনত উষ্ণতাৰ সেয়া আছিল এক অভিলেখ ৷ কিন্তু চলিত গ্রীষ্মত সেই অভিলেখ ভংগ হ’বলৈ গৈ আছে কেইবাখনো চহৰত ৷ অকল ইটালীয়েই নহয়, দক্ষিণ ইউৰোপৰ গ্রীচ, তুৰস্ক আৰু বলকান ৰাষ্ট্রসমূহতো তাপদহনে জনজীৱনত প্রতিকূল প্রভাৱ পেলাইছে ৷ বিভিন্ন চহৰত স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰিছে এই তাপপ্রবাহে ৷ ইটালীৰ বতৰ বিজ্ঞানী আৰু জলবায়ু বিশেষজ্ঞ গিউলি’ বেট্টিয়ে উল্লেখ কৰা অনুসৰি, ইউৰোপৰ বিভিন্ন দেশত ক্রমান্বয়ে তাপপ্রবাহ বৃদ্ধি পাইছে ৷ পূর্বৰ জলবায়ু সলনি হৈছে সমগ্র ইউৰোপত ৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রভাৱত এই পৰিৱর্তন দেখিবলৈ পোৱা গৈছে বুলি বিশেষজ্ঞগৰাকীয়ে দাবী কৰিছে ৷ দেশখনৰ চহৰসমূহত এতিয়া ‘ছানবার্নিং’ স্বাভাৱিক ঘটনা হৈ পৰিছে ৷ অস্বাভাৱিক তাপমাত্রাৰ বাবে দিনৰ পোহৰত মানুহে মুকলিভাৱে চলাফুৰা কৰাটো কঠিন হৈ পৰিছে৷ দেশখনৰ চৰকাৰে ৰেড এলার্ট জাৰি কৰা চহৰসমূহত জনসাধাৰণক দিনৰ ভাগত ঘৰৰ ভিতৰত থকাৰ নির্দেশ দিছে ৷ অর্থাৎ ভয়াৱহ তাপপ্রবাহে এক অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশখনত ৷
একেই পৰিস্থিতিৰ সন্মুখীন হৈছে স্পেইনত ৷ দেশখনৰ কেনাৰী দ্বীপপুঞ্জত বনজুইৰ ফলত বহু লোকে ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছে ৷ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি, পৰহিৰ দিনটোত চাৰি সহস্রাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে প্রশাসনে ৷ লা পালমা অঞ্চলত বনজুয়ে গ্রাস কৰিছে ৪,৫০০ হেক্টৰ অঞ্চল ৷ এই বনজুইৰ ফলত তাপদহনৰ তীব্রতা বৃদ্ধি পাইছে ৷ ইফালে, প্রাকৃতিকভাৱে উষ্ণতা বৃদ্ধিয়ে জনসাধাৰণক জলাকলা খুৱাইছে ৷ আনফালে, ভূতৰ ওপৰত দানহ পৰাদি বনজুয়ে এইক্ষেত্রত ইন্ধন যোগাইছে ৷ ইউৰোপীয় সংঘৰ জলবায়ু পর্যবেক্ষক সংস্থা ক’পাৰনিকাছৰ মতে, বিগত জুন মাহত ইউৰোপজুৰি উষ্ণতাৰ অভিলেখ সৃষ্টি হৈছিল ৷ জুলাই মাহত দক্ষিণ ইউৰোপত উষ্ণতাই সর্বকালৰ অভিলেখ ভংগ কৰিবলৈ লৈছে ৷ দক্ষিণ ইউৰোপৰ কেইবাখনো দেশত এই ভয়াৱহ তাপদহনৰ বিপৰীতে কেইবাখনো দেশত প্রলয়ংকৰী বানে পৰিস্থিতি জটিল কৰি তুলিছে ৷ অর্থাৎ ইউৰোপজুৰি এতিয়া ভয়াৱহ প্রাকৃতিক বিপর্যয় চলি আছে ৷ একেই পৰিস্থিতিৰ সৃষ্টি হৈছে আমেৰিকাৰ কেইবাখনো প্রদেশত ৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ প্রতিকূল প্রভাৱ এই তাপদহন আৰু বান বুলি জলবায়ু বিজ্ঞানীসকলে স্পষ্ট কৰি দিছে ৷ কিন্তু ইয়াৰ পাছতো গোলকীয় উষ্ণতা বৃদ্ধিৰ মোকাবিলা কৰিবলৈ ইউৰোপীয় দেশসমূহে বিশেষ তৎপৰতা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ছুইডেনত জলবায়ু আন্দোলনৰ কর্মী গ্রেটা থুনবার্গে মাত্র কেইদিনমান পূর্বে অভিযোগ কৰিছিল যে ইউৰোপৰ কোনো এখন দেশেই পৃথিৱী গ্রহক মানুহৰ বসবাসৰ উপযুক্ত কৰি ৰখাৰ বাবে কাম কৰা নাই ৷ অর্থাৎ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ বিষয়টোক লৈ ইউৰোপৰ কোনো এখন দেশেই উদ্বিগ্ণ নহয় বুলি থুনবার্গে অভিযোগ কৰিছে ৷ প্রচণ্ড তাপদহনৰ মাজতো এই একেই বিষয়বোৰ চর্চালৈ আহিছে ৷ কিন্তু ইউৰোপীয় দেশসমূহে ইয়াৰ শিক্ষা কেতিয়া ল’ব, সেয়া সন্দেহৰ বিষয় ৷

You might also like