নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ পথাৰে পথাৰে শাওণৰ সৌন্দৰ্য

🔹 নাঙলৰ সীৰলুত সেউজীয়াৰ সপোন চহা অসমীয়াৰ

নিয়মীয়া বাৰ্তা, ২১ জুলাই : শাওণৰ পথাৰত কপালৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত সেউজীয়াৰ সপোন ৰচে চহা অসমীয়াই। সোণফলা মাটিত প্ৰাণ পোৱা মুঠি মুঠি কঠীয়াই সজীৱ কৰি তোলে জীয়াই থকাৰ আশা। উশাহ ল’বলৈ সময় নোহোৱা কৃষকৰ বাবে অতি ব্যস্ত সময় এয়া। শাওণ মানেই ব্যস্ততা। ৰ’দ আৰু বৰষুণত তিতি শুকাই দেহা ক’লা পৰি যোৱা মাহেই শাওণ। শাওণৰ আছে নিজস্ব সপোন, সোণোৱালী সপোন। যি সপোনে আনে আশাৰ বতৰা। শাওণৰ পথাৰত এতিয়া পঁইতাভাত আৰু তামোলৰ জুতি। এয়াই হৈছে শাওণ, যিয়ে চঞ্চল হাঁহিৰে নিভাঁজ কৰি তোলে চহা মানুহৰ মনবোৰ। ভৰ বাৰিষাৰ মাজত এতিয়া খেতিপথাৰত ব্যস্ত কৃষক-ৰোৱনীসকল । পথাৰত দুগুণে ব্যস্ত হৈ পৰিছে কৃষিজীৱী প্ৰতিজন চহা অসমীয়া। ৰাজ্যৰ প্ৰতিখন ঠাইৰ সমান্তৰালকৈ ঢকুৱাখনাৰ পথাৰতো ভূঁই ৰোৱাত ব্যস্ত কৃষক-ৰোৱনী। বছৰ বছৰ ধৰি কৃষি বিভাগৰ অভিলাষী আঁচনিৰ পৰা বঞ্চিত হৈও নিজৰ গাঁঠিৰ ধন ভাঙি কৃষিকাৰ্য্যত আত্মনিয়োগ কৰি আহিছে ঢকুৱাখনাৰ কৃষক ৰাইজে। বহুতো অসুবিধাৰ সন্মুখীন হৈও প্ৰকৃতিকেই শেষ সম্বল হিচাপে লৈ ভৰা শাওণৰ পথাৰত এতিয়া যুদ্ধকালীন প্ৰস্তুতি চলাইছে চহা গ্ৰাম্য কৃষকে। ৰ’দ-বৰষুণেও যেন এইবাৰ লগে-ভাগে সহযোগ কৰিছে ঢকুৱাখনাৰ কৃষকসকলক। ঢকুৱাখনাৰ পথাৰে পথাৰে এতিয়া দেখিবলৈ পোৱা গৈছে চহা খেতিয়ক পৰিয়ালৰ ব্যস্ততা। আহৰি নাই গাঁৱৰ ঘৰবোৰত। গৰুহাল লৈ পুৱাতে গৃহস্থই পথাৰত হাল বাই বোকা দিছে। জাক জাক ৰোৱনীয়ে পথাৰত আপোন পাহৰা হৈ ভূঁই ৰুইছে। একাঁঠু পানী আৰু বোকাৰ মাজত সোমাই সেউজীয়াৰ সপোন ৰচি আনন্দ-উল্লাসেৰে গাইছে গান। কোনোৱে যদি কঠীয়া তুলিছে, কোনোৱে দাঙিছে কঠীয়াৰ ভাৰ, কোনোৱে আলিপাৰ দিয়াৰ লগতে জাক জাক ৰোৱনীয়ে ৰ’দ-বৰষুণক আওকাণ কৰি হাঁহি-মাতি আনন্দেৰে ভূঁই ৰুই সেউজীয়া কৰিছে পথাৰ। কোনোবাজনীৰ মুখত যদি বিহুনামৰ কলি, আন কোনোবাই হাঁচতিত বান্ধি নিয়া তামোল উলিয়াই মুখত বোৱাইছে সেলেঙী। চঞ্চলা হাঁহি ৰং-ধেমালিৰ নানা কথাৰ মাজতেই পাৰ হয় পথাৰৰ সময়বোৰ, তাতেই যেন এওঁলোকে বিচাৰি পাই সুখৰ অনুভূতি, জীৱনৰ অন্য এক মাদকতা। সেউজীয়াৰেই সপোন ৰচি আনন্দ-উল্লাসেৰে গাইছে জীৱনৰ গান। শাওণৰ পথাৰত জীপাল হ’ব আশাবোৰ। ভাদ-আহিনত সঁজাল ধৰা ধাননিডৰাৰ দৰেই সঁজাল ধৰিব তেওঁলোকৰ সপোনবোৰ। ধানে পোখা মেলি সোণোৱালী বৰণেৰে আগুৱাই যোৱাৰ দৰেই পোখা মেলা আশাবোৰে ভৱিষ্যতৰ সপোন ৰচি অবিৰাম গতিত আগুৱাই যাব। মূৰৰ ঘাম মাটিত পেলাই চহ কৰা কেঁচা মাটিত সৃষ্টি হ’ব হাজাৰ বিজাৰ সোণোৱালী সপোন।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like