নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনিষ্টবলৰ পৰা এ এছ আইলৈ পদোন্নতি : ৬৪জনেৰে শীৰ্ষত যোৰহাট

বাৰ্তা ব্যুৰো, ২৩ জুলাই : আৰক্ষীৰো বহু ভাল দিশ আছে, ভাল কাম কৰি আছে, বহু ইতিবাচক খবৰ থাকে আৰক্ষীৰ। আৰক্ষীৰ তেনে এক ইতিবাচক খবৰৰ মাজৰ এটা হ’ল- অলপতে অসম আৰক্ষীৰ এক বিভাগীয় পৰীক্ষা হৈছিল। কনিষ্টবল ( জি ডি) ৰ পৰা সহকাৰী উপ-পৰিদৰ্শকলৈ পদোন্নতিৰ বাবে হৈছিল এই পৰীক্ষা। অসমত মুঠ ৭৫০জনে উত্তীৰ্ণ হৈ উপ-পৰিদৰ্শকলৈ পদোন্নতি লাভ কৰিলে। কালি পুৱা দহ বজাত ফলাফল ঘোষণা হোৱাৰ দিনাই আবেলিলৈ বহু জিলাত আৰক্ষী অধীক্ষকে তেওঁলোকক ষ্টাৰ আৰু টুপী পিন্ধাই সহকাৰী উপ-পৰিদৰ্শক হিচাপে স্বীকৃতি দিয়াৰ লগতে উৎসাহিত কৰে।

উল্লেখযোগ্য যে এই ফলাফলত অসমৰ ভিতৰত যোৰহাট জিলাই শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয়। যোৰহাট জিলাৰ পৰা ৬৪জন কনিষ্টবল সহকাৰী উপ- পৰিদৰ্শক হল। এই খবৰে যোৰহাটৰ আৰক্ষী মহলত উৎসাহ আৰু আনন্দৰ সৃষ্টি কৰিছে। এই সফলতাৰ কৃতিত্ব আন বিষয়াসকলৰ লগতে বিশেষভাৱে যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মীনাৰ। কিয়নো তেওঁ পৰীক্ষা দিবলগীয়া কনিষ্টবলসকলৰ বাবে এমাহ ক্লাছ দিয়াৰ ব্যৱস্থা কৰিছিল। যিটোৱে পৰীক্ষা দিয়া কনিষ্টবলসকলক যথেষ্ট সহায় কৰিলে। উল্লেখযোগ্য যে ছেবাই এই পৰীক্ষা অতি স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰিছিল।

প্ৰেৰক প্ৰদীপ বৰা

You might also like