নিয়মীয়া বাৰ্তা, ২৬ জুলাই : সমগ্ৰ দেশৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ বালিপৰাতো ভাৰতবৰ্ষৰ কাৰ্গিল যুদ্ধ বিজয় দিৱস পালন কৰা হয়। ভাৰতীয় সেনাবাহিনীৰ ৪৪সংখ্যক গোৰ্খা ৰেজিমেন্টৰ উদ্যোগত বালিপৰাৰ খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত আজি উক্ত দিৱসটো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে। খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক, সাহিত্যিক ছত্ৰমান চুব্বাই আঁত ধৰা অনু্ষ্ঠানটোত ভাষণ প্ৰসংগত ৪৪সংখ্যক গোৰ্খা ৰেজিমেন্টৰ মেজৰ ভি এছ ৰাথোৰে কয় যে সফলতা লাভ কৰিবলৈ হ’লে আমাক অধ্যৱসায়, ধৈৰ্য, অগাধ পৰিশ্ৰম, লাগিব। ভাৰতীয় সেনাই ১৯৯৯ চনত কাৰ্গিলত শত্ৰু সেনাক ভাৰতমাতাৰ সুৰক্ষাৰ স্বাৰ্থত অশেষ কষ্টৰ স্বীকাৰ কৰি পৰাভূত কৰি ভাৰতৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰাখিলে। উঠি অহা প্ৰজন্মৰ মাজত দেশমাতৃ আৰু জাতীয় পতাকাৰ প্ৰতি শ্ৰদ্ধা, ভক্তি থকা উচিত। দেশক সেৱা কৰিবৰ বাবে আমি নৱপ্ৰজন্মই সেনাবাহিনীক যোগদান কৰি নিজৰ শৌৰ্য ,বীৰ্যৰ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হ’ব। অনুষ্ঠানটোত কাৰ্গিল যুদ্ধত ভাৰতীয় সেনাৰ হৈ অংশগ্ৰহণ কৰা তথা সাহসিকতাৰ বাবে সেনা মেডেল লাভ কৰা সৈনিক ক্ৰমে চুবেদাৰ অনিল থাপা, আৰু ইয়াম বাহাদুৰে কাৰ্গিল যুদ্ধৰ শিহৰণকাৰী অভিজ্ঞতাসমূহ ভাষণৰ যোগেদি উপস্থিত সকলোৰে আগত ব্যক্ত কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি সেনাবাহিনীৰ ৪৪নং গোৰ্খা ৰেজিমেন্টে কাৰ্গিল যুদ্ধৰ গৰিমা বিষয়ক এখন তথ্যচিত্ৰও প্ৰজেক্টৰৰ যোগেদি প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সু্ভাষ বৈশ্য, অৱসৰপ্ৰাপ্ত সহকাৰী ব্লক উন্নয়ন বিষয়া খগেন তামুলী, জ্যেষ্ঠা শিক্ষয়িত্ৰী ৰজী তামুলী, অসম আৰক্ষীৰ মহিলা বিগ্ৰেড, ছাত্ৰ-ছাত্ৰী, গাঁওবুঢ়া, ৰাইজ উপস্থিত থাকে ।
প্ৰেৰক প্ৰাঞ্জল বৰা