অসম বিধানসভাত তুলিছিল পাকিস্তানৰ দাবী
– ধ্রুৱ মহন্ত
অসম বিধানসভাৰ মজিয়াত উত্থাপিত হৈছিল পাকিস্তানৰ দাবী৷ ১৯৪৪ চনৰ ৬ মার্চত সদনত এই দাবী উত্থাপন কৰিছিল মুছলিম লীগৰ নেতা মৌলানা আব্দুল হামিদ খান ওৰফে মৌলানা ভাছানীয়ে৷ দেশৰ স্বাধীনতাৰ প্রাকক্ষণত মৌলবাদী আৰু বাঁওমুখী চিন্তাৰ এক অখাদ্য মিশ্রণেৰে মৌলানা ভাছানীয়ে অসম বিধানসভাত ৰাজ্যখনক পাকিস্তানত অন্তর্ভুক্তিৰ দাবী তুলিছিল৷ ১৯৪৪ চনৰ ৬ মার্চত মৌলানা ভাছানীয়ে নিজকে দৰিদ্র–নিপীড়িতসকল প্রতিনিধি বুলি দাবী কৰি অসম বিধানসভাত আহ্বান জনাইছিল – ‘আমাৰ হিন্দু ভাইসকল, সদস্য ভাইসকল আৰু এই সদনৰ অন্যান্য ধর্মাৱলম্বী সকলো সদস্যই ভাৰতৰ ১০ কোটি মুছলমানৰ ন্যায়সংগত দাবী পাকিস্তানৰ দাবী মানি লৈ ব্রিটিছ চৰকাৰৰ গোলামীৰ পৰা অব্যাহতি লাভ কৰা উচিত৷ দীর্ঘদিন ধৰি ‘উভয় জাতি’ৰ মিলনৰ উপায় উদ্ভাৱনৰ বাবে চেষ্টা কৰা হৈছে যদিও যি কাৰণতে নহওক পাৰস্পৰিক বিশ্বাস নথকাৰ বাবে আমি স্বাধীনতা অর্জন কৰিবলৈ সক্ষম হোৱা নাই৷ সেয়ে এতিয়া আমাৰ সন্মুখত থকা একমাত্র সমাধান হৈছে– পাকিস্তানৰ দাবী মানি লোৱা৷’
অসমত বলৱৎ থকা লাইন প্রথাক ঘৃণিত আখ্যা দি মৌলানা ভাছানীয়ে সদনত আৰু কৈছিল – ‘আমাৰ মাজত লাইন প্রথা বলৱৎ কৰি আমাক বিভক্ত কৰা হৈছে৷ মানুহ হিচাপে মানুহে মানুহৰ কাষত বসবাস কৰিব নোৱাৰিব, এনে জঘন্য আইন পৃথিৱীত ক’তো নাই৷ … বহু আশা কৰি অসমলৈ আহিছিলোঁ অসমৰ হিন্দু–মুছলমানক নিজৰ ভাইৰূপে গ্রহণ কৰি, অসমৰ বন–জংঘলত থকা–মেলাৰ ব্যৱস্থা কৰি কৃষিৰ উন্নতি বৃদ্ধিৰ সুযোগ লাভ কৰিম বুলি৷ কিন্তু দুর্ভাগ্যবশতঃ কোনেও আমাৰ প্রতি চকু মেলি চোৱা নাই৷ যদি পর্যাপ্ত ভূমি থাকিলহেঁতেন, যদি খেতি–বাতি কৰাৰ বাবে মাটি থাকিলহেঁতেন, মাতৃভূমি ত্যাগ কৰি অসমলৈ কেতিয়াও নাহিলোঁহেঁতেন৷… আমাক কেৱল মাটি লাগে৷ আমাৰ দৰে দুর্বলৰ সৈতে আপোনালোকে কিয় যুদ্ধ কৰিব? যুদ্ধ কৰিবৰ যদি ইচ্ছা আছে তেনেহ’লে যাৰ বাবে আমি পৰাধীন হ’লোঁ, যাৰ বাবে পথৰ ভিক্ষাৰী হৈছেছা, যাৰ বাবে দাসৰো দাস কৃতদাস হৈছোঁ, যাৰ বাবে ভাতৃত্ববোধ হেৰুৱাইছোঁ, যাৰ বাবে আমাৰ মাজত হিংসা–দ্বেষৰ সৃষ্টি হৈছে তেওঁলোকৰ সৈতে যুদ্ধ কৰক৷… আমি মুছলমানসকল পৰাধীন নহয়, মুছলমান ধর্মত পৰাধীনতা নাই, মুছলমান কেতিয়াও পৰাধীন নহয়৷ মুছলমানে কাকো ভয় নকৰে৷ ব্রিটিছেই হওক, জার্মানেই হওক, জাপানীয়েই হওক বা আন কোনো জাতিয়েই হওক, মুছলমানে কাৰো দাসত্ব স্বীকাৰ কৰিব নোৱাৰে৷ মুছলমানে মৰিব জানে, শ্বহীদ হ’ব জানে, নিজৰ জীৱন বিসর্জন দিব পাৰে বা আন যিকোনো কাম কৰিব পাৰে, কিন্তু দাসত্ব স্বীকাৰ কৰিব নোৱাৰে৷’ (অসম বিধানসভাৰ কার্যবিৱৰণী)
অসমত বলৱৎ কৰা লাইন প্রথাৰ জৰিয়তে ভূমি আবণ্টন নীতিক সদনৰ মজিয়াত তীক্ষ্ণ সমালোচনা কৰি মৌলানা ভাছানীয়ে এই ব্যৱস্থাক ঘৃণনীয় আখ্যা দিছিল৷ তেওঁৰ মতে, পূর্ববংগৰ পৰা অন্ন–বস্ত্রহীন লোকসকল জীৱন–জীৱিকাৰ তাগিদাতহে অসমলৈ আহিছে আৰু তেওঁলোকে বন–জংঘল পৰিষ্কাৰ কৰি খেতি–বাতি কৰি অসমৰ ডন্নতিত সহায় কৰিছে৷ সেয়ে লাইন প্রথা উঠাই দি এই লোকসকলক চৰকাৰে শীঘ্রে পর্যাপ্ত ভূমি আবণ্টন দিয়া উচিত৷ এই শোষিত–নিষ্পেষিত লোকসকলৰ ভূমিৰ অধিকাৰৰ দাবীত লাইন প্রথাৰ বিৰুদ্ধে অল ইণ্ডিয়া মুছলিম লীগে ব্যাপক আন্দোলন চলাই যাব বুলি সদনৰ মজিয়াত হুংকাৰ দি মৌলানা ভাছানীয়ে ঘোষণা কৰিছিল যে এই প্রব্রজনকাৰীসকল অধিকাৰ প্রতিষ্ঠা নোহোৱাপর্যন্ত তেওঁ সংগ্রাম অব্যাহত ৰাখিব৷
আনহাতে, প্রব্রজনকাৰীসকল অধিকাৰৰ দাবী তুলি বিধায়ক মৌলবী মতিউৰ ৰহমান মিঞাই সদনৰ মজিয়াত কৈছিল– ‘পূর্ববংগৰ জিলাসমূহত জনসংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাত তথা জমিদাৰ আৰু মহাজনৰ শোষণত সর্বস্বান্ত হোৱা কৃষকসকলে মাটি–বাৰী হেৰুৱাই বাৰুকৈয়ে সমস্যাত পৰিছিল৷ সেয়ে তেওঁলোকে অৱশিষ্ট মাটি–বাৰী বিক্রী কৰি জন্মভূমি ত্যাগ কৰি সপৰিয়ালে অসমলৈ আহি ব্রহ্মপুত্রৰ দুয়োপাৰে খাচভূমি, পতিত মাটি, বনাঞ্চলত বাঘ–ভালুকৰ সৈতে যুদ্ধ কৰি বহু অর্থ ব্যয় আৰু পৰিশ্রমেৰে জংঘল চাফা কৰি বসতি স্থাপন কৰিছে৷ ধান, পাট, সৰিয়হ, শাক–পাচলিৰ খেতি কৰি এই লোকসকলে অসমৰ ৰাজহ বৃদ্ধি কৰাৰ লগতে যথেষ্ট উন্নতি সাধন কৰি অসমক সোণৰ দেশত পৰিণত কৰিছে৷ ব্রহ্মপুত্র, মানাহ, বেঁকী, আই আদি নদীৰ খহনীয়াত ঘৰ–বাৰী উটি যোৱা প্রব্রজনকাৰী বাঙালী মুছলমানসকলে আন ঠাইত বসতি স্থাপনৰ চেষ্টা কৰোঁতে স্থানীয় লোকসকলে বাধা দি লাইন প্রথাৰ জৰিয়তে তেওঁলোকক জে’লৰ কয়দীৰ দৰে আবদ্ধ কৰি ৰখাৰ চেষ্টা কৰিছে৷… বর্তমান অসম উপত্যকাত মুছলমানৰ সংখ্যা প্রায় ১৭ লাখ হ’ব৷ ইয়াৰে প্রায় ১৩ লাখ পূর্ববংগৰ পৰা অহা মুছলমান আৰু বাকী ৪ লাখ অসমীয়া মুছলমান৷ অসম, বাংলা, পঞ্জাব, আৰব, মিছৰ–সমগ্র পৃথিৱীৰ মুছলমান ভাই ভাই৷ সেয়ে মই অসমীয়া আৰু বাঙালী মুছলমানক পৃথক কৰিব বিচৰা নাই৷ কিন্তু আমি বাঙালী মুছলমান হোৱা বাবেই আমাক সমস্ত নাগৰিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে৷’ (অসম বিধানসভাৰ কার্যবিৱৰণী)
অসম বিধানসভাৰ এই কার্যবিৱৰণীয়ে স্পষ্টভাৱে প্রতীয়মান কৰে যে স্বাধীনতাৰ পূর্বে অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰাৰ যি গভীৰ ষডযন্ত্র চলিছিল, সেই ষড়যন্ত্রই আনকি অসম বিধানসভাতো শিপা মেলিছিলহি৷ অৱশ্যে লোকপ্রিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আদিৰ সবল নেতৃত্বৰ বাবে অসমে এনে ষড়যন্ত্র ব্যর্থ কৰি দিবলৈ সক্ষম হৈছিল৷ পৰৱর্তী সময়ত ১৯৬৪ চনতো নগাঁৱত পূব পাকিস্তানী অনুপ্রৱেশকাৰীয়ে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি খিলঞ্জীয়া লোকৰ ওপৰত চলাইছিল ভয়ংকৰ আক্রমণ৷ ইয়াৰ পিছৰ পর্যায়তো বিভিন্ন সময়ত বিভিন্ন অজুহাতত অসমত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি অহা হৈছে৷ আজিৰ পৰা আঠটা দশকৰ পূর্বে চৈয়দ ছাদুল্লা–মৌলানা ভাছানীয়ে আৰম্ভ কৰা অসম তথা অসমীয়া জাতিধ্বংসৰ ষডযন্ত্রৰ পৰা ৰাজ্যখনে এতিয়াও পৰিত্রাণ পোৱা নাই৷ শতিকাজোৰা এই যুঁজত আজি আমি হয়তো চূডান্ত সন্ধিক্ষণত উপনীত হৈছোঁ৷ এই জটিল সন্ধিক্ষণত ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণে নিজৰ ভৱিষ্যতৰ পথ সঠিকভাৱে নির্ণয় কৰিব নোৱাৰিলে সম্ভাব্য চৰম বিপর্যয়ৰ পৰা আমাক হয়তো কোনেও ৰক্ষা কৰিব নোৱাৰিব৷