নির্বাচন অহাৰ লগে লগে ৰাজনৈতিক জগতখন দুই ধৰণে ব্যস্ত হৈ পৰে৷ এবিধ হ’ল–দলবোৰৰ ভিতৰৰ জগতখনৰ পৰিকল্পনা আৰু যুদ্ধকৌশলৰ চিন্তা–ভাবনা, যাৰ ভু বাহিৰৰ মানুহে নাপায়, আনকি দলৰ বহুতেও নাপায়৷ আন এখন জগত হ’ল– বাহিৰৰ জগত বাতৰিকাকত, জনসভা, সংবাদ মাধ্যম আদিৰ জগতখন, যিখন উত্তেজক আৰু আমোদজনক বাতৰিৰে আলোডিত হৈ থাকে৷ ৰাজনৈতিক নেতাসকলৰ মাজৰ বাকযুদ্ধ হ’ল আলোড়ন সৃষ্টি কৰা এবিধ আমোদজনক উপাদান৷ এই ধৰণৰ বাক্যুদ্ধই ৰাজনৈতিক জগতখনৰ কিছু গোপন কথা পোহৰলৈ আনে আৰু লগতে ৰাজনৈতিক ব্যক্তিৰ মনৰ জগতখনৰো সম্ভেদ দিয়ে৷ যিকোনো ব্যক্তিৰ দৰেই ৰাজনৈতিক নেতাসকলৰো প্রবল ইগো আৰু নিজৰ আধিপত্য আৰু গুৰুত্ব প্রকাশ কৰাৰ ইচ্ছা থকাটো স্বাভাৱিক৷ যেতিয়া তেওঁলোকৰ ব্যক্তিগত ইগোবোৰে ৰাজনৈতিক ক্ষেত্রখনত কাম নিদিয়া হয়, তেতিয়া তেওঁলোক এটা স্তৰত হতাশ হ’বলৈ বাধ্য৷ তেনে অৱস্থাত আনৰ সৈতে সহযোগ কৰিবলৈকো ইচ্ছুক নোহোৱাই স্বাভাৱিক আৰু ইয়াৰ শেষ ফল হ’ব পাৰে সংঘাত আৰু বাকযুদ্ধ৷ সময়ৰ লগে লগে ৰাজনৈতিক নেতাসকলে ক্ষমতা, জনপ্রিয়তা বা প্রভাৱৰ প্রতিযোগিতাৰ ভিত্তিতো এজন আনজনৰ প্রতিদ্বন্দ্বী হৈ উঠিব পাৰে৷ এই প্রতিদ্বন্দ্বিতাৰ ঐতিহাসিক পৰিঘটনাৰ লগত যুক্ত হ’ব পাৰে অথবা ৰাজনৈতিক প্রতিযোগিতাও হ’ব পাৰে৷ ইয়াৰ লগতে নির্বাচনী যুদ্ধৰ প্রচাৰৰ বাক্ধাৰাৰ কথাও থাকে৷ এই বাক্ধাৰাৰ ৰূপ দিয়ে দলৰ শীর্ষ নেতৃত্বই আৰু তেনে বাক্ধাৰাৰ অংগ হিচাপেও ৰাজনৈতিক নেতাসকল বাকযুদ্ধত অৱতীর্ণ হয়৷
ৰাজনৈতিক বিতর্ক আৰু আলোচনাৰ উত্তাপত অতীতৰ অভিযোগ আৰু শত্রুতাৰ পুনৰ উত্থান হ’ব পাৰে৷ এইবোৰ অতীতৰ সংঘাত, বিশ্বাসঘাতকতা বা মতানৈক্যৰ সৈতে জড়িত হ’ব পাৰে৷ যেতিয়া পুৰণি ঘাবোৰ পুনৰ খুঁচৰি দিয়া হয়, তেতিয়া নেতাসকলে স্পষ্ট আৰু মুকলি মনেৰে বিষয়সমূহৰ কাষ চাপিবলৈ অসুবিধা পোৱাটো অতি স্বাভাৱিক৷ এই কাৰণতেই নির্বাচনী যুদ্ধ ওচৰ চাপি অহাৰ লগে লগে প্রতিদ্বন্দ্বীৰ অতীতৰ কেলেংকাৰিৰ বিষয়ে প্রচাৰ চলাই তেওঁক বিব্রত কৰিব বিচৰা হয় আৰু এই প্রক্রিয়া অতি স্বাভাৱিক ঘটনা৷ কিন্তু সামগ্রিকভাৱে ব্যক্তিগত অহংকাৰ আৰু ঐতিহাসিক প্রতিদ্বন্দ্বিতাই ৰাজনৈতিক পৰিৱেশৰ ভিতৰতেই বিষাক্ত পৰিৱেশৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে, যাৰ ফলত নেতাসকলৰ মাজত সহযোগিতা আৰু মিলাপ্রীতিৰ অভাৱ হ’ব পাৰে৷ ইয়াৰ ফল হ’ব পাৰে জনসাধাৰণ আৰু জাতিৰ স্বার্থ পিছপিনে গুচি যাব আৰু ব্যক্তিগত উচ্চাকাংক্ষা আৰু শত্রুতাৰ ছবিখন সন্মুখলৈ আহি যাব৷ এই পৰিঘটনাবোৰত সংবাদ মাধ্যমে যথেষ্ট প্রভাৱ পেলায়৷ কাৰণ নেতাসকলৰ এই প্রতিদ্বন্দ্বিতাৰ কথা সংবাদ মাধ্যমেহে ৰাইজৰ মাজলৈ নিব পাৰে আৰু ৰাইজে তেনে কথাক নিজৰ ধৰণে ব্যাখ্যা কৰিব পাৰে৷ ৰাজনৈতিক পৰিঘটনা, সিদ্ধান্ত, বক্তব্যৰ ক’ভাৰেজ বা প্রচাৰৰ জৰিয়তে সংবাদ মাধ্যমে নেতাৰ ভাবমূর্তি উন্নীত কৰা বা কলংকিত কৰাৰ ক্ষমতা লাভ কৰে৷ দুর্ভাগ্যজনকভাৱে এই প্রভাৱৰ ফলত কেতিয়াবা উত্তেজনা আৰু সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনাও থাকে৷ এইটোও ঠিক যে সংবাদ মাধ্যমৰ প্রচাৰ মেৰুকৰণ কৰাৰ ঠাই থাকে, প্রচাৰ মাধ্যমৰ কিছুমান ৰাজনৈতিক দলৰ সমর্থকো হ’ব পাৰে৷ ফলত সমালোচনা বা প্রচাৰ পক্ষপাতদুষ্ট হ’ব আৰু বিভাজন গভীৰ হৈ পৰিব৷ ৰাজনৈতিক নেতাসকলক জবাবদিহি কৰা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ বাবে সংবাদ মাধ্যম আৰু জনসাধাৰণৰ নিৰীক্ষণ অতি প্রয়োজনীয় যদিও ভাৰসাম্য ৰক্ষা কৰাটো সামাজিক পৰিৱেশ ৰক্ষাৰ বাবে অতি গুৰুত্বপূর্ণ৷