নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণৰ দিশত চন্দ্রযান–৩

🔹 চন্দ্রপৃষ্ঠৰ পৰা মাত্র ১৫০০ কিলোমিটাৰ ওপৰত চন্দ্রযান
🔹 ১৪ আগষ্টত অতিক্রম কৰিব জটিল পৰিক্রমা
বিশেষ বাৰ্তা, ১০ আগষ্ট : ক্ষণে ক্ষণে ইতিহাস গঢ়াৰ দিশে আগবাঢ়িছে চন্দ্রযান–৩৷ মহাকাশ বিজ্ঞান গৱেষণাত ইতিহাস সৃষ্টিৰে চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণৰ লক্ষ্যৰে যোৱা ১৪ জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৱে জোনবাইলৈ প্রেৰণ কৰা চন্দ্রযান–৩য়ে জটিল পর্যায় অতিক্রমি চন্দ্রপৃষ্ঠৰ ওচৰ চাপি গৈ আছে৷ যোৱা ৫ আগষ্টত পৃথিৱীৰ কক্ষপথ এৰি জটিল পৰিক্রমা নিৰাপদে অতিক্রমি চন্দ্রৰ কক্ষপথত প্রৱেশ কৰাৰ পিছত কালি আন এক জটিল পৰিক্রমা অতিক্রম কৰে চন্দ্রযান–৩য়ে৷ চন্দ্রযান–৩য়ে জোনবাই পৃষ্ঠৰ অভিনৱ আলোকচিত্র–ভিডিঅ’ প্রেৰণ কৰি অভিযানৰ মাইলৰ খুঁটি স্থাপন কৰাৰ পিছত অহা ১৪ আগষ্টত চন্দ্রৰ কক্ষপথত আন জটিল পৰিক্রমা অতিক্রম কৰিব লাগিব৷ চন্দ্রপৃষ্ঠৰ সমীপলৈ গৈ থকা চন্দ্রযান–৩য়ে কালি কক্ষপথ ১৭৪ কিলোমিটাৰ× ১৪৩৭ কিলোমিটাৰেৰে জটিল প্রক্রিয়া সুকলমে সম্পন্ন কৰে৷ ইছৰ’ৰ মুৰব্বী এছ সোমনাথে টুইটযোগে চন্দ্রযান–৩ৰ এই সফলতাৰ বিষয়ে সদৰী কৰি কয় যে অহা ১৪ আগষ্ট হ’ব চন্দ্রযানৰ বাবে আন এক জটিল ক্ষণ৷ উক্ত দিনাই ১১.৩০ আৰু ১২.৩০ বজাৰ ভিতৰত চন্দ্রযানে জোনবাইৰ কক্ষপথত আন এক পৰিক্রমা অতিক্রম কৰিব৷ এই পৰিক্রমা সফলতাৰে অতিক্রম কৰিব পাৰিলেই অহা ২৩ আগষ্টৰ বিয়লি ৫.৪৭ বজাত চন্দ্রযান–৩ চন্দ্রপৃষ্ঠত অৱতৰণ কৰিব৷ সুকলমে চন্দ্রৰ দক্ষিণ মেৰুত লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞান অৱতৰণ কৰিব পাৰিলেই মহাকাশ বিজ্ঞানত ইতিহাস গঢ়িব ইছৰ’ৱে৷ ইছৰ’ৱে প্রকাশ কৰা মতে, বর্তমান চন্দ্রপৃষ্ঠৰ পৰা চন্দ্রযান–৩ ১৫০০ কিলোমিটাৰ ওপৰত আছে৷ কক্ষপথত পৰিভ্রমণ কৰি ২৩ আগষ্টত এই যানখন চন্দ্রপৃষ্ঠৰ শূন্য দূৰত্বলৈ যাব আৰু অৱতৰণ কৰিব৷ দেশবাসীয়ে এই ঐতিহাসিক ক্ষণটোলৈ উৎসুকতাৰে বাট চাই আছে৷

You might also like