সেউজগৃহ গেছ
সেউজগৃহ গেছ বিশেষকৈ কার্বন–ডাই অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পালেই তাপমাত্রা বৃদ্ধি হয়৷ সেউজগৃহ গেছ নির্গমনৰ মাত্রা বিশ্বজুৰি বৃদ্ধি হোৱাৰ পৰিপ্রেক্ষিততে ঔদ্যোগিক বিপ্লৱৰ পিছৰে পৰা পৃথিৱীৰ তাপমাত্রা বৃদ্ধি পাই আহিছে৷ জীৱাশ্ম ইন্ধন বিশেষকৈ কয়লা দহনৰ বাবেই সেউজগৃহ গেছ কার্বন–ডাই অক্সাইড, মিথেন, নাইট্রাছ অক্সাইড আদি বায়ুমণ্ডলত ভিৰ কৰে আৰু ইয়েই তাপমাত্রাৰ তাৰতম্যৰ ক্ষেত্রত প্রভাৱ বিস্তাৰ কৰে৷ বায়ুমণ্ডলত কার্বন–ডাই অক্সাইডকে ধৰি আন সেউজগৃহ গেছৰ মাত্রা বৃদ্ধি পোৱাৰ বাবেই গোলকীয় উষ্ণতা বর্ধিত হৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্রেক্ষিতত জলবায়ু পৰিৱর্তন ভয়াৱহ হৈ উঠিছে৷ জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ কিম্বা গোলকীয় উষ্ণতা নিয়ন্ত্রিত কৰি ৰাখিবলৈ জীৱাশ্ম ইন্ধন বিশেষকৈ কয়লাৰ ব্যৱহাৰৰ ক্ষেত্রত বিশ্বৰ দেশসমূহে নিয়ন্ত্রিত হোৱাৰ প্রতিশ্রুতিবদ্ধ হৈছিল যদিও ই ফলপ্রসূ হোৱা নাই৷ অৱশ্যে ভাৰতে এইক্ষেত্রত কিছু নিয়ন্ত্রিত হৈ বিগত ১৪ বছৰত সেউজগৃহ গেছ নির্গমনৰ পৰিমাণ হ্রাস কৰিবলৈ সক্ষম হৈছে৷ ই দেশখনৰ বাবে এক ইতিবাচক বার্তা৷ কিয়নো কয়লা দহন কৰি বিদ্যুৎ উৎপাদনত নির্ভৰশীল ভাৰতে নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ঠিক তেনেদৰে বনাঞ্চলে আৱৰা অঞ্চল বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ৰাষ্ট্রসংঘৰ শেহতীয়া প্রতিবেদন মতে, ভাৰতৰ সেউজগৃহ গেছ নির্গমন ধাৰণা কৰাতকৈ অধিক দ্রুতগতিত হ্রাস পাইছে৷ বিগত ১৪ বছৰত নৱীকৰণযোগ্য শক্তি প্রজন্মৰ প্রয়োগ বৃদ্ধি আৰু বনাঞ্চল বৃদ্ধিত সফল হোৱাৰ বাবে দেশত ১৪ বছৰত সেউজগৃহ গেছ নির্গমনৰ হাৰ ৩৩ শতাংশ হ্রাস পাইছে৷ ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তন অভিৱর্তন (ইউএনএফচিচিচি)ৰ বৈঠকত ভাৰতে দিয়া প্রতিশ্রুতি অনুসৰি সেউজগৃহ গেছ নির্গমনৰ হাৰ প্রত্যাশাতকৈ অধিক নিম্নগামী কৰি তুলিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে ইউএনএফচিচিচিত হোৱা সিদ্ধান্তমর্মে ২০৩০ চনৰ ভিতৰত প্রতিখন দেশে সেউজগৃহ গেছ নির্গমনৰ হাৰ ৪৫ শতাংশলৈ হ্রাস কৰিব লাগিব৷ ভাৰতৰ শেহতীয়া প্রতিবেদনৰ সিদ্ধান্তমর্মে ৪৫ শতাংশ হ্রাস কৰিবলৈ সক্ষম নহ’লেও ৩৩ শতাংশ হ্রাসেৰে এক ইতিবাচক পদক্ষেপ গ্রহণ কৰিবলৈ সক্ষম হৈছে৷
ৰাষ্ট্রসংঘই প্রকাশ কৰা ভাৰতৰ তথ্যভিত্তিক প্রতিবেদন অনুসৰি ২০১৬ চনৰ পৰা ২০১৯ চনলৈকে দেশখনে বার্ষিক ৩ শতাংশ সেউজগৃহ গেছ নির্গমনৰ হাৰ নিম্নগামী কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে ২০১৪ চনৰ পৰা ২০১৬ চনলৈকে মাত্র বার্ষিক ১.৫ শতাংশহে হ্রাস কৰিবলৈ সক্ষম হৈছিল৷ জীৱাশ্ম ইন্ধন ভাৰতৰ শক্তিখণ্ডৰ মূল আধাৰ যদিও দেশখনে নৱীকৰণযোগ্য শক্তিত প্রাধান্য দি আছে৷ সৌৰশক্তি, জলবিদ্যুৎ প্রকল্পক অধিক প্রাধান্য দি কয়লা ইন্ধনৰ দ্বাৰা বিদ্যুতৰ পৰিমাণ হ্রাস কৰিবলৈ ভাৰতে বিভিন্ন পৰিকল্পনা গ্রহণ কৰি আহিছে৷ এই পৰিকল্পনাসমূহ কিছু কিছু সফল হৈছে যদিও কিছু কিছু ক্ষেত্রত লেহেমীয়া হৈ আছে৷ অৱশ্যে প্রতিবেদন মতে দেশখনে সঠিক দিশেৰে আগবাঢ়ি গৈ আছে৷ মন কৰিবলগীয়া যে ভাৰতৰ সেউজগৃহ নির্গমনৰ ক্ষেত্রত সর্বাধিক বিদ্যুৎ খণ্ডৰ পৰাই হয়৷ মুঠ সেউজগৃহ নির্গমনৰ ৬৮.৭ শতাংশ বিদ্যুৎ খণ্ডৰ৷ বাকীখিনি কৃষি, ঔদ্যোগিক, বনাঞ্চলৰ ভূমি কৃষিভূমিলৈ ৰূপান্তৰিত কৰা, আৱর্জনা আদিৰ পৰা ক্রমে ১৯.৬ শতাংশ, ৬ শতাংশ, ৩.৮ শতাংশ আৰু ১.৯ শতাংশ৷ বিদ্যুৎ খণ্ডৰ পৰা হোৱা সেউজগৃহ গেছ নির্গমনৰ মাত্রা হ্রাস কৰিব পৰাটোৱে দেশ এখনৰ বাবে প্রত্যাহ্বান হৈ আছে যদিও কয়লা ইন্ধনৰ দ্বাৰা উৎপাদিত বিদ্যুতৰ বিকল্প হিচাপে নৱীকৰণযোগ্য শক্তিক চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰাই সেউজগৃহ গেছ নির্গমনৰ হাৰ হ্রাস কৰাত সফল হ’ব পাৰিছে৷ উল্লেখ্য যে ২০১৫ চনৰ ১২ ডিচেম্বৰত ফ্রান্সৰ পেৰিছত ৰাষ্ট্রসংঘৰ জলবায়ু অভিৱর্তন (ক’প–২১)ত বিশ্বৰ ১৯৬খন দেশে ঔদ্যোগিক বিপ্লৱৰ পাছত বৃদ্ধি পোৱা গোলকীয় তাপমাত্রা ২ ডিগ্রীৰ তলত ৰখাৰ বাবে প্রতিশ্রুতিবদ্ধ হৈছিল৷ এই চুক্তি মতেও কয়লা ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰাটো জৰুৰী৷ ক’প–২১ অধিক ফলপ্রসূ নহ’লেও পৰৱর্তী জলবায়ু সন্মিলনসমূহে নতুন নতুন ইতিবাচক বার্তা কঢ়িয়াই আছে বুলি ক’ব পাৰি৷