🔹সাতখন জিলাত ১২৪জন আক্রান্ত
🔹 জাপানিজ এনকেফেলাইটিছত ১৭, মেলেৰিয়াত ২জন আক্রান্ত
ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ আগষ্ট : বাৰিষাৰ কালছোৱাতে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডেংগুৱে৷ কেইবাখনো জিলাত ডেংগুৱে একপ্রকাৰ সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমৰ তথ্য অনুসৰি কালিৰ দিনটোত ৰাজ্যত ডেংগুত আক্রান্ত লোকৰ সংখ্যা হৈছে মুঠ ১২৪জন ৷ ৰাজ্যৰ ৭খন জিলাত এই লোকসকল ডেংগুত আক্রান্ত হৈছে৷ তথ্য অনুসৰি পূব কার্বি আংলং জিলাত সর্বাধিক ১১৪জন লোক ডেংগুত আক্রান্ত হৈছে৷ তদুপৰি ধুবুৰীত এজন, ডিব্রুগড়ত ২জন, গোৱালপাৰাত এজন, হোজাইত ৪জন, যোৰহাটত এজন আৰু মাজুলীত এজন লোক ডেংগুত আক্রান্ত হোৱা বুলি ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে প্রকাশ কৰিছে৷ ডেংগুৰ সমান্তৰালকৈ কেইবাখনো জিলাত জাপানিজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত বহুসংখ্যক লোক আক্রান্ত হৈছে৷ সেই অনুসৰি কালিৰ দিনটোত ১৭জন লোক জাপানিজ এনকেফেলাইটিছত আক্রান্ত হৈছে৷ আক্রান্ত লোকসকলৰ ভিতৰত বৰপেটাৰ এজন, বিশ্বনাথৰ এজন, বঙাইগাঁৱৰ এজন, ধুবুৰীৰ এজন, গোৱালপাৰাৰ এজন, যোৰহাটৰ ২জন, কামৰূপ মহানগৰ জিলাৰ এজন, কোকৰাঝাৰৰ এজন, নগাঁৱৰ এজন, শিৱসাগৰৰ এজন, শোণিতপুৰৰ ৪জন আৰু তিনিচুকীয়াৰ ২জন৷ একেদৰে মেলেৰিয়াত ২জন লোক কালি আক্রান্ত হৈছে৷ চিৰাং আৰু গোৱালপাৰাৰ এজনকৈ লোক মেলেৰিয়াত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি ৰাজ্যৰ প্রান্তে প্রান্তে ডেংগু আৰু জাপানিজ এনকেফেলাইটিছত বহুসংখ্যক লোক আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমৰ তথ্য অনুসৰি চলিত বর্ষৰ ১ জানুৱাৰীৰ পৰা কালিলৈ জাপানিজ এনকেফেলাইটিছত মুঠ ৩৫০জন লোক আক্রান্ত হৈছে৷ ইয়াৰে ১৯জনৰ মৃত্যু হৈছে৷ সমান্তৰালভাৱে এই একে সময়ছোৱাত ৰাজ্যত ডেংগুত আক্রান্ত হোৱা লোকৰ সংখ্যা ২,৭১৯জন৷ ইয়াৰে ২জন লোকৰ মৃত্যু ঘটিছে৷ আনহাতে যোৱা ১ জানুৱাৰীৰ পৰা কালি পর্যন্ত ২৬৫জন লোক মেলেৰিয়াত আক্রান্ত হৈছে যদিও কোনো লোকৰ মৃত্যু ঘটা নাই৷ অৱশ্যে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে প্রকাশ কৰা অনুসৰি বিগত বর্ষৰ তুলনাত জাপানিজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা চলিত বর্ষত যথেষ্ট কম৷ তেওঁলোকৰ তথ্য অনুসৰি ২০২২ বর্ষত জানুৱাৰীৰ পৰা ৯ আগষ্টলৈ ৰাজ্যত ৩৫৫জন লোক জাপানিজ এনকেফেলাইটিছত আক্রান্ত হৈছিল৷ ইয়াৰে ৬৯জন লোকৰ মৃত্যু ঘটিছিল৷ অর্থাৎ সেই সময়ছোৱাত জাপানিজ এনকেফেলাইটিছত মৃত্যুৰ হাৰ আছিল ১৯.৪ শতাংশ৷ ইয়াৰ বিপৰীতে যোৱা ১ জানুৱাৰীৰ পৰা কালিলৈ ৰাজ্যত জাপানিজ এনকেফেলাইটিছত মৃত্যুৰ হাৰ হৈছে ৫.৪ শতাংশ৷