নিয়মীয়া বার্তা,১৬ ফেব্রুৱাৰীঃ নকল কৰিবলৈ নিদিয়া বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দ্বিতীয় দিনা লংকাকাণ্ড সংঘটিত হ’ল কৰিমগঞ্জৰ এটা পৰীক্ষা কেন্দ্রত ৷ অসৎ উপায় অৱলম্বন কৰা ৫ ছাত্র–ছাত্রীক বহিষ্কাৰ কৰাৰ পাছত একাংশই পৰীক্ষা কেন্দ্রটোৰ তদাৰকী বিষয়া অনির্বাণ দত্তৰ ৱাগনাৰ বাহনখনত আক্রমণ চলায় ৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী–চি আৰ পি এফৰ দলকো লক্ষ্য কৰি লয় আক্রমণকাৰীসকলে ৷ ফলত এজন আৰক্ষী বিষয়া আৰু এজন চি আৰ পি এফৰ জোৱান আহত হৈছে ৷ জানিব পৰা মতে, চৰগোলা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্রত নকল কৰি ধৰা পৰা পাঁচ ছাত্র–ছাত্রী ক্রমে হাছবিনা বেগম, জয়ন্তী বিশ্বাস, নজৰুল হুছেইন, ছুৰজানা বেগম আৰু আয়েমা বেগমক বহিষ্কাৰ কৰা কৰা হৈছিল ৷ ইয়াৰ বাবেই এটা দলে পৰীক্ষা কেন্দ্র চৌহদত প্রৱেশ কৰি তদাৰকী বিষয়া অনির্বাণ দত্তৰ এ এছ–১০ ডি–৫৮৫৯ নম্বৰৰ ৱাগনাৰ বাহনখন ভাং–চুৰ কৰে ৷ ঘটনা সন্দর্ভত খবৰ দিয়াত পৰীক্ষা কেন্দ্রটোত উপস্থিত হয় আৰক্ষী–চি আৰ পি এফৰ দল ৷ আক্রমণকাৰীসকলে আৰক্ষী–চি আৰ পি এফক লক্ষ্য কৰি শিল–ইটাৰ টুকুৰা নিক্ষেপ কৰে ৷ এই ঘটনাই সমগ্র কৰিমগঞ্জ জিলাতে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে ৷