নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাৰ গুলীচালনাৰ ঘটনাত জড়িত ৭ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : স্বাধীনতা দিৱসৰ আগে আগে কালি পুৱা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শশাৰগাঁৱত গুলীচালনা তথা অঞ্চলটোৰ এজন নিৰীহ যুৱকক পিষ্টলৰ কুণ্ডাৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাত জড়িত সমাজবিৰোধী চক্ৰৰ এটা সাতজনীয়া দলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কালিৰ ঘটনাটোৰ সৈতে জড়িত থকা দুষ্কৃতিকাৰী দলটোৰ গোটেইকেইগৰাকী সদস্যকে গ্ৰেপ্তাৰ কৰা বুলি আজি বিয়লি ধুবুৰীত স্থানীয় একাংশ সাংবাদিকৰে হোৱা কথা-বতৰাত সদৰী কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক নবীন সিঙে। আৰক্ষী অধীক্ষকগৰাকীয়ে দুষ্কৃতিকাৰীৰ উক্ত দলটোৰ পৰা কালিৰ ঘটনাত ব্যৱহৃত মটৰচাইকেলকে ধৰি দুখনকৈ নম্বৰ প্লেটবিহীন বেলেনো বাহন আৰু দুই জাঁই সক্ৰিয় গুলীও উদ্ধাৰ কৰা বুলি জনাইছে। ধৃত সেই ৭ জনীয়া দলটো হ’ল ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ নূৰ মহম্মদ আলী (২২), শাহাবুদ্দিন (২৩), মহম্মদ আলী (৩৮), ৰফিকুল, চাপৰৰ শ্ৰীগ্ৰামৰ ৰিয়াজুল ওৰফে পাংকু, চাপৰৰ ধীৰঘাটৰ হামিদূল ইছলাম আৰু কোকৰাঝাৰ জিলাৰ আলোৰভুইৰ মেহবুব আলম (২৩)। স্মৰ্তব্য যে কালি পুৱা জিলাখনৰ বিলাসীপাৰাৰ সমীপৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী শশাৰগাঁও প্ৰথমখণ্ড গাঁৱত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা। জানিব পৰা মতে, কালি পুৱা দৌৰিবলৈ ওলোৱা গাঁওখনৰ নন্দন নাথ নামৰ যুৱক এজনে তিনিজনীয়া অচিনাকি এটা যুৱকৰ দলৰ সন্মুখীন হৈছিল। অভিযোগ অনুসৰি, ইমান পুৱা ক’লৈ যায় বুলি যুৱককেইজনক প্ৰশ্ন কৰাৰ লগে লগে দলটোৱে হাতত থকা পিষ্টলৰ কুণ্ডাৰে বেয়াকৈ মাৰপিট কৰিছিল নন্দনক। ফলত যুৱকজনে মূৰ, মুখ আৰু পিঠিত আঘাত পোৱাৰ উপৰি দাঁত এটা ভাঙি যায়। গুৰুতৰভাৱে আহত নাথৰ চিঞৰ-বাখৰ শুনি গাঁওখনৰ ৰাইজ ওলাই অহাৰ পিছত শূন্যলৈ এজাঁই গুলী চলাই গাঁওখনৰ পৰা পলায়ন কৰিছিল দুষ্কৃতিকাৰী দলটো। গাঁওখনত থকা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়ৰ বাসগৃহৰ পৰা মাথোঁ ১০০ মিটাৰ দূৰত্বত সংঘটিত এই ঘটনাক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। বিষয়টো অৱগত হৈ ঘটনাস্থলীত উপস্থিত হৈছিল ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহল আৰু আৰম্ভ কৰিছিল তদন্তৰ। অৱশেষত সেই ঘটনাত জড়িত থকা ৭ জনীয়া এটা দুষ্কৃতিকাৰী দলক কৰায়ত্ত কৰে আৰক্ষীয়ে। ইপিনে, সেই গুলীচালনাৰ ঘটনাৰ প্ৰায় ২৪ ঘন্টা ভিতৰত সমাজবিৰোধী চক্ৰটোক গ্ৰেপ্তাৰ কৰিব পৰাটো ধুবুৰী আৰক্ষীৰ এক সাফল্য বুলিয়েই বিবেচিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like