নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ দেশৰ ভিন্ন প্রান্তৰ ৩৫০তকৈও অধিক নদী প্রদূষিত হোৱাৰ তালিকাত উত্তৰ–পূবৰ ৬০খন নদীৰ কিয়দংশ ভয়াৱহ প্রদূষণৰ কবলত পৰাৰ তথ্য পোহৰলৈ আহিছে ৷ দিল্লীস্থিত চেণ্টাৰ ফ’ৰ ছায়েন্স এনভায়ৰনমেণ্টে (চি এ চি) প্রকাশ কৰা ৩০০ পৃষ্ঠাৰ প্রতিবেদনত উত্তৰ–পূবৰ ৬০খন নদীৰ ভিতৰত অসমৰ ৫খন নদীও আছে ৷ কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ডৰ (চি পি চি বি) দ্বাৰা চিনাক্ত কৰা ৬০খন উত্তৰ–পূবৰ নদীৰ কিয়দংশ ভয়াৱহ প্রদূষণৰ কবলত পৰিছে৷ বায়’কেমিকেল অক্সিজেনৰ চাহিদাৰ ভিত্তিত প্রস্তুত কৰা এই প্রতিবেদনখনত অসমৰ ভৰলু, বশিষ্ঠ, কলং, বকো আৰু কপিলী আছে৷ উল্লেখ্য যে বায়’কেমিকেল অক্সিজেনৰ চাহিদাৰ অর্থ হৈছে পানীত থাকিবলগীয়া জৈৱিক উপাদানৰ মাইক্র’বায়’মেটাব’লিজিমক লৈ থাকিবলগীয়া অক্সিজেনৰ পৰিমাণ৷ অর্থাৎ এই অক্সিজেনৰ পৰিমাণ পানীত হ্রাস পাই গৈছে৷ অসমৰ উল্লিখিত ৫ নদীৰ লগতে মেঘালয়ৰ ৱাহুমখ্রা, উমচিৰপি, ৱাইখাইৰৱি, ৰাৱাকা খামাই–উম, উম–মিনকেছ, উমপাই–মিনকেছ আৰু চার্বাং৷ মণিপুৰৰ কংবা, মিজোৰামৰ ছিটে, নাগালেণ্ডৰ ধনশিৰি আৰু ত্রিপুৰাৰ গোমতী নদীও আছে৷ এই নদীসমূহ প্রদূষিত হোৱাৰ কাৰণ হিচাপে ঔদ্যোগিক আৰু খনিজ পদার্থ খননৰ ফলত সৃষ্ট বর্জিত পদার্থ৷ উল্লিখিত নদীসমূহৰ প্রদূষিত কিয়দংশ চহৰ আৰু নগৰৰে বৈ গৈছে৷ গুৰুত্বপূর্ণ যে অবৈজ্ঞানিকভাৱে কয়লা খননৰ বাবে অসম–মেঘালয় আৰু নাগালেণ্ডৰ নদীৰ কিয়দংশ ভয়াৱহ প্রদূষণৰ কবলত পৰিছে৷ মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্রিপুৰাৰ নদী প্রদূষণৰ কবলত পৰাৰ অন্যতম কাৰণ হৈছে নলা–নর্দমা৷ অসমতো নলা–নর্দমাৰ ফলত নদী প্রদূষিত হৈ আছে ৷