চন্দ্রৰ দক্ষিণ মেৰুত ইতিহাস গঢ়িবলৈ মাজত ২৪ ঘণ্টা
🔹 জটিল প্রক্রিয়া অতিক্রমি চন্দ্রযান–২ৰ অর্বিটাৰেৰে সংযোগ স্থাপন লেণ্ডাৰ বিক্রমৰ
🔹 অৱতৰণস্থলীৰ আলোকচিত্র মুকলি
বিশেষ বাৰ্তা, ২২ আগষ্ট : ৰাছিয়াৰ লুনা–২৫ বিধ্বস্ত হোৱাৰ পাছত বিশ্ববাসী গভীৰ উৎকণ্ঠাৰে অপেক্ষাৰত ভাৰতৰ চন্দ্রযান–৩ অভিযানৰ সফলতাক লৈ৷ চন্দ্রৰ দক্ষিণ মেৰুত প্রথমবাৰৰ বাবে যান অৱতৰণ কৰোৱাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ৱে ইতিহাস গঢ়িবলৈ মাজত মাথোঁ ২৪ ঘণ্টা ৷ চন্দ্রৰ কক্ষপথ হ্রাস কৰি বর্তমান নিম্নতম ২৫ কিলোমিটাৰৰ পৰা উচ্চতম ১৩৪ কিলোমিটাৰ কক্ষপথত পৰিভ্রমণ কৰি অৱতৰণৰ লক্ষ্যলৈ ধাৱিত চন্দ্রযান–৩ৰ প্রপালছন মডিউলৰ পৰা পৃথক হোৱা বিক্রম লেণ্ডাৰ৷ চন্দ্রৰ কক্ষপথত দুটাকৈ জটিল পৰিক্রমা সফলতাৰে অতিক্রম কৰাৰ পাছত বিক্রম লেণ্ডাৰ চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণৰ বাবে সাজু হৈ উঠিছে৷ ইছৰ’ৱে ইতিমধ্যে বিক্রম লেণ্ডাৰে অৱতৰণ কৰিবলগীয়া নির্ধাৰিত স্থানৰ আলোকচিত্র প্রচাৰ কৰিছে৷ চন্দ্রপৃষ্ঠত নির্ধাৰিত অৱতৰণস্থলীত অহা ২৩ আগষ্ট বুধবাৰে বিয়লি ৫.২০ বজাত বিক্রম লেণ্ডাৰ অৱতৰণ কৰিবলৈ প্রক্রিয়া আৰম্ভ কৰিব৷ এই ঐতিহাসিক ক্ষণটো ইছৰ’ৱে পোনপটীয়া সম্প্রচাৰ কৰিব৷ বিয়লি ৫.২০ বজাত আৰম্ভ হোৱা অৱতৰণ প্রক্রিয়া সন্ধিয়া ৬.০৪ বজাত সামৰণি পৰিব৷ অর্থাৎ ৬.০৪ বজাত ইতিহাস সৃষ্টি কৰি বিক্রম লেণ্ডাৰ চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব৷ চন্দ্রৰ কক্ষপথত সফলতাৰে জটিল পৰিক্রমা সমাপন কৰা বিক্রম লেণ্ডাৰ সম্পূর্ণ স্বাভাৱিক অৱস্থাৰে কক্ষপথ হ্রাস কৰি অৱতৰণৰ ক্ষণ গণি আছে৷ কালি চন্দ্রযান–২ৰ অর্বিটাৰৰ সৈতে বিক্রম লেণ্ডাৰৰ সংযোগ স্থাপন হয়৷ চন্দ্রযান–২ৰ অর্বিটাৰে ‘ৱেলকাম বাডী’ বার্তাৰে চন্দ্রযান–৩ৰ বিক্রম লেণ্ডাৰক আনুষ্ঠানিকভাৱে আদৰণি জনাইছে৷ চন্দ্রযান–২ৰ অর্বিটাৰৰে বিক্রম লেণ্ডাৰৰ সংযোগ হোৱা বুলি ইছৰ’ৱে টুইটাৰত প্রকাশ কৰিছে৷ চন্দ্রযান–৩ অভিযান পূর্বনির্ধাৰিত পৰিকল্পনা আৰু কার্যসূচী মতে চলি আছে বুলি ইছৰ’ৱে উল্লেখ কৰি ২৩ আগষ্টৰ বিয়লি অৱতৰণ প্রক্রিয়া আৰম্ভ হ’ব বুলিও প্রকাশ কৰিছে৷ বিক্রম লেণ্ডাৰৰ বুকুত আছে ৰ’ভাৰ প্রজ্ঞান৷ অর্থাৎ মহাকাশ খণ্ডত ইতিহাস সৃষ্টিৰে ইছৰ’ৰ চন্দ্রযান–৩ অভিযানৰ বিক্রম লেণ্ডাৰে ৰ’ভাৰ প্রজ্ঞানক কঢ়িয়াই নিছে৷ নির্ধাৰিত পৰিকল্পনা মতে ২৩ আগষ্টৰ সন্ধিয়া ৬.০৪ বজাত লেণ্ডাৰ বিক্রম অৱতৰণ কৰাৰ কিছু ক্ষণ পাছতে ৰ’ভাৰ প্রজ্ঞান চন্দ্রপৃষ্ঠত নামিব আৰু অভিযান চলাব৷ উল্লেখ্য যে চন্দ্রযান–২ অভিযানৰ লেখীয়াই চন্দ্রযান–৩ অভিযানতো লেণ্ডাৰৰ নাম বিক্রম আৰু ৰ’ভাৰৰ নাম প্রজ্ঞান ৰখা হৈছে৷ বিক্রম আৰু প্রজ্ঞানৰ মুঠ ওজন হৈছে ১,৭৪৯ কিলোগ্রাম৷ ভাৰতীয় মহাকাশ অভিযানৰ পিতৃ হিচাপে পৰিচিত ড০ বিক্রম এ ছাৰাভাইৰ নামত লেণ্ডাৰৰ নামটো ৰখা হৈছে৷ প্রজ্ঞান হৈছে সংস্কৃত ভাষাৰ জ্ঞান৷ ৬ চকীয়া বাহন ৰ’ভাৰৰ ওজন ২৬ কিলোগ্রাম৷ ৰ’ভাৰখনৰ চন্দ্রত আয়ুসকাল এদিন৷ কিন্তু পৃথিৱীৰ আয়ুস মতে ১৪ দিন৷ ৰ’ভাৰ প্রজ্ঞানে চন্দ্রপৃষ্ঠত চলা–ফুৰা কৰি বায়ুমণ্ডলৰ তথ্যসমূহ সংগ্রহ কৰিব৷ ইছৰ’ৰ মুৰব্বী এছ সোমনাথে চন্দ্রযান–৩ অভিযান সফল হ’ব বুলি আশা ব্যক্ত কৰিছে৷ আনপিনে, চন্দ্রযান–২ অভিযানৰ সময়ত ইছৰ’ৰ মুৰব্বী কে শিৱনেও চন্দ্রযান–২ৰ বিফলতাৰ আধাৰতে এই অভিযান সফল হ’ব বুলি আশা ব্যক্ত কৰিছে৷ ৰাছিয়াৰ লুনা–২৫ বিফল হোৱাৰ পাছত বিশ্বৰ প্রথম দেশ হিচাপে চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰাই ইতিহাস গঢ়াৰ ক্ষেত্রত ভাৰতৰ সম্ভাৱনা এতিয়া প্রবল হৈ আছে৷