নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ দিন ধৰি চন্দ্রৰ বুকুত অজানা তথ্যৰ সন্ধান চলাব

🔹 বিক্রম–প্রজ্ঞানে দক্ষিণ মেৰুত কি কৰিব

বিশেষ বাৰ্তা, ২৪ আগষ্ট : চন্দ্রৰ দক্ষিণ মেৰু পৃষ্ঠত বিক্রম লেণ্ডাৰৰ অৱস্থান৷ ৪০দিনীয়া যাত্রাৰ সফলতাৰে সামৰণি পেলাই কালি সন্ধিয়া ৬.০৪ বজাত বিক্রম লেণ্ডাৰে চন্দ্রপৃষ্ঠত অৱতৰণ কৰি নতুন ইতিহাস ৰচিলে৷ বিক্রম লেণ্ডাৰৰ বুকুত সোমাই আছে ৰ’ভাৰ প্রজ্ঞান৷ চন্দ্রযান–২ অভিযানতো আছিল বিক্রম লেণ্ডাৰ আৰু ৰ’ভাৰ প্রজ্ঞান৷ একেই নামেৰে চন্দ্রযান–৩ অভিযানতো বিক্রম লেণ্ডাৰ আৰু ৰ’ভাৰ প্রজ্ঞানক জোনবাইৰ বুকুলৈ প্রেৰণ কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৱে অবিস্মৰণীয় সফলতা লাভ কৰিলে৷ মহাকাশ অভিযানক নতুন গতি দিলে৷ ভাৰতীয় মহাকাশ অভিযানৰ পিতৃ হিচাপে আখ্যায়িত বিজ্ঞানী বিক্রম এ ছাৰাভাইৰ নামেৰে লেণ্ডাৰ বিক্রমৰ নামকৰণ কৰা হৈছে৷ ঠিক তেনেদৰে ৰ’ভাৰ প্রজ্ঞানৰ নামটো সংস্কৃত ভাষাৰ জ্ঞানৰ পৰা অনা হৈছে৷ ইতিহাস গঢ়ি চন্দ্রৰ দক্ষিণ মেৰুত অৱস্থান কৰা বিক্রম লেণ্ডাৰ আৰু ৰ’ভাৰ প্রজ্ঞানে জোনবাইৰ বুকুত কি কি গৱেষণা চলাব আৰু কি কি তথ্য সংগ্রহ কৰি চন্দ্রৰ ভৌগোলিক স্থিতি আৰু বিৱর্তনৰ ৰহস্য উদ্ঘাটন কৰিব? বিক্রম লেণ্ডাৰে চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণৰ সময়ত ধূলিৰে আৱৰি পৰাৰ ফলশ্রুতিত ৰ’ভাৰ প্রজ্ঞান প্রায় ৪ ঘণ্টাৰ মূৰকত চন্দ্রপৃষ্ঠত চলাফুৰা কৰিব৷ ৰ’ভাৰ প্রজ্ঞানে চন্দ্রপৃষ্ঠত চলাফুৰাৰ ক্ষেত্রতো কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব৷ কিয়নো চন্দ্রৰ দক্ষিণ মেৰুত সূর্যৰ পোহৰ অতি কমকৈ পৰে৷ আনকি অধিকাংশ অঞ্চলত সূর্যৰ পোহৰ নপৰেই৷ প্রায় অন্ধকাৰ হৈ থকা চন্দ্রৰ দক্ষিণ মেৰুত উল্কাপিণ্ডৰ সমান্তৰালকৈ গ্রহাণুৰো সংঘর্ষ চলি থাকে৷ এনে পৰিপ্রেক্ষিতত ৰ’ভাৰৰ চালচলন অতিকে প্রত্যাহ্বানমূলক হৈ থাকিব৷ চন্দ্রত এটা দিন, পৃথিৱীৰ বাবে এদিন ১৪ দিন হয়৷ লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞান সক্রিয় হৈ থাকি পিছলৈ লাহে লাহে নিষ্ক্রিয় হৈ পৰিব৷ ১৪ দিনৰ ভিতৰতেই বিক্রম আৰু প্রজ্ঞানে চন্দ্রৰ দক্ষিণ মেৰুৰ ৰহস্য উদ্ঘাটনৰ বাবে তথ্য সংগ্রহ কৰিব লাগিব৷ চন্দ্রৰ মাটি কিদৰে সৃষ্টি হৈছে, চন্দ্রৰ মাটিত কি কি উপাদান আছে তাৰ পৰীক্ষা চলাব ৰ’ভাৰ প্রজ্ঞানে৷ ১৪ দিন ধৰি স্পেক্ট্র’ মিটাৰ বিশ্লেষণৰ জৰিয়তে চন্দ্রৰ মাটিত কেনেধৰণৰ খনিজ আছে তাৰ ওপৰতো পৰীক্ষা চলাব৷ দক্ষিণ মেৰুত থকা চন্দ্রৰ অজানা অনেক তথ্য এই অভিযানৰ সময়তে লাভ কৰাটো প্রায় নিশ্চিত৷ পৃথিৱীবাসীৰ বাবে বহু অজানা তথ্য ৰ’ভাৰ প্রজ্ঞানে সংগ্রহ কৰিব৷ দক্ষিণ মেৰু সন্দর্ভত এতিয়াও বিশ্বৰ কোনো দেশে তথ্য সংগ্রহ কৰিবলৈ সক্ষম হোৱা নাই৷ ৪টা ইঞ্জিন থকা বিক্রম লেণ্ডাৰে অৱতৰণৰ পিছতে ২টা ইঞ্জিন বন্ধ কৰি দিয়ে আৰু দুটা ইঞ্জিন সক্রিয় কৰি ৰাখিছে৷ লেণ্ডাৰ বিক্রমৰ সৈতে ৪টা পেলোড আছে৷ এই পেলোড চাৰিটাই বিভিন্ন পৰীক্ষা আৰম্ভ কৰিছেই৷ পেলোড চাৰিটা হৈছে ৰম্ভা, চাষ্টে, ইলছা আৰু আবে৷ চন্দ্রৰ বুকুলৈ সূর্যৰ পৰা অহা প্লাজমা কণাৰ ঘনত্ব, পৰিমাণ আৰু পৰিৱর্তন নিৰীক্ষণ কৰিব ৰম্ভাই৷ চাষ্টেই চন্দ্রপৃষ্ঠৰ তাপমাত্রা জুখিব৷ লেণ্ডাৰ অৱতৰণৰ সময়ত ইয়াৰ সমীপৰ মাটিৰ কম্পনাংক সম্পর্কীয় তথ্য সংগ্রহ কৰিছে ইলছাই আৰু চন্দ্রৰ গতিশীলতাৰ বুজ ল’ব আবেই৷ অত্যাধুনিক বৈদ্যুতিন প্রযুক্তি নিহিত হৈ থকা লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞানে ১৪ দিনৰ ভিতৰতে ইছৰ’ৱে পৰিকল্পনা কৰা চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠৰ ৰহস্যসমূহ পোহৰলৈ আনিবলৈ তথ্য সংগ্রহ কৰিব৷ চন্দ্রৰ দক্ষিণ মেৰু পৃষ্ঠত যান অৱতৰণ কৰোৱাটো অতিকে প্রত্যাহ্বানমূলক৷ আমেৰিকা যুক্তৰাষ্ট্রই এতিয়ালৈকে এই অভিযান আৰম্ভ কৰা নাই৷ ৰাছিয়াই লুনা–২৫ অভিযানেৰে ভাৰততকৈ দুদিন পূর্বে দক্ষিণ মেৰুত যান অৱতৰণ কৰোৱাৰ লক্ষ্য লৈছিল যদিও চন্দ্রপৃষ্ঠত অৱতৰণৰ পূর্বেই যানখন বিধ্বস্ত হয়৷ ভাৰতে চন্দ্রৰ দক্ষিণ মেৰু পৃষ্ঠত যান অৱতৰণ কৰিবলৈ কিয় লক্ষ্য নির্ধাৰিত কৰিছিল তাক লৈও এতিয়া ব্যাপক চর্চা হৈছে৷ কিয়নো চন্দ্রৰ দক্ষিণ মেৰু পৃষ্ঠত সকলো অঞ্চলত সূর্যৰ পোহৰ নপৰে৷ অধিকাংশ অঞ্চলেই আন্ধাৰ হৈ থাকে৷ পোহৰতকৈ ছাঁ আৰু আন্ধাৰেই বেছি৷ তদুপৰি দক্ষিণ মেৰুৰ তাপমাত্রা বৰফতকৈও নিম্ন৷ এই অঞ্চলটোত তাপমাত্রা মাইনাছ ৩০০ ডিগ্রী ফাৰেনহাইটলৈ নিম্নগামী হয়৷ তদুপৰি অঞ্চলটো অতি দুর্গম৷ পাহাৰ আৰু গাঁতেৰে ভৰি আছে এই অঞ্চলটো৷ হাজাৰ হাজাৰ কিলোমিটাৰ অঞ্চলজুৰি গভীৰ খাদ– য’ত আজিলৈকে সূর্যৰ পোহৰ পৰা নাই৷ ঠিক তেনেদৰে আছে ওখ ওখ পাহাৰ৷ এনে কাৰণতে সূর্যৰ পোহৰ পাহাৰৰ বিপৰীত স্থানত নপৰে৷ পৰিণতিত অন্ধকাৰ হৈ আছে দক্ষিণ মেৰু অঞ্চল৷ চন্দ্রযান–২ অভিযানৰ বিফলতাৰ পিছত ইছৰ’ৱে চন্দ্রযান–৩ৰে এই দুর্গম দক্ষিণ মেৰু অঞ্চলত লেণ্ডাৰ বিক্রম অৱতৰণ কৰাবলৈ সক্ষম হৈছে৷

You might also like