সকলোৰে বাবে আৱাস
থাকিবলৈ নিজৰ এটা ঘৰ নথকাৰ সমান বিড়ম্বনা হয়তো নাই৷ ভাৰতৰ চহৰ অঞ্চলৰ দৰিদ্র লোকসকলৰ বাবে ই এক ভয়ংকৰ সমস্যা৷ স্বাধীনতা দিৱসৰ দিনা কেইবাটাও গুৰুত্বপূর্ণ ঘোষণাৰ লগতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নগৰীয়া দৰিদ্র লোকসকলক চহৰত গৃহ নির্মাণত সহায় কৰাৰ এক আঁচনি শীঘ্রেই লোৱা হ’ব বুলি ঘোষণা কৰিছে৷ চহৰত বাস কৰা যিসকল মধ্যবিত্তৰ নিজৰ ঘৰ নাই, তেওঁলোকৰ বাবে এই আঁচনি লোৱা হ’ব৷ এই ঘোষণাই ভাৰতৰ নগৰাঞ্চলত গৃহ নির্মাণৰ নাটনিৰ সমস্যা সমাধানৰ বাবে চৰকাৰে আৰু এটা পৰিকল্পনা হাতত লোৱাৰে সংকেত বুলি ভাবিব পাৰি৷ এই ঘোষণাৰ পূর্বলৈকে প্রধানমন্ত্রী আৱাস যোজনা–নগৰীয়া (পিএমএৱাই–ইউ)ৰ সময় ২০২৪ চনৰ ডিচেম্বৰলৈকে বৃদ্ধি কৰাৰ পিছত কোনো নতুন গৃহ নির্মাণ আঁচনিৰ কথা উল্লেখ কৰা হোৱা নাছিল, মাত্র ইতিমধ্যে অনুমোদিত ঘৰসমূহ ক্ষিপ্রতাৰে সম্পূর্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল৷ কিন্তু পিএমএৱাই–ইউৰ মূল্যায়নে হয়তো পূর্বৰ স্থিতিৰ পৰিৱর্তন ঘটাব পাৰে৷ ইয়াৰ পৰা এইটোও বুজা যায় যে ‘সকলোৰে বাবে আৱাস’ৰ ধাৰণাটো এতিয়াও সঁচা হ’বলৈ বহু সময় বাকী৷ আজিৰ পৰা আঠ বছৰ পূর্বেই ২০১৫ চনত পিএমএৱাই–ইউ আৰম্ভ হোৱাৰ পিছৰে পৰা অনুমোদিত ঘৰৰ মাত্র দুই–তৃতীয়াংশ বা অনুমোদিত প্রায় ১.১৯ কোটি ঘৰৰ ভিতৰত ৭৬.২৫ লাখ ঘৰহে সম্পূর্ণ হৈছিল বা ১৪ আগষ্টৰ ভিতৰত হিতাধিকাৰীসকলক হস্তান্তৰ কৰা হৈছিল৷ এই আঁচনিৰ বাবে মুকলি কৰা কেন্দ্রীয় সাহায্য আছিল ১.৪৯ লাখ কোটি টকা, কেন্দ্রৰ অংশ আছিল ২৪.৪ শতাংশ৷ আনহাতে, ৰাজ্য আৰু নগৰীয়া স্থানীয় সংস্থাসমূহৰ অংশ আছিল ১ শতাংশ৷ বাকী প্রায় ৬০ শতাংশ হিতাধিকাৰীৰ পৰা আহিব লাগিব৷ প্রথমে প্রস্তাৱিত ১.২৩ কোটি ঘৰৰ বাবে আনুমানিক মুঠ বিনিয়োগ ৮.৩১ লাখ কোটি টকাৰ ভিতৰত নগৰীয়া দৰিদ্র হিতাধিকাৰীসকলে ৪.৯৫ লাখ কোটি টকা খৰচ কৰিব লাগিব৷ প্রস্তাৱিত আঁচনিখনৰ অধীনত হিতাধিকাৰীৰ অংশ কমেও ৪০ শতাংশলৈ হ্রাস কৰা উচিত, যিটো সংসদীয় সমিতিৰ প্রতিবেদনত উল্লেখ কৰা হৈছে, কিয়নো হিতাধিকাৰীসকলে কম আয়ৰ বাবে নিজৰ অংশ সম্পূর্ণৰূপে পৰিশোধ কৰিব পৰা অৱস্থাত নাই৷ কিছুমান ৰাজ্য চৰকাৰে অৱশ্যে এনে হিতাধিকাৰীক বেংকৰ ঋণ লাভ কৰাত সহায় কৰিবলৈ চেষ্টা কৰে৷ কিন্তু বিত্তীয় প্রতিষ্ঠানসমূহে নগৰীয়া দৰিদ্র লোকসকলৰ স্থায়ী আয়ৰ প্রমাণৰ অভাৱৰ কথা উল্লেখ কৰি তেওঁলোকৰ সঁহাৰিত বিলম্ব কৰে৷ এনেবোৰ কাৰণত নিম্ন আয়ৰ ব্যক্তিসকলৰ নিজা ঘৰৰ সপোন সপোন হৈয়ে ৰয়৷
সংসদীয় সমিতিখনে পিএমএৱাই–ইউ ৰূপায়ণৰ ক্ষেত্রতো ইতিমধ্যে সুবিবেচক পৰামর্শ আগবঢ়াইছে৷ সদ্য প্রস্তাৱিত আঁচনিখন প্রস্তুত কৰাৰ সময়ত কেন্দ্রীয় চৰকাৰে সেই পৰামর্শসমূহ পৰীক্ষা কৰিলে নিশ্চয়কৈ সকলো নগৰীয়া দৰিদ্রৰ সপোনৰ ঘৰখন সম্পূর্ণ হ’ব৷ সমিতিখনে আগবঢ়োৱা আটাইতকৈ উল্লেখযোগ্য পৰামর্শ হৈছে প্রধানমন্ত্রী আৱাস যোজনা–নগৰীয়া পিএমএৱাই–ইউৰ নিয়ম অনুসৰি সমগ্র দেশতে একেধৰণৰ আৰু নির্দিষ্ট সহায় আগবঢ়োৱাৰ পৰিৱর্তে ঠাইবোৰৰ ভূ–প্রকৃতি আৰু অন্যান্য কাৰকৰ ওপৰত নির্ভৰ কৰি প্রয়োজন অনুসৰি নমনীয় ব্যৱস্থা গ্রহণ কৰা৷ ঘৰবোৰ নিম্নমানৰ আৰু ঘৰবোৰত মানুহ নথকাৰ আঁৰৰ কাৰণবোৰতো গুৰুত্ব দিব লাগে৷ মাটিৰ উচ্চ হাৰৰ খৰচ, মজিয়াৰ স্থান সূচকাংকৰ নিষেধাজ্ঞা আৰু বিভিন্ন সংস্থাৰ পৰা একাধিক প্রমাণ–পত্রৰ ওপৰত নগৰীয়া গৃহ নির্মাণৰ সফলতা নির্ধাৰণ কৰে৷ সংসদীয় সমিতিখনে ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰৰ উদ্যোগত সংশ্লিষ্ট সংস্থা যেনে– ৰাজ্য চৰকাৰ, স্থানীয় সংস্থা, নগৰ পৰিকল্পনা সংস্থা, নগৰ খণ্ডৰ পেছাদাৰী, বিত্তীয় প্রতিষ্ঠান আৰু কর্মীসকলৰ সৈতে আলোচনাৰ আহ্বান জনাইছে৷ নতুন আঁচনিখন প্রণয়ন কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ হাতত যথেষ্ট সময় আছে৷ চৰকাৰে তথ্য–প্রমাণসহ সুপৰিকল্পিত আঁচনিৰ খচৰা প্রস্তুত কৰিলেই ‘সকলোৰে বাবে আৱাস’ বাস্তৱত পৰিণত হ’ব, অন্যথা ই মাত্র শ্লোগান হৈয়ে ৰৈ যাব৷