নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ একবিংশ শতিকাৰ মানৱ সভ্যতালৈ গভীৰ সংকট নমাই অনা উষ্ণায়নৰ সাংঘাতিক প্রভাৱ পৰিছে পৃথিৱীৰ ‘তৃতীয় মেৰু’ হিন্দুকুশ হিমালয়ত৷ প্রায় চাৰে তিনি হাজাৰ কিলোমিটাৰজোৰা (২,১৭৫ মাইল) এই সুবিশাল পার্বত্য এলেকাই ভাৰত, বাংলাদেশ, ভূটান, নেপাল, চীন, পাকিস্তান, আফগানিস্তান আৰু ম্যানমাৰৰ এটা বৃহৎ অংশক সামৰি লৈছে৷ তদুপৰি হিন্দুকুশ হিমালয়তেই আছে অসমীয়া সভ্যতাৰ আয়ুসৰেখা মহাবাহু ব্রহ্মপুত্রকে ধৰি গংগা, সিন্ধু, মেকং, আমু দৰিয়া, তাৰিম, ইৰা’য়াৰি, ছালউইন, ইয়েল’ আৰু ইয়াংঝেৰ দৰে ১০খনকৈ প্রধান নদী৷ মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ শেহতীয়া এক গৱেষণাই হিন্দুকুশ হিমালয় তথা তিয়ান শ্বান পর্বতমালাপর্যন্ত বিস্তৃত ‘হাই মাউণ্টেইন এছিয়া’ত দ্রুত উষ্ণায়নৰ পৰিণতিত হ’ব পৰা ভয়াৱহ ভৱিষ্যতৰ অশনি সংকেত প্রদান কৰিছে৷ মেৰিলেণ্ড গ্রীনবেল্টস্থিত ‘নাছা’ৰ গর্ডাড স্পেচ ফ্লাইট চেণ্টাৰৰ বিজ্ঞানীসকলে কৰা এই গৱেষণাৰ সহযোগী আছিল ৱাশ্বিংটনৰ নেচনেল অ’ছেনিক এণ্ড এটম’স্ফেৰিক এডমিনিষ্ট্রেচন (নোৱা) আৰু কেলিফ’র্নিয়াৰ ষ্টেনফ’ড বিশ্ববিদ্যালয়৷ ২০০০ চনৰ পৰা ২০১৯ চনপর্যন্ত ‘নাছা’ৰ প্রেছিপিটেচন ডাটা আৰু ১৯৮২ চনৰ পৰা ২০১৭ চনলৈ ‘নোৱা’ৰ ক্লাইমেট মডেল ডাটাৰ সাহায্যত চলোৱা এই গৱেষণাটোত কোৱা হৈছে যে দ্রুত উষ্ণায়নৰ ফলত হিন্দুকুশ হিমালয় তথা হাই মাউণ্টেইন এছিয়াত ভূমিস্খলনৰ আশংকা বহুগুণে বৃদ্ধি পাইছে৷ বিশেষকৈ নেপাল, তিব্বত আৰু চীন সংলগ্ণ হিমালয়ৰ বিশাল এলেকাজুৰি হ’ব পাৰে ভয়ংকৰ ভূমিস্খলন৷ বিশেষকৈ নেপাল–চীন সীমান্তত ভূমিস্খলনৰ ঘটনা ৩০ৰ পৰা ৭০ শতাংশ বৃদ্ধি পাব৷ ভূমিস্খলনৰ বাবেই এই অঞ্চলৰ বৃহৎ বৃহৎ হিমবাহসমূহ তললৈ নামি আহিব আৰু সেইবোৰ গলিবলৈ আৰম্ভ কৰিব৷ যাৰ বাবে হিন্দুকুশ হিমালয়ত থকা ৮,৭৯০টা হিমবাহ হ্রদৰ ভিতৰত ২০৩টাই পানীৰে উপচি পৰাৰ সম্ভাৱনা প্রকট৷ এই হিমবাহ হ্রদসমূহৰ পানীয়ে পৰৱর্তী সময়ত হিন্দুকুশ হিমালয়ত থকা ব্রহ্মপুত্রসহ উক্ত ১০ প্রধান নদীৰ অৱবাহিকাসমূহেৰে নামি আহিব মহাপ্লাৱন৷ পৰৱর্তী ৪০ বছৰৰ ভিতৰতেই এনে ভয়ংকৰ প্রাকৃতিক দুর্যোগ সংঘটিত হোৱাৰ ইংগিত দি গৱেষণাটোত কোৱা হৈছে যে মহাপ্লাৱনে ভাৰত, বাংলাদেশ, ভূটান, নেপাল, চীন, পাকিস্তান, আফগানিস্তান আৰু ম্যানমাৰৰ প্রায় ২০০ কোটি মানুহৰ জীৱন বিপন্ন কৰিব৷ তাতকৈও ভয়ংকৰ কথাটো হ’ল– বৰফ গলি শেষ হৈ যোৱাৰ পাছত হিমবাহসমূহ এটা সময়ত ৰুক্ষ শিলাখণ্ডলৈ পৰিণত হ’ব৷ যাৰ কাৰণে সেই উৎসসমূহৰ পৰা বৈ অহা নদীসমূহৰ জলপৃষ্ঠ শুকাই যাব সম্পূর্ণৰূপে৷ ২০৮০ চনৰ পাছত হিন্দুকুশ হিমালয়ৰ প্রধান নদীসমূহৰ প্রায়ভাগেই শুকাই যোৱাৰ অশনি সংকেত প্রদানকাৰী ‘নাছা’ৰ এই গৱেষণাটোৰ গুৰুত্বপূর্ণ তথ্যসমূহ ৰাজহুৱা কৰিছে নেচনেল চেণ্টাৰ ফৰ প’লাৰ এণ্ড অ’ছেন ৰিছার্চে (এন চি পি অ’ আৰ)৷ সংস্থাটোৰ উপ–সঞ্চালক একলব্য শর্মাই সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত কয়– ‘আমি হিচাপ কৰি দেখিছোঁ যে উষ্ণায়নৰ ফলত পৃথিৱীৰ তাপমাত্রা যদি আৰু ১.৫ ডিগ্রী চেলচিয়াছ বৃদ্ধি হয়, তেন্তে কেৱল হিন্দুকুশ হিমালয়ৰেই উষ্ণতা বাঢ়িব ০.৩ ডিগ্রী চেলচিয়াছ৷ সেইদৰে উত্তৰ–পশ্চিম হিমালয় আৰু কাৰাকোৰাম পর্বতমালাৰ তাপমাত্রা হ’বগৈ ০.৭ ডিগ্রী চেলচিয়াছ৷’ পুনেস্থিত ‘এন চি পি অ’ আৰ’ৰ আন এজন শীর্ষ বিষয়া তথা আন্তর্জাতিক হিমবাহ বিশেষজ্ঞ এম ৰবিচন্দ্রনে ‘নাছা’ৰ গৱেষণাটোৰ প্রসংগতে সংবাদ মাধ্যমত গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ তেওঁ কয় যে দ্রুত উষ্ণায়নৰ প্রভাৱত নেপাল, তিব্বত আৰু চীনৰ হিমালয়ৰ বর্ষাকালৰ পৰিৱেশটোৰেই ব্যাপক পৰিৱর্তন হৈছে৷ বর্ষাকাল পূর্বতকৈ হৈছে অধিক দীঘলীয়া৷ এই এলেকাসমূহত যেতিয়াই–তেতিয়াই তুমুল বৃষ্টিপাত হয়৷ প্রায় প্রতিদিনে হোৱা বৰষুণৰ ফলত এই অঞ্চলসমূহত ভূমিস্খলনৰ আশংকা অধিক হৈছে৷ ভূমিস্খলনৰ কাৰণেই হিমালয়ৰ বৃহৎ বৃহৎ হিমবাহসমূহ কেইবাশ কিলোমিটাৰ তললৈ নামি আহিব আৰু দ্রুতগতিত সেয়া গলি যোৱাৰ ফলত মহাপ্লাৱনৰ সৃষ্টি হ’ব৷ জুন মাহৰ পৰা ছেপ্ঢেম্বৰ মাহলৈকে ভূমিস্খলন তথা হিমবাহ তললৈ নামি অহাৰ অধিক আশংকা থকা বুলিও তেওঁ উল্লেখ কৰে৷ ১৯৭০ চনৰ পৰাই হিন্দুকুশ হিমালয়ত উষ্ণায়নৰ বিৰূপ প্রভাৱ পৰিবলৈ ধৰাৰ কথাও তেওঁ উল্লেখ কৰে৷ এই সন্দর্ভত তেওঁ পুনৰ কয় যে সর্বোচ্চ শৃংগসহ সমগ্র হিন্দুকুশ হিমালয়ৰ বৰফ যি হাৰত গলিবলৈ ধৰিছে, একবিংশ শতিকাৰ শেষত ইয়াৰ তাপমাত্রা যদি ১.৫ ডিগ্রী চেলচিয়াছ বা ২.৭ ডিগ্রী ফাৰেনহাইটৰ মাজত নাথাকে, তেন্তে বৰফ গলাৰ প্রক্রিয়াটোৰ ধাৰাবাহিকতা অব্যাহত থাকিব৷ ৮০ বছৰ পাছত হিমালয়ৰ এক তৃতীয়াংশ বৰফ সম্পূর্ণৰূপে গলি যাব৷ সেইদৰে তাপমাত্রা যদি ২ ডিগ্রী চেলচিয়াছ বা ৩.৬ ডিগ্রী ফাৰেনহাইট হয়গৈ, তেন্তে হিমালয়ৰ আধা বৰফেই গলি যাব৷ তেওঁ সদৰী কৰা তথ্য অনুসৰি, ১৯৭০ চনৰ পৰা বিগত ৫০ বছৰত ইতিমধ্যে হিন্দুকুশ হিমালয়ৰ ১৫ শতাংশ বৰফ গলি পানী হৈ গৈছে৷ ইয়াৰ বাবে ২০৬০ চনত হিন্দুকুশ হিমালয় আৰু ইয়াৰ উৎসৰ পৰা বৈ অহা মহাবাহু ব্রহ্মপুত্রকে ধৰি ১০ প্রধান নদীৰ অৱবাহিকাসমূহত ভয়ংকৰ বানপানী হ’ব পাৰে৷ এই কথা পূর্বে উল্লেখ কৰি অহা হৈছে যে সুমেৰু আৰু কুমেৰুৰ পাছত হিন্দুকুশ হিমালয়কেই পৃথিৱীৰ ‘তৃতীয় মেৰু’ বুলি কোৱা হয়৷ হিন্দুকুশ হিমালয়ত হ’ব পৰা ভয়ংকৰ প্রাকৃতিক বিপর্যয়ৰ ফলত অহা ৪০ বছৰত বাৰম্বাৰ ভয়ংকৰ বানপানী হোৱাৰ সমান্তৰালভাৱে এই অঞ্চলত ভাৰতসহ ৮ দেশৰ জৈৱ বৈচিত্র্য–র্থনীতিলৈও কাল অমানিশা নামি আহিব৷ এই সন্দর্ভত ৰবিচন্দ্রনে কয় যে কেৱল হিন্দুকুশৰ পাহাৰ–পর্বততেই থাকে প্রায় ২৪ কোটি মানুহ আৰু হিন্দুকুশে সামৰি লোৱা ১০খন নদীৰ ওপৰত ২০০ কোটি মানুহ নির্ভৰশীল হৈ আছে৷ লগতে ইয়াত নিহিত হৈ আছে ভাৰত, চীন, পাকিস্তান, বাংলাদেশ, নেপাল, আফগানিস্তান, ভূটান আৰু ম্যানমাৰৰ অর্থনীতিত জলবিদ্যুৎ উৎপাদন, কৃষি–শস্য সংৰক্ষণৰ দৰে গুৰুত্বপূর্ণ খণ্ডসমূহ৷ ১০খন নদীৰ অৱবাহিকাত সম্ভাব্য ভয়ংকৰ বানপানীৰ লগে লগে এই ২০০ কোটি মানুহ আৰু গুৰুত্বপূর্ণ খণ্ডসমূহ বিপন্ন হোৱাৰ সম্ভাৱনাই অধিক৷