ন্যায় ব্যৱস্থালৈ প্রত্যাহ্বান
প্রায় দুই দশক পূর্বে ধেমাজিৰ স্বাধীনতা দিৱসৰ কার্যসূচীত আলফাই সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণত কাৰাদণ্ডিত ৫জনক ২৪ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দোষমুক্ত ঘোষণাই প্রতিজন বিবেকৱান লোক ক্ষুণ্ণ আৰু ব্যথিত কৰিছে৷ ২০০৪ চনৰ ১৫ আগষ্টত নিষিদ্ধ আলফাৰ বোমা বিস্ফোৰণত ১০ শিশুকে ধৰি ১৩জন লোকৰ প্রাণহানি হৈছিল৷ উক্ত বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে স্বাধীনতা দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰা কণ কণ শিশুকে ধৰি অর্ধশতাধিক লোক ঘুণীয়া হৈছিল৷ এনে জঘন্য বিস্ফোৰণৰ বাবে আলফাৰ নেতৃত্বক অসমৰ সর্বশ্রেণীৰ ৰাইজে ধিক্কাৰ দিয়াই নহয়, বিস্ফোৰণত জড়িতসকলক কঠোৰ শাস্তি প্রদানৰ দাবী উত্থাপন কৰিছিল ৰাইজে৷ বিস্ফোৰণৰ ঘটনাক লৈ সৃষ্টি হোৱা প্রতিক্রিয়াৰ প্রতি লক্ষ্য ৰাখি সেই সময়ৰ কংগ্রেছ নেতৃত্বাধীন চৰকাৰখনে ১৬ আগষ্টৰ দিনটো ৰাজ্যিক শোক দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছিল আৰু নিহত ১৩গৰাকীৰ স্মৃতিত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত বিস্ফোৰণস্থলীত নির্মাণ কৰিছিল স্মৃতিস্তম্ভ৷ ইয়াৰ উপৰি নিহতসকলৰ স্মৃতিত ধেমাজিত শিশু শিক্ষা আৰু উৎকর্ষ সাধন নামেৰে এটা ভৱন নির্মাণ কৰি নিহত ১৩গৰাকীৰ প্রতিমূর্তিও স্থাপন কৰা হৈছিল৷ সমগ্র দেশ কঁপাই যোৱা ধেমাজিৰ ভয়াৱহ বিস্ফোৰণৰ তদন্ত প্রক্রিয়াত আৰক্ষীৰ গাফিলতিৰ বাবেই এনে জঘন্য কাণ্ডত জড়িতসকলে আদালতৰ মজিয়াত দোষমুক্ত হ’বলৈ সক্ষম হৈছে৷ বিভীষিকাকাৰী বিস্ফোৰণ সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১২১/১২১(এ)/১২২/৩০২/৩২৬ আৰু বিস্ফোৰক সামগ্রী আইনৰ ৩/৪ ধাৰাৰ অধীনত ধেমাজি থানাত ২০২/২০০৪ নম্বৰ গোচৰ পঞ্জীভুক্ত কৰিছিল যদিও তদন্ত প্রক্রিয়া ক্ষিপ্রগতিত সম্পন্ন কৰাৰ ক্ষেত্রত আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্রহণ কৰা নাছিল৷ ভয়াৱহ বিস্ফোৰণৰ গোচৰটোৰ প্রায় ৭ বছৰ ধৰি চলোৱা তদন্তৰ শেষত ২০১১ৰ ২৮ ফেব্রুৱাৰীতহে অভিযোগনামা দাখিল কৰিছিল আৰক্ষীৰ তদন্তকাৰী বিষয়াই৷ অভিযোগনামাত বিস্ফোৰণৰ বাবে ১৫জন লোকক অভিযুক্ত কৰা হৈছিল৷ ইয়াৰ পাছতে ধেমাজি জিলা আৰু সত্র ন্যায়াধীশৰ আদালতত উক্ত গোচৰৰ শুনানি আৰম্ভ হৈছিল ৷ উক্ত গোচৰৰ শুনানিত তদন্তকাৰী বিষয়াই প্রস্তুত কৰা ৫৮গৰাকী সাক্ষীয়ে আদালতত সাক্ষ্যদান কৰিছিল ৷ ২০১৯ৰ চাৰি জুলাইত ধেমাজি জিলা আৰু সত্র ন্যায়াধীশ আদালতে দীপাঞ্জলি বৰগোহাঁই, লীলা গগৈ, যতীন দুৱৰী, মুহি সন্দিকৈ, প্রশান্ত ভূঞা আৰু হেমেন গগৈক দোষী সাব্যস্ত কৰি কাৰাদণ্ডৰে দণ্ডিত কৰে৷ সত্র ন্যায়াধীশৰ আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা আপীল আবেদনৰ ভিত্তিত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত চাৰিজনকে ধৰি আটাইকেইজন অপৰাধীক দোষমুক্ত ঘোষণা কৰা হৈছে৷
ধেমাজি বিস্ফোৰণৰ তদন্ত প্রক্রিয়াত আৰক্ষীৰ পালমৰা ব্যৱস্থাৰ বাবেই নিম্ন আদালতে দোষী সাব্যস্ত কৰা অপৰাধীকেইজন উচ্চ ন্যায়ালয়ত দোষমুক্ত হ’বলৈ সক্ষম হৈছে৷ ধেমাজি বিস্ফোৰণৰ গোচৰত আৰক্ষীয়ে উপযুক্ত তথ্য–প্রমাণ আহৰণ কৰা নাছিল৷ নিম্ন আদালতত সাক্ষ্য প্রদান কৰা ৫৮গৰাকী লোকৰ কোনো এজনে বিস্ফোৰণৰ ঘটনাত দীপাঞ্জলি বৰগোহাঁই, লীলা গগৈ, যতীন দুৱৰী, মুহি সন্দিকৈ, প্রশান্ত ভূঞা আৰু হেমেন গগৈ জড়িত বুলি স্বীকাৰোক্তি প্রদান কৰা নাছিল৷ নিম্ন আদালতৰ ৰায়ে যতীন দুৱৰীয়ে দোষ স্বীকাৰ কৰা বুলি জবানবন্দী দিছিল যদিও ইয়াৰ দৃশ্যপট সৃষ্টিৰ ক্ষেত্রত আৰক্ষীৰ ভূমিকা আছিল ৰহস্যজনক৷ যতীন দুৱৰীক লৈ আৰক্ষীয়ে বোমা বিস্ফোৰণৰ ঘটনাৰ পুনৰ দৃশ্যপট সৃষ্টিৰ ভিডিঅ’ বাণীবদ্ধ কৰিছিল যদিও বিচাৰ প্রক্রিয়াৰ সময়ত সেয়া দাখিল কৰা নাছিল৷ ইয়াৰ উপৰি ধেমাজি বিস্ফোৰণত জড়িত আলফাৰ ৪/৫জন যুৱকক অভিযুক্ত হেমেন গগৈয়ে আশ্রয় প্রদান কৰা বুলি আৰক্ষীয়ে অভিযোগনামাত উল্লেখ কৰিছিল যদিও সেই যুৱককেইজন যে আলফাৰ সদস্য সেয়া নিশ্চিত কৰিবলৈ সক্ষম হোৱা নাছিল তদন্তকাৰী বিষয়াই৷ আৰক্ষীৰ এনে পালমৰা তদন্তৰ বাবেই যে ধেমাজিৰ শিহৰণকাৰী বোমা বিস্ফোৰণৰ অপৰাধীয়ে এতিয়া মুকলি আকাশৰ তলত থকাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে৷ এয়া নিশ্চিতভাৱে আমাৰ দেশৰ ন্যায় ব্যৱস্থাৰ প্রতিও এক গুৰুতৰ প্রত্যাহ্বান৷ অপৰাধীক উপযুক্ত শাস্তি প্রদানেৰে সমাজত শান্তি প্রতিষ্ঠা কৰিবলৈ হ’লে তদন্ত প্রক্রিয়া সঠিকভাৱে সম্পন্ন কৰাৰ ক্ষেত্রত তদন্তকাৰী বিষয়াই গুৰুত্বপূর্ণ ভূমিকা ল’ব লাগিব৷ বিজ্ঞানসন্মত আৰু তথ্যনির্ভৰ অভিযোগনামা, প্রয়োজনীয় সাক্ষী অবিহনে আদালতে কোনো অপৰাধীক আইনৰ অধীনত শাস্তি প্রদান কৰিব নোৱাৰে৷ কিন্তু ধেমাজিৰ বিস্ফোৰণৰ দৰে গুৰুতৰ অপৰাধত অভিযুক্তই যেতিয়া পালমৰা তদন্তৰ বাবে আদালতত দোষমুক্ত হয়, তেতিয়া দেশৰ ন্যায় ব্যৱস্থাৰ প্রতিও সর্বসাধাৰণ লোকৰ মাজত বিভিন্ন প্রশ্ণৰ উদয় হয়৷ এয়া আমাৰ ন্যায় ব্যৱস্থাৰ প্রতি শুভলক্ষণ নহয়৷ ন্যায় ব্যৱস্থাৰ প্রতি সমাজৰ সর্বশ্রেণীৰ লোকৰ মাজত আস্থা আৰু বিশ্বাস অক্ষুণ্ণ ৰখাটো সকলোৰে বাবে মংগল৷ কিন্তু ধেমাজি কাণ্ডক কেন্দ্র কৰি আৰক্ষীয়ে যিদৰে পালমৰা তদন্ত কৰিলে, ইয়াৰ উচিত বিচাৰ নহ’লে বিধ্বংসী বিস্ফোৰণটোত নিহত ১০ কণ কণ শিশুকে ধৰি ১৩জন লোকৰ পৰিয়াল আৰু ঘুণীয়া হোৱা অর্ধশতাধিক লোক ন্যায়ৰ পৰা বঞ্চিত হৈছে৷ এয়া নিশ্চিতভাৱে দুর্ভাগ্যজনক৷ ধেমাজি কাণ্ডৰ তদন্ত আৰু শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাদণ্ডিতসকলক দোষমুক্ত কৰাৰ ৰায়ক লৈ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানগৰাকীক পর্যালোচনা কৰিবলৈ দায়িত্ব দিয়া বুলি সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ যদিহে গুৱাহাটী উচ্চ ন্যায়ালয়ত উন্মোচিত তথ্য সত্য হয়, তেন্তে উক্ত গোচৰটো উচ্চতম ন্যায়ালয়ত আপীল কৰিলেও ধেমাজি বিস্ফোৰণৰ ক্ষতিগ্রস্তসকলে আশা কৰা ধৰণে ন্যায় পাব বুলি আশা কৰিব নোৱাৰি৷ কিয়নো বিস্ফোৰণ সংঘটিত কৰা আলফাৰ মূল চক্রটোৰ লোকসকলৰ আৰক্ষীয়ে তথ্য–প্রমাণসহ অভিযোগনামাত নাম উল্লেখ কৰা নাই বুলি অভিযোগ উঠিছে৷ মাথোঁ আশ্রয়দাতাৰ নামহে উল্লেখ আছে৷ এনে পৰিস্থিতিত ধেমাজি কাণ্ডৰ প্রায় দুই দশক পাছত চিবিআই তদন্তৰ দাবী উত্থাপন হোৱাটো অসম আৰক্ষীৰ বাবে লজ্জাজনক৷