প্রাণীকুললৈ আশংকা ! অৰণ্যত হ্রাস সালোক সংশ্লেষণ
🔹 গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ প্রভাৱ
বিশেষ বাৰ্তা, ২৯ আগষ্ট : গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অৰণ্যত হ্রাস পাইছে সালোক সংশ্লেষণ৷ বর্ষা অৰণ্যসমূহক পৃথিৱীৰ হূদপিণ্ড বুলি কোৱা হয়৷ এই হূদপিণ্ডস্বৰূপ অৰণ্যই বিপুল পৰিমাণৰ ক্ষতিকাৰক কার্বন–ডাই–ক্সাইড গেছ শুহি লৈ অক্সিজেন ওভতাই দিয়ে প্রকৃতিক৷ কিন্তু অৰণ্যত সালোক সংশ্লেষণ হ্রাস পোৱাৰ লগে লগে অকালতে সৰি পৰিব ধৰিছে গছৰ পাত৷ হ্রাস পাই আহিছে সেউজ ৰং৷ বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ‘প্রাণ হেৰুৱাবলৈ লৈছে’ অৰণ্য অঞ্চলে৷ সালোক সংশ্লেষণ প্রক্রিয়াৰ জৰিয়তেই জীৱকুললৈ অক্সিজেন এৰি আহিছে অৰণ্য অঞ্চলে৷ কিন্তু ভয়াৱহ বনজুই, অৰণ্য ধ্বংস অভিযান, বন্যপ্রাণী হত্যা, খৰাং পৰিস্থিতি আদিৰ ফলত অৰণ্যৰ শ্বাসৰুদ্ধ হৈ যোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইয়াৰ ভিতৰত নতুন আতংক হিচাপে চিহ্ণিত হৈছে গোলকীয় উষ্ণতা৷ বিজ্ঞান জার্নাল ‘নেচাৰ’ত প্রকাশিত এক প্রতিবেদনত দাবী কৰা হৈছে যে তাপমাত্রা অত্যধিক বৃদ্ধিৰ ফলত বর্ষা অৰণ্যৰ বাবে সৃষ্টি হৈছে প্রত্যাহ্বান৷ বর্ষা অৰণ্যসমূহৰ বাবে এয়া অসহনীয় হৈ উঠিছে৷ ঊর্ধ্বমুখী তাপমাত্রাৰ ফলত গছৰ সালোক সংশ্লেষণ প্রক্রিয়া বাধাপ্রাপ্ত হৈছে। সালোক সংশ্লেষণ প্রক্রিয়া বাধাপ্রাপ্ত হোৱা মানেই বতাহত অক্সিজেন হ্রাস পাব আৰু ই জীৱকুললৈ নমাই আনিব বিভীষিকা৷ এই আশংকা ব্যক্ত কৰা হৈছে ‘নেচাৰ’ জার্নালৰ প্রতিবেদনত৷