অসমীয়া চিনেমাৰ দিন
ৰাষ্ট্রীয় চলচ্চিত্র প্রতিযোগিতাত অসমৰ কেইবাখনো ছবিয়ে কেইবাটাও বঁটা লাভ কৰি সমগ্র চলচ্চিত্র সমাজখনত উৎসাহৰ এক সজীৱ ঢৌৰ সৃষ্টি কৰিছে৷ এই স্বীকৃতিয়ে চিনেমাকেইখনক নিজৰ সম্প্রদায়ৰ পৰা বাহিৰলৈ নিয়াৰ অনুঘটক হিচাপে কাম কৰে৷ এই বঁটা চিনেমাৰ লগত কোনো ধৰণে জড়িত নোহোৱা ব্যক্তিৰ বাবেও প্রেৰণা, সহযোগিতা আৰু উদ্যাপনৰ কেন্দ্রবিন্দু হৈ পৰে৷ এই বঁটাই চিনেমাৰ কৃতিত্বক সন্মান জনোৱাৰ লগতে চলচ্চিত্র নির্মাতা, অভিনেতা, লেখক, কাৰিকৰী লোক আৰু অনুৰাগীসকলৰ মাজত থকা আপোন ভাব আৰু ঐক্যবোধক সাৰ–পানী যোগায়৷ ৰাষ্ট্রীয় পর্যায়ৰ এই বঁটাক সন্মুখত ৰাখি চলচ্চিত্র নির্মাতাসকলে নিজৰ কামক শ্রেষ্ঠ হিচাপে প্রস্তুত কৰিবলৈ চেষ্টা কৰে, সীমাবদ্ধতাক ঠেলি দিয়ে আৰু উদ্ভাৱনীমূলক পন্থাৰ অন্বেষণ কৰে, যাতে লক্ষ্যৰ প্রতি আগবাঢ়ি যাব পাৰে৷ সুস্থ প্রতিযোগিতাৰ এহ গতিশীল পৰিৱেশে কলাত্মক মানৰ উত্থানৰ সূচনা কৰে আৰু চলচ্চিত্র নির্মাণৰ সামগ্রিক পৰিৱেশ উন্নত কৰাত সহায় কৰে৷ এনেকুৱা সময়ত চৰকাৰে বঁটাপ্রাপকসকলক অভিনন্দন জনোৱা উচিত, কাৰণ ৰাজ্যখনলৈ সন্মান কঢ়িয়াই অনাসকলক ৰাজ্যখনৰ শীর্ষস্থানৰ ব্যক্তিয়ে অভিনন্দন জনোৱা কামটোৱে সেই অভিনন্দনক এটা ৰাজ্যিক মর্যাদা প্রদান কৰে৷ এটা সময়ত অসম চৰকাৰে ৰাষ্ট্রীয় বঁটা বিজয়ীসকলক নগদ ধনেৰে অভিনন্দন জনাইছিল৷ পিছত এই কামটোৰ ধাৰাবাহিকতা নাথাকিল৷ কিন্তু কথা হ’ল চৰকাৰে হুজুগত বা উত্তেজনাত এনেকুৱা কাম নকৰে, এটা নীতি–নিয়মৰ মাজেৰেহে এনেকুৱা কাম কৰিব৷ তেনেস্থলত এই কামটোৰ ধাৰাবাহিকতা কিয় বন্ধ হৈ গ’ল, সেই কথা জনাৰ অধিকাৰ ৰাইজৰ থাকিব৷ অসম চৰকাৰৰ চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ পৰা আৰম্ভ কৰা এই নগদ ধনৰ অভিনন্দন প্রথাটো নিগমৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে নিজৰ ইচ্ছামতে আৰম্ভ আৰু সমাপ্ত কৰিছিল নেকি? এনেকুৱা কাম নোহোৱাটোৱেই ভাল৷
ৰাষ্ট্রীয় বঁটাৰ বিজয়ীসকলে লাভ কৰা প্রচাৰৰ বাবে স্থানীয় চলচ্চিত্র সম্প্রদায়টোৱে ব্যাপক মনোযোগ আকর্ষণ কৰে৷ ইয়াৰ ফলত বিনিয়োগ, অনুদান আৰু পৃষ্ঠপোষকতাৰ সম্ভাৱনা বৃদ্ধি পায়৷ যাৰ ফলত স্থানীয় চলচ্চিত্র উদ্যোগৰ অর্থনৈতিক আৰু সৃষ্টিশীল সম্ভাৱনাক শক্তিশালী কৰা হয়৷ ভাৰত চৰকাৰে স্বীকৃত ভাষাৰ বাহিৰে আন ভাষাৰ ছবিকো পুৰস্কাৰ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰাৰ লগে লগে বহু চিত্র নির্মাতাই তেনে ভাষাবোৰত ছবি কৰিবলৈ আৰম্ভ কৰিলে৷ তেনেদৰে নির্মাণ কৰা ছবিত শিল্পী মনৰ তাড়না আৰু তাগিদা কিমান আছে, সেই কথা সন্দেহৰ আৱর্তত থাকিলেও সেই ভাষা আৰু ভাষাৰ প্রচলন থকা ঠাইখিনিৰ সমাজখন যে পোহৰলৈ আহিব পাৰে, তাত কোনো সন্দেহ নাথাকে৷ চৰকাৰৰ এই আঁচনিৰ বাবে পুৰস্কাৰৰ সপোন দেখা বা আকাংক্ষা কৰা এচাম প্রযোজক–পৰিচালকে ভাৰতৰ ভিতৰুৱা অঞ্চলৰ বহু কাহিনী আৰু ব্যক্তিক বহল জগতখনলৈ লৈ আহিছে৷ সাধাৰণতে তথ্যচিত্র নির্মাতাসকল অগম্য ঠাইলৈ যায় নতুন আৰু আগতে নেদেখা দৃশ্য বা অভিজ্ঞতাৰ সন্ধানত৷ এতিয়া কাহিনীচিত্রৰ পৰিচালকেও একেধৰণৰ অন্বেষণ কৰে৷ ৰাষ্ট্রীয় বঁটাই এই পৰিৱর্তন লৈ আহিছে৷ অকল যে অনাৱিষৃকত জগতৰ কাহিনীয়েই বঁটাৰ জগতত আধিপত্য বিৰাজ কৰিব সেইটো নহয়, বক্স অফিচক সন্মুখত ৰাখি নির্মাণ কৰা চিনেমাও বঁটাৰ বাবে বিবেচিত হয়৷ বাণিজ্য সফল ছবিক হীন দৃষ্টিৰে চোৱা যি এক পৰম্পৰা আছিল, এতিয়া সেই ধাৰণা আৰু নাই৷ ৰাষ্ট্রীয় বঁটাই হওক বা ৰাজ্যিক বঁটাই হওক, উভয় ক্ষেত্রতেই এতিয়া একেধৰণৰ আদর্শই কাম কৰে৷ কিন্তু এটা কথা সত্য যে অসমত এতিয়াও ৰাজ্যিক বঁটাটোৰ প্রতি চৰকাৰে উপযুক্ত মনোযোগ দিয়া নাই৷ ৰাজ্যিক বঁটা প্রদানৰ দায়িত্বত থকা চলচ্চিত্র বিত্ত নিগমৰ চৰকাৰী বিষয়াগৰাকীয়ে কাঁ ফেষ্টিভেলত চিনেমা চাবলৈ যাব পাৰে অথবা এই কামৰ বাবে চৰকাৰৰ উচ্চপদস্থ বিষয়াক প্রভাৱিত কৰি চৰকাৰী ধন উলিয়াই ল’ব পাৰে, কিন্তু সেই একেগৰাকী বিষয়াই ৰাজ্যিক বঁটাকেইটা কিয় ভালদৰে দিব নোৱাৰে তাক বুজা টান৷ নিগমত থকা অধ্যক্ষ–উপাধ্যক্ষয়ো কথাটিত মনোযোগ দিয়া উচিত৷