🔹 পানীৰ দৰত বিক্ৰী তিনিচুকীয়াৰ কেঁচাপাত
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : “বাৰিষাত দুবাৰ বানপানী আহে। প্ৰথমবাৰ আহে বাৰিষাৰ পানীৰে আৰু দ্বিতীয়বাৰ আহে বান বিধ্বস্তৰ চকুলোৰ ৰূপত। কিন্তু এইবাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চকুলোৰে অভাৱনীয় বানৰ সৃষ্টি কৰিছে।”- সংবাদ মাধ্যমৰ ওচৰত এইদৰে মন্তব্য কৰিছে এগৰাকী বিধ্বস্ত ক্ষুদ্ৰ চাহ খেতিয়ক বিক্ৰম বৰগোহাঁয়ে। উল্লেখ্য যে তিনিচুকীয়া জিলাত কেঁচা চাহপাতৰ মূল্য অভূতপূৰ্বভাৱে হ্ৰাস পোৱাত জিলাখনৰ ৫৬ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। ফলত তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই জিলাখনৰ ২২খন আঞ্চলিকত সজাগতা সভা অনুষ্ঠিত কৰিব লগা হৈছে। জিলা সমিতিয়ে অলপতে সমগ্ৰ জিলাখনৰ চাহ খেতিয়কক লৈ ডুমডুমাত এখন বিশাল গণ সমাৱেশ আয়োজনেৰে ৰণডংকা বজোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনোৱা মতে, এই সমাৱেশৰ পাছতেই দিছপুৰ চল’ কাৰ্যসূচীও গ্ৰহণ কৰিব। বৰগোহাঁয়ে কয় যে ২০০ বছৰে ১০ লাখ ব্ৰিটিছে ৩০ কোটি (বৰ্তমান ১৪২ কোটি) অবিভক্ত ভাৰতীয়ক ঠগাৰ পাছত স্বাধীন ভাৰতৰ বৰ্তমানৰ অমৃত কালত পৃথিৱীৰ সবাতোকৈ চহকী খেতিৰ গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কসকলক ঠগাই নহয়, পানীত হাঁহ নচৰা অৱস্থা কৰি পেলাইছে। তেওঁ কয়- যি সময়ত একে মানবিশিষ্ট পাতৰ প্ৰতি কিলোগ্ৰামত ডিব্ৰুগড়ৰ কলঘৰে ৩০ টকাকৈ প্ৰদান কৰিছে, তেনে সময়তে তিনিচুকীয়াৰ ৫৬ হাজাৰ খেতিয়কে প্ৰতি কিলোগ্ৰাম চাহপাতৰ বিনিময়ত মাত্ৰ ১২ টকাৰ পৰা ১৬ টকাৰ ভিতৰতহে লাভ কৰিছে। উজনি অসমৰ চাহ খেতিযুক্ত অন্যান্য জিলা আৰু উত্তৰ লখিমপুৰৰ কলঘৰসমূহে উচিৎ মূল্য প্ৰদান কৰাৰ বিপৰীতে তিনিচুকীয়াৰ কলঘৰসমূহে প্ৰতি কিলোগ্ৰাম চাহপাতৰ উৎপাদনী ব্যয় মূল্যতকৈও কমকৈ মূল্য নিৰ্ধাৰণ কৰাৰ ফলত চাহ খেতিয়কৰ অৱস্থা পানীত হাঁহ নচৰা হোৱাটোৱেই স্বাভাৱিক। অৰুণাচলত উৎপাদিত নিম্ন মানবিশিষ্ট কেঁচাপাত তিনিচুকীয়াৰ কলঘৰলৈ প্ৰেৰণ কৰাৰ বাবেই চাহিদাতকৈ যোগানৰ পৰিমাণ বৃদ্ধি হৈ পৰে আৰু কলঘৰ কৰ্তৃপক্ষই মনমৰ্জি মতে কেঁচা পাতৰ দৰ নিৰ্ধাৰণ কৰিবলৈ সুযোগ লাভ কৰিছে। গতিকে অসম চৰকাৰে অৰুণাচলৰ পাত অসমত প্ৰৱেশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা লগাই এক আইন প্ৰণয়ন নকৰিলে তিনিচুকীয়াৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ ওৰ নপৰিব। স্মামী নাথন আয়োগে উৎপাদিত কেঁচা সামগ্ৰীৰ ওপৰত তৈয়াৰ কৰা এম এছ পি (মিনিমাম ছাপ’ৰ্ট প্ৰাইচ) ৰ সূত্ৰ কেঁচা পাতৰ ওপৰত প্ৰযোজ্য কৰিলেহে তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে জীয়াই থকাৰ বাট বিচাৰি পাব বুলিও বক্তাগৰাকীয়ে মন্তব্য কৰে। এম এছ পি হৈছে প্ৰতি কিলোগ্ৰাম উৎপাদিত কেঁচা সামগ্ৰীৰ উৎপাদনী ব্যয় মূল্যৰ সতে তাৰ ডেৰ গুণ সংযোজন ঘটাই কৃষকক প্ৰদান কৰাৰ প্ৰক্ৰিয়া।
প্ৰেৰক ৰবীন মৰাণ