ভাদমহীয়া নামৰ শব্দৰে অসমৰ আকাশ–বতাহ মুখৰ কৰা এই সময়খিনিয়েই অসমৰ সামাজিক অনুষ্ঠান আৰু উৎসৱবোৰৰ আৰম্ভণিস্বৰূপ৷ ইয়াৰ পাছতেই বিভিন্ন পূজা, গুৰু দুজনাৰ তিথি, বিহু ইত্যাদি৷ এই অনুষ্ঠানবোৰৰ কেইটামান উৎসৱৰ মূল যদিও ধর্মীয় উপাসনা পদ্ধতিৰ মাজত পোৱা যায় তথাপি এই অনুষ্ঠানবোৰ সামাজিক অনুষ্ঠানত পৰিণত হৈছে৷ যিবোৰ উৎসৱৰ পৰিসীমা ধর্মীয় বান্ধোনেৰে বান্ধি থোৱা নহয়৷ বিশ্বকর্মা পূজা হিন্দুু ধর্মীয় উৎসৱ হ’লেও এই উৎসৱ এতিয়া ধর্মীয় উৎসৱ হৈ থকা নাই, ই কাৰিকৰী কাম কৰা মানুহৰ উৎসৱ৷ এনেদৰে যুগে যুগে উৎসৱৰ বর্ণ আৰু চৰিত্রৰ পৰিৱর্তন হৈ থাকিলেও এই উৎসৱবোৰ আচলতে সমাজৰ বিভিন্ন সম্প্রদায়ৰ মাজৰ বন্ধন, ভাৰতীয় সমাজ আৰু পৰম্পৰাৰ এটি মূল শিলাস্তম্ভ৷ এই বিভিন্ন উৎসৱৰ উদ্যাপনবোৰে বিভিন্ন পটভূমি, বিশ্বাস, পৰম্পৰাৰ লোকসকলক একত্রিত কৰিবলৈ একোখন শক্তিশালী মঞ্চ হিচাপে কাম কৰে৷ এহ ডৎসৱসমূহে সামাজিক–সম্প্রীতিৰ ভাবনাক লালন–পালন কৰে আৰু কেহবাটাও দিশত সামাজিক সংহতিৰ প্রসাৰ ঘটায়৷ প্রথম কথা হ’ল এনে সামাজিক ডৎসৱবোৰে আদান–প্রদানৰ বাবে ডমৈহতীয়া ভিত্তি সৃষ্টি কৰে৷ একেটা চুবুৰিৰেহ হওক বা এক উমৈহতীয়া সাংস্কৃতিক বা ধর্মীয় সংযোগৰ লোকেহ হওক, বিভিন্ন শ্রেণীৰ লোকসকলে এহ উৎসৱত অংশগ্রহণ কৰিবলৈ সমৱেত হয়৷ দৈনন্দিন জীৱনত প্রায়ে লগ নোহোৱা ব্যক্তিসকলৰ এহ শাৰীৰিক একত্রীকৰণে এক সম্প্রদায়বোধৰ সেতু নির্মাণ কৰে আৰু সময়ৰ সোঁতত সীমিত হ’ব পৰা মুখামুখি পাৰস্পৰিক ক্রিয়া–কলাপবোৰকো ডৎসাহিত কৰে৷ এহ উৎসৱসমূহে সাংস্কৃতিক সম্পদ আৰু পৰম্পৰাৰ আদান–প্রদানক ডৎসাহিত কৰে৷ এনে উৎসৱবোৰৰ সময়ত সম্প্রদায়বোৰে নিজৰ অনন্য ৰীতি–নীতি, আচাৰ–ব্যৱহাৰ আৰু ঐতিহ্য–সম্ভাৰ প্রদর্শন কৰি গৌৰৱ অনুভৱ কৰে৷ এনেবোৰ কাৰণতে অসম চৰকাৰে বিভিন্ন সাংস্কৃতিক উৎসৱ উদ্যাপনৰ লগত নিজকে জড়িত কৰিছে আৰু বহু আয়োজকক আর্থিকভাৱে সহযোগ আগবঢ়াই আহিছে, যাতে এই সামাজিক অনুষ্ঠান–উৎসৱবোৰে ঐতিহ্য–পৰম্পৰা ৰক্ষাৰ লগতে সমাজৰ বিভিন্ন সম্প্রদায়ৰ মাজত সংহতিৰ বান্ধোন কটকটীয়া কৰি তোলে৷
সময়ৰ বিৱর্তন আৰু পৰিৱর্তনৰ লগে লগে নতুন নতুন সামাজিক উৎসৱৰ জন্ম হৈছে আৰু এইবোৰৰ কিছুমানে বিভিন্ন সামাজিক দায়িত্ব পালন কৰি আহিছে আৰু কিছুমানে ঐতিহ্য আৰু পৰম্পৰাৰ সংকট হিচাপে বিপজ্জনক ৰূপত থিয় হৈছে৷ এই তুলনামূলক নতুন অনুষ্ঠানৰ ভিতৰত প্রথমতে দৃষ্টি আকর্ষণ কৰা সামাজিক অনুষ্ঠান হ’ল গ্রন্থমেলা৷ অসমত বহু দিন ধৰি চৰকাৰী প্রচেষ্টাত অকল গুৱাহাটীতে গ্রন্থমেলাৰ আয়োজন চলি আছিল আৰু অসমৰ বিভিন্ন ঠাইত সৰু–বৰ স্থানীয় সংগঠনবোৰে গ্রন্থমেলাৰ আয়োজন কৰিছিল৷ এই মেলাবোৰৰ লগত অর্থ বিনিয়োগ আৰু লাভ–লোকচানৰ কথা জড়িত আছিল বাবেই এনে আয়োজন সকলোৰে বাবে সম্ভৱ নাছিল৷ অসম চৰকাৰে প্রকাশন পৰিষদ আৰু অইন ব্যৱসায়িক সংগঠনৰ লগ হৈ অসমৰ বিভিন্ন ঠাইত গ্রন্থমেলাৰ আয়োজন কৰি এই সামাজিক অনুষ্ঠানটিক এটি নতুন মাত্রা প্রদান কৰিলে৷ এই কামে চৰকাৰৰ বাবে কিমান অর্থ উপার্জন কৰি দিলে সেয়া প্রধান কথা নহয়, প্রধান কথা হ’ল সমাজে বিচৰা এটি অনুষ্ঠানক ব্যাপ্ত প্রদান কৰা আৰু চৰকাৰে কল্যাণকামী ৰাজ্য এখনৰ দায়িত্ব পালন কৰা৷ অকল কিতাপেই নহয়, সমাজত আন অনুষ্ঠানৰো প্রয়োজন আছে৷ চৰকাৰে চলচ্চিত্র মহোৎসৱ এটিৰ সফল আৰম্ভণি কৰিছিল, কিন্তু তাৰ বিকাশ নঘটিল৷ এই মহোৎসৱৰ ধাৰাবাহিকতা ৰক্ষা কৰা উচিত৷ ঠিক তেনেদৰে নৃত্য–সংগীত–চিত্রক্ উৎসৱ চৰকাৰী প্রচেষ্টাত দিনপঞ্জী মতে অনুষ্ঠিত হোৱা উচিত৷ এনেধৰণৰ উৎসৱ বিভিন্ন সংগঠনেও অনুষ্ঠিত কৰি থাকে৷ তেনে সংগঠনবোৰকো চৰকাৰে নীতি–নিয়মৰ মাজেৰে সহায় কৰিব লাগে৷ বিহুৰ নামত আধুনিকগীতৰ ফাংচনবোৰক অর্থসাহায্য দিয়া কথাটো পুনৰ বিবেচনাৰ প্রয়োজন৷ ভাৰতৰ সামাজিক ডৎসৱসমূহে কেৱল সাংস্কৃতিক ঐতিহ্যক ডদ্যাপন কৰাহ নহয়, হ সক্রিয়ভাৱে সংৰক্ষণৰ সজীৱ মঞ্চ হিচাপেও কাম কৰে আৰু নতুন পৰম্পৰাৰো আৰম্ভণি কৰে৷ চৰকাৰী সাহায্য প্রদানৰ সময়ত এই কথাবোৰ বিবেচনা কৰা উচিত৷