নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়াধত চিগাৰেট সেৱনো ছৌদি যুৱতীৰ স্বাধীনতাৰ অংশ

পাশ্চাত্যৰ চিন্তা–চেতনাৰে উদ্বুদ্ধ কট্টৰ ইছলামিষ্ট সমাজৰ নাৰী

নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ ছৌদি যুৱৰাজ মহম্মদ বিন ছলমানে দেশখনত নাৰীৰ ওপৰত থকা নিষেধাজ্ঞা পর্যায়ক্রমে প্রত্যাহাৰ কৰিবলৈ লোৱা বিষয়টোক দেশখনৰ কঠোৰ ইছলামিষ্ট লোকসকলে সমালোচনা কৰিছে ৷ শেহতীয়াকৈ ছৌদি আৰবৰ ৰাজধানী ৰিয়াধৰ কাফেত মহিলাই মুকলিকৈ ধূমপান কৰিবলৈ লৈছে৷ সংবাদ সংস্থা এএফপিৰ প্রতিবেদন অনুসৰি চিগাৰেট সেৱন কৰাটো দেশখনৰ নাৰীসকলে স্বাধীনতাৰ এক অংশ বুলি গণ্য কৰিবলৈ লৈছে৷ পৰিণতিত পাশ্চাত্যৰ এক জীৱনধাৰাই গা কৰি উঠিছে ছৌদি আৰবত৷ পাশ্চাত্যৰ নাৰীবাদী সংগঠনসমূহৰ চিন্তা–চেতনাৰ দ্বাৰা উদ্বুদ্ধ হৈছে ছৌদি নাৰী সমাজো৷ গতিকে কুৰি বছৰীয়া ছৌদি যুৱতীয়ে এতিয়া মুকলিকৈ কাফেবোৰত ধূমপান কৰাৰ উপৰি ইলেক্ট্রনিক চিগাৰেট সেৱন কৰি দেশখনৰ ইছলামিষ্ট পৰম্পৰালৈ কঢ়িয়াই আনিছে প্রত্যাহ্বান৷ লক্ষণীয়ভাৱে ৰিয়াধত এনে ঘটনা বৃদ্ধি পোৱাৰ পাছতো দেশখনৰ যুৱৰাজ মহম্মদ বিন ছলমানে কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা নাই ৷

You might also like