নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱাল মহাবিদ্যালয়ত সুধাকণ্ঠৰ ৯৭সংখ্যক জন্মদিন পালন

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : আজি লাহোৱাল মহাবিদ্যালয়ৰ  শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত  অনুষ্টুপীয়াকৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্তই অসমীয়াৰ হিয়াৰ আমঠু ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰি এগছি বন্তি প্ৰজ্বলন কৰাৰ পিছতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী  ক্ৰমে সুৰজ বৰা, তপন ৰাজখোৱা,  প্ৰণতী হাজৰিকা,  বৰ্ণালী কোঁৱৰ,  মিতালী গগৈ, গীতিমণি বৰা, ৰাফিক হুচেইন, ৰিতু সোণোৱাল, মাধুৰীমা গগৈ, প্ৰণৱ গগৈ, ৰাজামণি হাতীবৰুৱা, বিষ্ণু জ্যোতি দ্ত্ত, অমৰ জ্যোতি হাজৰিকা  আৰু ছাত্ৰ একতা সভাৰ সম্পাদক  জাহ্নু সোণোৱালৰ লগতে সদস্য-সদস্যাসকলৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলে পুষ্পাঞ্জলি অৰ্পণ কৰে৷  জাতিটোৰ বিপদৰ সময়ত দুখৰ সমভাগী হৈ গীতৰ যোগেদি আহ্লাদিত কৰা মহীৰূহগৰাকীৰ জন্মদিনত মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সোঁৱৰণী অনুষ্ঠানত তেওঁৰ কালজয়ী গীত মানুহে মানুহৰ বাবে… সকলোৱে পৰিৱেশনেৰে  জীপাল কৰি তোলে ৷

প্ৰেৰক কাঞ্চন জ্যোতি গোহাঁই

You might also like