ড০ পার্থসাৰথি মহন্ত
পাণ্ডিত্য৷ শ্রদ্ধা আৰু মর্যাদাসহকাৰে আমি লোৱা এটা শব্দ৷ পণ্ডিত হ’ল বিদ্যাৱন্ত লোক, জ্ঞানী লোক৷ কিন্তু পণ্ডিত নহৈও নিজকে পণ্ডিত বুলি ভবা লোক আছে৷ পণ্ডিত্ম্মন্য৷ পণ্ডিত নহৈও পণ্ডিতালি দেখুওৱা, ডাঙৰ পণ্ডিতৰ দৰে কথা কোৱা লোক আছে৷ পণ্ডিতাভিমানী৷ পণ্ডিতৰ দৰে আচৰণ কৰা লোক আছে৷ মানে পণ্ডিতালি প্রদর্শন৷ পাণ্ডিত্য জাহিৰ৷ পাণ্ডিত্যৰ দৰে মহান গুণ এটাৰ লগত জাহিৰ শব্দটো ব্যৱহাৰ কৰিবলৈ দুখ লাগে৷ কিন্তু আপোনাক পণ্ডিত বুলি অহংকাৰ কৰা প্রজাতিটোৰ এই প্রৱণতাক যথাযথভাৱে প্রকাশ কৰাৰ উপযুক্ত বিকল্পও তাকৰীয়া৷ জ্ঞানী লোকে জাহিৰ কৰি নুফুৰে বা জাহিৰ কৰি ফুৰিবলগীয়া নহয়৷ চুৰ কৰা বা ধাৰ কৰা পোহৰেৰে উজলিব খোজাসকলেহে পাণ্ডিত্য জাহিৰ কৰিবলৈ নিলাজৰ দৰে আচৰণ কৰিবলগীয়া হয়৷
প্রথম কথা হ’ল, মানুহে দম্ভ মাৰে কিয়? কিহৰ তাড়নাত মানুহে জাহিৰ কৰিবলৈ যায়? ইয়াৰে বহুতকে সমাজত উচ্চতৰ স্থানতেই ৰখা হয়৷ তাৰ পিছতো কিহে তেওঁলোকক নথকা জ্ঞান জাহিৰ কৰি ফুৰিবলৈ প্রৰোচিত কৰে?
এই তাগিদা যদিও সম্পূর্ণ নিজস্ব, আমি থকা পৰিৱেশ–প্রতিৱেশেও এই প্রবৃত্তিক প্রভাৱিত কৰে৷ আমি এক নিৰাপত্তাহীনতাত ভুগিবলৈ লওঁ৷ বিভিন্ন কাৰণত আমি কমকৈ গুৰুত্ব পাইছোঁ বুলি আমাৰ এটা ধাৰণা হয়৷ মোকাম হেৰুৱাম বুুলি আমাৰ এটা ভয় হয়৷ বিদ্বান লোকসকলৰ এই সমস্যা নহয়৷ সমস্যা হয় নিজকে বিদ্বান বুলি দেখুৱাব খোজাসকলৰ৷ তেওঁলোকৰ জাহিৰ কৰাৰ তাগিদা বাঢ়ি যায়৷ অৱশ্যে এটা কথা ঠিক যে মানুহ মাত্রেই জাহিৰ কৰাৰ প্রবৃত্তি স্বভাৱজাত৷ প্রায় প্রত্যেকেই কেতিয়াবা নহয় কেতিয়াবা ক’ৰবাত নহয় ক’ৰবাত কিবা এটা জাহিৰ কৰে৷ কিন্তু জাহিৰ কৰি ফুৰাটো যদি মানুহৰ স্বভাৱেই হয়, কথাটো অলপ গভীৰ৷ একোজন মানুহে কথাই কথাই দম্ভ মৰাটোৱেই যদি চৰিত্র, কথাটো চিন্তনীয়৷ এয়া সাৰস্বত অসংগতি৷ নিজৰ লগতে আনকো তুমি বিশ্বাস কৰাব খোজা যে তুমি জানা৷ এয়া হ’ল আত্মপ্রতাৰণা৷ যি আনৰ চকুত সহজেই ধৰা পৰি যায় আৰু তুমি পৰিস্থিতিটোৰ মোকাবিলা কৰিব নোৱাৰা হৈ পৰা৷
শৈশৱৰ অভিজ্ঞতাই আমাৰ প্রাপ্তবয়স্ক আচৰণক প্রভাৱিত কৰে৷ শৈশৱত মাক–দেডতাকৰ পৰা অত্যধিক মৰম পোৱা, মনোযোগ পোৱা লোকে প্রাপ্তবয়স্ক হোৱাৰ পিছতো আনৰ পৰা একে আদৰ–সাদৰ বিচাৰে৷ সৰুতে কান্দি দিলেই মনোযোগ পাইছিল, ডাঙৰ হৈতো কথাই কথাই কান্দি দিব নোৱাৰে৷ তেওঁলোকে কিবা এটা জাহিৰ কৰি সকলোৰে মনোযোগ আকর্ষণ কৰিব নোৱাৰে৷ এক্সপার্ট কমেণ্ট তেওঁলোকৰ বাবে এটা সহজতে পোৱা উপায়৷
এওঁলোকে দৰাচলতে গ্রহণযোগ্যতা বিচাৰে৷ আনক তেওঁলোকে নিজৰ প্রতি আকর্ষিত কৰিব বিচাৰে৷ আনক তেওঁলোকে ইম্প্রেছ কৰিব বিচাৰে৷ আৰু সেই কাৰণেই ডাঙৰ ডাঙৰ কথা ক’বলৈ চেষ্টা কৰে৷ এনেকুৱা কথা কয় যিয়ে তেওঁলোকক এটা আইডেনটিটি দিয়ে৷ তেওঁলোকে এটা পৰিচয় বিচাৰে৷ কোনোবাই যদি নিজকে বুদ্ধিজীৱী বুলি ভাবে, তেওঁ এনেকুৱাকৈ কথা ক’বলৈ যত্ন কৰে যাতে মানুহে তেওঁক বুদ্ধিজীৱী বুলি ভাবে৷
হিংসাৰ বশৱর্তী হৈও আমি কেতিয়াবা এই কামটো কৰি পেলাওঁ৷ বৌদ্ধিক বা বিদ্যায়তনিক ক্ষেত্রখনৰ পৰিসৰ অতি বহল৷ ইয়াত কাৰো ক্ষেত্রাধিকাৰ নাই৷ সন্মান আছে৷ জ্ঞানৰ৷ এই ক্ষেত্রখনত পিছত সক্রিয় হোৱাসকলক লৈ এটা উৎসুকতা থাকে৷ প্রকৃত বিদ্বানসকলে পিছে নতুন চামক উৎসাহিতহে কৰে৷ বাট দেখুৱায়৷ সমস্যা নিজকে বুদ্ধিজীৱী বুলি ভবাসকলক লৈহে৷ হিংসায়ো পাবত গজা বিশেষজ্ঞৰ জন্ম দিয়ে৷ আমি নিজকে বিশেষজ্ঞ বুলি ভাবিব পাৰোঁ, আচলতে নহয়৷
জ্ঞান–বিভ্রম৷ নিজকে জ্ঞানী বুলি থকা ভ্রান্ত ধাৰণাটোৰ কাৰণেই এনে হয়৷ সাধাৰণ ঘটনা দুটামান চালেই কথাটো স্পষ্ট হৈ পৰিব৷ ৰামধেনু কেনেকৈ হয় বাৰু? আকাৰ কি? জাহাজ পানীত কেনেকৈ ওপঙে? আকাশখন মেঘাচ্ছন্ন হৈ থাকিলে কিয় বেছি গৰম লাগে? আমি ভাবোঁ আমি জানো? কিন্তু বুজাই দিবলৈ ক’লে অনেকেই নোৱাৰোঁ৷ এই যে আমি জানো বুলি ভাবোঁ, কিন্তু আচলতে নাজানো–সেয়াই জ্ঞান–বিভ্রম৷ আমি বহুতেই আমিয়েই সকলো জানো বুলি এক বৌদ্ধিক অহমিকা লৈ চলি থাকোঁ, যেতিয়ালৈকে ভালকৈ এটা ঠেকা নাখাওঁ৷ কাৰণ আমাৰ জ্ঞানৰ ব্যাখ্যামূলক গভীৰতা নাই৷
ডানিং–ক্রুগাৰ প্রভাৱ তত্ত্বই আমি অজ্ঞান বুলি থকা আমাৰ অজ্ঞানতাকেই ব্যাখ্যা কৰিছে৷ জ্ঞানৰ অভাৱৰ কাৰণে আমি নিজৰ যোগ্যতা, সক্ষমতা, সামর্থ্যও সঠিককৈ চিনাক্ত কৰিব নোৱাৰোঁ৷ আমি যে অজ্ঞান, আমি নাজানো, সেই কাৰণে নিজকে জ্ঞানী বুলি ভাবোঁ৷ ইয়াৰ বিপৰীতে আকৌ আমি যিটো ভালকৈ জানো, ধৰি লওঁ যে সেইটো সহজ আৰু আনেও জানে৷ অর্থাৎ নিজে যিটো কামত ভাল, সেইটোক আমি গুৰুত্ব নিদিওঁ৷ মানে আমি কিহত ভাল, কিহত বেয়া ধৰিব নোৱাৰা হৈ যাওঁ৷
পণ্ডিতসকল ডানিং–ক্রুগাৰ প্রভাৱত নপৰে৷ পণ্ডিতে যিকোনো তথ্যৰ ক্ষেত্রত এনে বৈশিষ্ট্য আৰু অর্থপূর্ণ প্রতিমান দেখা পায় যি সর্বসাধাৰণৰ চকুত নপৰে৷ বিষয়বস্তুৰ ওপৰত থকা গভীৰ জ্ঞান আৰু বোধশক্তিৰ সহায়ত পণ্ডিতে বিষয় এটাক সুশৃংখল আৰু সাৱলীলভাৱে উপস্থাপন কৰিব পাৰে৷ কাৰণ পাণ্ডিত্য বিচ্ছিন্ন তথ্য বা টুকুৰা–টুকুৰ জ্ঞান নহয়৷ তেওঁলোকে বিষয়ৰ প্রাসংগিকতা আৰু প্রযোজ্যতা ৰক্ষা কৰিব জানে৷ তেওঁলোকে বিষয় আৰু প্রসংগ লক্ষণীয়ভাৱে বিশ্লেষণ আৰু ব্যাখ্যা কৰিব জানে৷
নিজৰ অজ্ঞানতা বুজি পোৱাই হ’ল প্রকৃত জ্ঞান৷ ওপৰে ওপৰে জনা আৰু বুজা দুটা বেলেগ বস্তু৷ বুজিব পাৰিব লাগিব, বুজিব পৰাটোহে জ্ঞান৷ সেই কাৰণেই কয় অল্পবিদ্যা ভয়ংকৰী৷ ছলাহী ব্যক্তিত্বৰ লোকেহে অল্পবিদ্যাৰে পাণ্ডিত্য জাহিৰ কৰিবলৈ যায়৷ ছলাহী মানুহবোৰহে আনক লৈ ব্যস্ত হৈ থাকে৷ খাটি লোকে নিজৰ কামৰ বাহিৰে আনত মূৰ নঘমায়৷ আপুনি যদি সঁচাকৈয়ে মহান, সঁচাকৈয়ে পণ্ডিত আৰু আনেও আপোনাক সেই সন্মান দিয়ে, আপোনাৰ প্রমাণ কৰিবলগীয়া একো নাই৷ প্রমাণ কৰিবলগীয়া আছে বুলি জানিলেহে আমি পাণ্ডিত্য জাহিৰ কৰিবলগীয়া হয়৷ জাহিৰ কৰাৰ প্রৱণতা নিজৰ এক প্রতিচ্ছবি দাঙি ধৰাৰ চেষ্টা মাথোন৷ যেতিয়া আপুনি জানে যে আপোনাৰ সেই প্রতিচ্ছবি নাই, তেতিয়া আপুনি সেই চেষ্টা কৰে৷ জালি প্রতিচ্ছবি এখন সমাজত ধৰি ৰাখিবলৈ তাৰ বাহিৰে আপোনাৰ উপায়ো নাই৷
খাটি লোকৰ সেই সমস্যা নাই৷ কাৰণ মানুহে সকলো বুজি পায়৷ ভকতকো, বগলী ভকতকো৷
ফোনঃ ৯৪৩৫০–৪৮৪৮০