নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীৰ আত্মহনন

দেশত শিক্ষার্থীৰ আত্মহনন এক উদ্বেগজনক বিষয়৷ ২০১১ চনৰ পৰা ২০২১ চনৰ ভিতৰত শিক্ষার্থীৰ আত্মহননৰ ঘটনা ৭০ শতাংশ বৃদ্ধি পাইছে৷ এই তথ্য নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৱে প্রকাশ কৰাৰ পিছতে দেশজুৰি উদ্বিগ্ণতাৰ সৃষ্টি হৈছে৷ বিশ্ব আত্মহত্যা প্রতিৰোধী দিৱসৰ প্রাক্মুহূর্তত নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ চমুকৈ এন চি আৰ বিয়ে ভাৰতত শিক্ষার্থীৰ আত্মহননৰ ঘটনা বৃদ্ধি পোৱা বুলি প্রকাশ কৰা তথ্যই দেশত শিক্ষার্থীৰ সামাজিক–আর্থিক জীৱন সুৰক্ষিত নোহোৱাটো প্রমাণিত কৰিছে৷ দেশত শিক্ষার্থীৰ আত্মহননৰ ঘটনা সবাতোকৈ বেছি বৃদ্ধি পাইছে ৰাজস্থানৰ কোটাত৷ কোচিং হাব হিচাপে পৰিচিত কোটাত ২০১৫ চনৰ পৰাই শিক্ষার্থীৰ আত্মহননৰ ঘটনা দ্রুতগতিত বৃদ্ধি পাই আহিছে৷ চিকিৎসা আৰু অভিযান্ত্রিক পাঠ্যক্রমত অন্তর্ভুক্তিৰ বাবে প্রশিক্ষণ লোৱা শিক্ষার্থীৰ মাজত আত্মহননৰ ঘটনা বৃদ্ধি পাই আহিছে৷ ৰাজস্থানৰ কোটাৰ উপৰি তামিলনাডু, দিল্লী আদিতো নীট পৰীক্ষাৰ বাবে প্রশিক্ষণ লৈ থকা শিক্ষার্থীয়ে আত্মহননৰ পথ বাছি লোৱাটো শেহতীয়াভাৱে চর্চাৰ বিষয় হৈ উঠিছে৷ ৰাজস্থানৰ কোটা আৰু চিকৰত প্রশিক্ষণ লৈ থকা শিক্ষার্থীৰ মাজত আত্মহননৰ ঘটনা বৃদ্ধি পোৱাটো এতিয়া এক চর্চাৰ বিষয়৷ এন চি আৰ বিয়ে প্রকাশ কৰা তথ্য মতে ২০২১ চনত ১৩,০৮৯ শিক্ষার্থীয়ে আত্মহননৰ পথ বাছি লৈছে৷ ২০১১ চনত আত্মহননৰ পথ বাছি লোৱা শিক্ষার্থীৰ সংখ্যা আছিল ৭,৬৯৬৷ এই তথ্যই শিক্ষার্থীৰ আত্মহত্যাৰ ঘটনা ২০১১ চনৰ পৰা বৃদ্ধি পোৱাটো নিশ্চিত হৈছে৷ দেশৰ আত্মহননৰ বর্ধিত ঘটনাৰ ভিতৰত শিক্ষার্থীৰ আত্মহননৰ ঘটনা ৮ শতাংশলৈ বৃদ্ধি পাইছে ২০২১ চনত৷ ২০১১ চনত শিক্ষার্থীৰ আত্মহননৰ শতাংশ আছিল ২.৩ শতাংশ৷ সবাতোকৈ গুৰুত্বপূর্ণ যে ২০২০ চনত আত্মহননৰ অনুপাত আৰু সংখ্যা তুলনামূলকভাৱে দশকটোৰ ভিতৰত সর্বাধিক৷ এন চি আৰ বিয়ে প্রকাশ কৰা মতে ভাৰতত দুর্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যাৰ প্রতিবেদন অনুসৰি দুর্ঘটনাতকৈও আত্মহত্যাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰে ভিতৰত সর্বাধিক শিক্ষার্থী৷ তথ্য মতে, এই আত্মহত্যাৰ কাৰণৰ ভিতৰত ৩০ শতাংশ পৰিয়ালজনিত সমস্যাৰ বাবে আত্মহননৰ পথ বাছি লোৱা লোকৰ সংখ্যা অধিক৷ প্রেমজনিত কাৰণত ১৪ শতাংশ, ৰোগজনিত কাৰণত ১৩ শতাংশ আৰু পৰীক্ষাত বিফল হৈ আত্মহননৰ পথ বাছি লোৱা শিক্ষার্থীৰ সংখ্যা ৮ শতাংশ৷ ৰোগজনিত কাৰণত আত্মহননৰ পথ বাছি লোৱা শিক্ষার্থীৰ ক্ষেত্রত মানসিক স্বাস্থ্য বিষয়টো প্রধান৷ অর্থাৎ মানসিকভাৱে সন্তুলন হেৰুৱাই ৫৮ শতাংশই আত্মহননৰ পথ বাছি লয়৷

পৰীক্ষাত বিফল হৈ ২০২১ চনত দেশত আত্মহননৰ পথ বাছি লোৱা শিক্ষার্থীৰ সংখ্যা ১৬৭৩৷ ইয়াৰে ভিতৰত পুৰুষৰ সংখ্যা ৯৯১ আৰু মহিলা আত্মহননকাৰীৰ সংখ্যা ৬৮২৷ এই চনত কোনো ট্রেন্সজেণ্ডাৰে আত্মহননৰ পথ বাছি লোৱা নাই৷ এন চি আৰ বিৰ তথ্যত এই কথা স্পষ্টকৈ কোৱা হৈছে যে ২০১৯ চনৰ পিছৰে পৰা অনলাইন শিক্ষণৰ ব্যৱস্থা গঢ়ি উঠাৰ পিছৰে পৰা আত্মহনন কৰা শিক্ষার্থীৰ সংখ্যা বৃদ্ধি পাইছে৷ প্রধানতঃ ক’ভিড মহামাৰীৰ সময়ৰে পৰা অনলাইন শিক্ষণত গুৰুত্ব আৰোপ কৰা হয়৷ দেশৰ কোচিং হাব হিচাপে পৰিচিত কোটাত ২০১৯ চনৰ পিছৰে পৰা ১৩৬জন শিক্ষার্থীয়ে আত্মহননৰ পথ বাছি লয়৷ ইয়াৰে ভিতৰত ৭জনে পৰীক্ষাত বিফল হোৱাৰ বাবেই চূড়ান্ত সিদ্ধান্ত লৈছিল৷ আত্মহননৰ ক্ষেত্রত মহিলাতকৈ পুৰুষে অধিক আত্মহননৰ পথ বাছি লোৱা দেখা যায়৷ আনপিনে, তথ্য মতে মহিলাৰ আত্মহননৰ হাৰ যুৱ মহিলাৰ অধিক৷ ১৮ বছৰৰ তলৰ মহিলাৰ আত্মহননৰ হাৰ ১৮ বছৰৰ তলৰ পুৰুষতকৈ অধিক৷ আনপিনে ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত ৯৪টা ঘটনা ট্রেন্সজেণ্ডাৰৰ ক্ষেত্রত সংঘটিত হৈছে৷ শিক্ষার্থীৰ আত্মহননৰ ঘটনাই সমাজ জীৱনত নেতিবাচক প্রভাৱ পেলাই আহিছে৷ শিক্ষার্থীসকলৰ মাজত বৃদ্ধি পোৱা প্রতিযোগিতা, উচ্চমানৰ শিক্ষাক লৈ পৰিয়ালৰ মাজত চলা প্রতিযোগিতা আদিৰ বাবেই শিক্ষার্থীসকল চাপত পৰে৷ এনে কাৰণত শিক্ষার্থীয়ে চূড়ান্ত সিদ্ধান্ত লোৱাৰ বিপৰীতে একাংশ শিক্ষার্থীয়ে ৰেগিঙৰ কবলত পৰিও আত্মহনন কৰিবলগীয়া হয়৷ দেশত ২০০০ চনৰ পৰা ২০২১ চনলৈকে ২.৮১৬ নিযুত আত্মহননৰ ঘটনা সংঘটিত হৈছে৷ অর্থাৎ প্রতিবছৰে প্রায় ১,৩০,০০০ আত্মহননৰ বলি হয়৷ আত্মহননৰ অনেক কাৰণৰ ভিতৰত প্রতিযোগিতাসর্বস্ব সমাজ জীৱনত শিক্ষার্থীসকলে আশানুৰূপ ভৱিষ্যৎ গঢ়াৰ পৰা বঞ্চিত হোৱাৰ আশংকাতে আত্মহননৰ দৰে চূড়ান্ত সিদ্ধান্ত ল’বলগীয়া হয়৷ আর্থিক কাৰণতো অনেক শিক্ষার্থীয়ে কেতিয়াবা কেতিয়াবা আত্মহননৰ সিদ্ধান্ত গ্রহণ কৰা দেখা যায়৷ তেনেদৰে পৰিয়ালজনিত সমস্যা, প্রেমজনিত সমস্যায়ো কেতিয়াবা কেতিয়াবা শিক্ষার্থীক মানসিকভাৱে ভাৰাক্রান্ত কৰি তোলে। ফলশ্রুতিত তেনে শিক্ষার্থীয়ে চূড়ান্ত সিদ্ধান্ত লৈ আত্মহননৰ পথ বাছি লোৱা দেখা যায়৷ যি কাৰণতে নহওক, মানসিক চাপত পৰি শিক্ষার্থীসকলে আত্মহননৰ পথ বাছি লোৱাটো কাৰো সমর্থনযোগ্য নহয়৷ এইক্ষেত্রত আত্মহনন প্রতিৰোধী ব্যৱস্থাসমূহক লৈ সকলো সজাগ আৰু সচেতন হোৱা দৰকাৰ৷

You might also like