নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত কৰম উৎসৱ উদযাপন

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : বিশ্বনাথৰ বৰপাম তিনিআলি কাচিতাঁৰত বিগত বছৰবোৰৰ দৰে এইবাৰো ২০ তম বাৰ্ষিক কৰম উৎসৱভাগ উদযাপন কৰা হয়। সম্পূৰ্ণ ৰীতি-নীতিৰে জাৱা জাগা ব্ৰতৰে তিনি দিন উপবাসে থাকি ব্ৰত পালন কৰা গাঁৱৰ কুমাৰী কন্যাসকলৰ দ্বাৰা কৰম ডাল আনি প্ৰতিষ্ঠা কৰাৰ পিছত পূজা-পাতল আৰম্ভ হয় আৰু পূজা ভাগত ধৰ্মা-কৰ্মাৰ কাহিনী সাৱলীলভাৱে ব্যাখ্যা দাঙি ধৰে কাহিনীকাৰ অতুল পাতৰে আৰু সহযোগ কৰে ৰাটু পাতৰ আৰু লাল বাহাদুৰ পাতৰে। কৰম পূজাত বিশিষ্ট অতিথি  হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক জগানন্দ কুৰ্মী, শিক্ষক সমাজসেৱক অৰুণ বৰদলৈ, সনাতন কুৰ্মী, ননীগোপাল কৰ্মকাৰ, দেৱেন পাতৰ আৰু ৰমেশ ভূমিজ। কৰমস্থলীত ওৰে নিশা কৰমতীসকলে কৰম নৃত্যৰ লগতে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰি কৰম দেৱতাক আৰাধনা কৰা হয়। অনুষ্ঠান পৰিচালনা কৰে ভৰত পাতৰে। পুৱা কৰম ডাল বিসৰ্জন দিয়াৰ পিছত কৰমতীসকলে ব্ৰত ভাঙি অন্ন-জল গ্ৰহণ কৰে আৰু পূজাভাগৰো অন্ত পৰে। পূজাভাগ সফলভাৱে উদযাপন কৰাৰ বাবে পাপু ভূমিজক সভাপতি, ৰাহুল কুৰ্মী আৰু প্ৰাঞ্জল কুৰ্মীক যুটীয়া সম্পাদক হিচাপে লৈ ৩১ জনীয়া সমিতি গঠন কৰা হৈছিল।

 

প্ৰেৰক অমিতাভ বৰুৱা

You might also like