নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চৰকাৰ, আৰক্ষীক প্রশংসা বলীউড তাৰকাৰ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ সফলভাৱে ফিল্মফেয়াৰ অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰ আৰু অসম আৰক্ষীক ভূয়সী প্রশংসা কৰিছে বলীউডৰ তাৰকা–মহাতাৰকাই৷ বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে এক টুইটযোগে গুৱাহাটীত সুকলমে ফিল্মফেয়াৰ অনুষ্ঠিত কৰাত সহায় কৰাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে৷ অসমৰ আতিথ্যত সুখী বুলি মন্তব্য কৰি তেওঁ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰি আনন্দিত হোৱা বুলিও উল্লেখ কৰে৷ বিশিষ্ট ছবি নির্মাতা কৰণ জোহৰেও ফিল্মফেয়াৰ অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে অনুষ্ঠানটো সুকলমে পৰিচালনা কৰাত আৰক্ষীয়ে প্রদর্শন কৰা কর্তব্যনিষ্ঠাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ টুইটত জোহৰে এইদৰে কয়– ‘ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠান আছিল সু–পৰিকল্পিত৷ সুন্দৰ পৰিকল্পনা আৰু সমর্থনৰ বাবে অসম আৰক্ষীক ধন্যবাদ৷ অসমত ফিল্মফেয়াৰ অনুষ্ঠিত কৰাৰ বাবে সর্বানন্দ সোণোৱালকো ধন্যবাদ৷’ ইপিনে টুইটত উত্তৰ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কৃতজ্ঞতা প্রকাশ কৰাৰ বাবে জোহৰক ধন্যবাদ জ্ঞাপন কৰে৷ আগন্তুক সময়ত অসম আৰু বলীউডৰ সম্পর্ক অধিক মধুৰ হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে৷ আনহাতে ছুপাৰষ্টাৰ অক্ষয় কুমাৰক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী সোণোৱালে তেওঁক অসমত ছবিৰ শ্বুটিং কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে যোৱা ১৫ ফেব্রুৱাৰীত প্রথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত গুৱাহাটীৰ সৰুসজাইত ফিল্মফেয়াৰ অনুষ্ঠিত হৈছিল য’ত বলীউডৰ ৮০ৰো অধিক তাৰকাই অংশগ্রহণ কৰিছিল৷

You might also like