নিয়মীয়া বার্তা ১৯ ফেব্রুৱাৰীঃ বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে আজি আবেলি ৪.৩০ বজাত এক গোপন সূত্রৰ পম খেদি ৩১নং ৰাষ্ট্রীয় ঘাইপথ কালজাৰত এখন ড্রাকত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে৷ ডব্লিউ বি ২/জি ৫৮২৫ নম্বৰৰ ড্রাক এখনে ত্রিপুৰাৰ আগৰতলাৰ পৰা পশ্চিমবংগৰ শিলিগুৰি অভিমুখে আহি থকা অৱস্থাত হাউলীৰ কালজাৰৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত হাউলী আৰক্ষীয়ে তালাচী চলাই ১৬৮ কিলোগ্রাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে গাডীসহ পশ্চিমবংগৰ মুর্ছিদাবাদৰ নাৰিকলবাৰীৰ মহম্মদ আহম্মদ লাল (২২) নামৰ লোক এজনক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷
মঙলদৈত জব্দ গাঞ্জা
দৰঙৰ ২নং বেজপাৰাত আজি সন্ধিয়া আবকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ পাণদোকানী নুৰুল আলীক কৰায়ত্ত কৰে৷ নুৰুলৰ পাণদোকানসহ ঘৰত অভিযান চলাই প্রায় দুই কিঃগ্রাঃ গাঞ্জা জব্দ কৰিব সক্ষম হয়৷ কৰায়ত্ত হোৱা পাণদোকানীটোৰ পৰা স্থানীয় কেইবাখনো বিদ্যালয়ৰ শিক্ষার্থীয়ে গোপনে ভাং ক্রয় কৰাৰ অভিযোগ পাই আজি আবকাৰী কনিষ্টবল ইস্কণ্ডৰ মির্জাৰ তথ্যৰ ভিত্তিত আবকাৰী পৰিদর্শক অসীমা ভূঞা আৰু সহকাৰী পৰিদর্শক ডম্বৰু ডেকাৰ নেতৃত্বত এটা দলে অভিযান চলাইছিল৷ এই অভিযানত পাণদোকানী নুৰুল আলীক হাতে–লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ দলগাঁও কৌপাতিৰ নুৰুলে আহি মোল্লাপাৰাত আশ্রয় লৈ এই ব্যৱসায় চলাই গৈছিল৷ মোল্লাপাৰা গাঁৱৰ গাঁওবুঢ়াৰ উপস্থিতিত দলটোৱে নুৰুলৰ ঘৰত তালাচী চলাই কিছু পৰিমাণৰ মজুত ৰখা ভাঙো জব্দ কৰে৷মন কৰিবলগীয়া যে এম পি কে পথৰ বেজপাৰা চ’কৰ যি স্থানত ভাং জব্দ হৈছে সেই পাণদোকানৰ লগত সংলগ্ণ হৈ আছে বেজপাৰা ভাৰতী প্রাথমিক বিদ্যালয়৷ বিদ্যালয়ৰ দাঁতিত কেইবাখনো দোকান অবৈধভাৱে বহুৱাই ৰখাৰ বাবে ইতিপূর্বে দুর্ঘটনা সংঘটিত হৈছে৷ কাৰণ বেজপাৰা চাৰিআলিৰ বিপৰীত দিশৰ যান–বাহন প্রত্যক্ষ কৰাটো এনে দোকানবোৰৰ বাবেই কঠিন হৈ পৰে৷ স্থানীয় ৰাইজে বেজপাৰা ভাৰতী প্রাথমিক বিদ্যালয় সংলগ্ণ আন জুপুৰিসমূহো উচ্ছেদৰ দাবী তুলিছে৷