নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই আগতে ক’ম

🔹 ড০ পার্থসাৰথি মহন্ত

মই ক’ম, মই ক’ম, মই আগতে ক’ম৷ কোনে আগতে ক’ব? কোনে কথা ক’ব? বিষয় এটা আহিব লাগে, ওলাব লাগে– বিষয়টো ডাঙৰ কথা নহয়, কথা কোনে ক’ব সেইটোহে ডাঙৰ কথা হৈ পৰে৷ আগতে কোনে ক’ব, সেইটো আৰু ডাঙৰ কথা৷

আপুনি কিবা এটা ক’বলৈ আৰম্ভ কৰিছে৷ ‘হেৰি ৰ’ব’, ‘মই কৈ আছোঁ শুনক’৷ আপুনি আৰম্ভ কৰিছিলহে মাত্র, আপোনাৰ মুখ বন্ধ কৰিয়েই দিলে৷ এই পৰিস্থিতি ভিন্ন ক্ষেত্রত হ’ব পাৰে৷ ব্যক্তিগত বা সামাজিক কথা–বতৰাত, কর্মক্ষেত্রত, আনুষ্ঠানিক আলোচনাত৷ ক্ষেত্র বা পৰিৱেশ ভিন্ন, পৰিস্থিতি একেই৷ আপোনাক কথা ক’বলৈ নিদিয়ে৷

অথচ আমি প্রত্যেকেই কথা ক’ব বিচাৰোঁ, আমাক কোনোবাই শুনাতো বিচাৰোঁ৷ কিন্তু আমাৰ এই অনুভূতিৰ প্রতি কাৰো অনুকম্পা নাই, সন্মান নাই৷ আমি কথাই কথাই কৈ থাকোঁ– মনত কিবা এটা হেঁচি ৰখাতকৈ কৈ দিলে বুকুখন পাতলি যায়৷ মনোবিজ্ঞানৰ কোনো ডিগ্রী নথকাকৈয়ে আমি এই কথা জানো৷ কিন্তু আমি আনক কথা ক’বলৈ দিওঁ জানো? আমি কথা ক’বলৈ পাওঁ জানো? কথা ক’বলৈ ল’লেই আমাক ভেটা দি ৰখাই দিয়ে৷ আমাক এনেদৰে হকা–বাধা কৰিব আমি যেন অতি তুচ্ছ৷ আমি ক’ব খোজা কথাখিনি যেন একেবাৰে গুৰুত্বহীন, তাত শুনিবলগীয়া একো নায়েই৷

কিয় এনেকুৱা হয়? দোষটো কাৰ? আমাৰ নে কথা শুনিব নোখোজাজনৰ? কথা শুনিব নোখোজাজনৰ মন–মগজুত কি কি ক্রিয়া হৈ থাকে

আমি ভিন্ন ঘৰুৱা আৰু সামাজিক পৰিৱেশত ডাঙৰ হৈছোঁ৷ বহুতে আনক কথা ক’বলৈ নিদিয়া দেখিয়েই ডাঙৰ হৈছে৷ তেওঁলোককো হয়তো কথা ক’ব খুজিলে বাধা দিয়া হৈছিল৷ গতিকে বয়স্ক হোৱাৰ পিছত আনে কথা কৈ থাকিলে ব্যাঘাত জন্মোৱাটো তেওঁলোকৰ বাবে অতি স্বাভাৱিক৷ অৱশ্যে কিছু লোক আছে, যি সকলো কথা নিয়ন্ত্রণ কৰিব বিচাৰে৷ আনৰ কথা শুনি থকাতকৈ তেওঁলোকে পোনছাটেই নিজৰখিনি কৈ দিব বিচাৰে৷ দৰকাৰ হ’লে তেওঁলোকে আপুনি মুখ মেলাৰ আগতেই আপোনাক ৰখাই দিব আৰু কোৱাৰ আগতেই আপোনাক নস্যাতেই কৰি দিব৷ ‘নহয় নহয়, শুনক৷’ আৰম্ভ কৰিবলৈ পালে–নাপালে ঠিক নাই৷ আপোনাক অগ্রাহ্যই কৰি দিয়া হ’ল৷ তেওঁহে ক’ব৷ কাৰণ তেওঁ সকলো নিয়ন্ত্রণ কৰিব বিচাৰে৷ আন কিছু লোক আছে, যি তৎক্ষণাৎ উত্তেজিত হৈ পৰে৷ কথা এটা শুনাৰ লগে লগে ক’ব নোৱাৰা হৈ পৰে৷ ইমানেই ক’ব নোৱাৰা হৈ পৰে যে আপোনাক ক’বলৈকে নিদিয়ে, নিজেহে ক’ব৷ আৰু এখিনি মানুহ আছে, যি গম নাপায় যে তেওঁ আনক কথা ক’বলৈ দিয়া নাই৷ উপলব্ধিয়েই নকৰে যে আন কাকো কথা ক’বলৈ নিদি তেওঁহে কথা কৈ আছে৷ বৰঞ্চ তেওঁলোকে ভাবে তেওঁলোকে আনৰ কথাত বিঘিনি ঘটাই নিজে কথা কৈ গোটেই আলোচনাটো সৰস কৰি তুলিছে৷

এটা কথা ঠিক কোনোবাই কথা কৈ থাকিলে হেঙাৰ দিয়াটো বহুক্ষেত্রত অপমান কৰাৰ দৰে হয়৷ এজনৰ মুখ বন্ধ কৰি আন এজনে কথা কোৱাৰ অর্থ হ’ল প্রথমজনৰ কথাখিনি অর্থহীন৷ পাছৰজনৰ কথাখিনিহে অর্থপূর্ণ৷ অনেকে নিজৰ পজিচনৰ সুবিধা লৈ তেনে কৰে৷ সেয়া কর্মক্ষেত্রত হ’ব পাৰে, নতুবা আন সামাজিক পৰিৱেশতো হ’ব পাৰে৷ চাকৰিত জ্যেষ্ঠজনে এই সুবিধা লয়৷ সামাজিক পৰিৱেশত বয়সৰ ফালৰ পৰা জ্যেষ্ঠ বা অধিক প্রতিপত্তি থকাজনে এই সুবিধা লয়৷ তেওঁলোকে ক্ষমতা প্রদর্শন কৰে৷ আপোনাক তুচ্ছ জ্ঞান কৰি সম্পূর্ণ নাকচ কৰি তেওঁলোকে নিজৰ জ্ঞান, নিজৰ প্রতিপত্তি প্রদর্শন কৰে৷

এই মানুহবোৰ আচলতে অভদ্র৷ এওঁলোকে মানুহক অপমান কৰি ভাল পায়৷ মানুহক মানসিকভাৱে বিধ্বস্ত কৰি ভাল পায়৷ এয়া তেওঁলোকে ক্ষমতা আৰু কর্তৃত্ব জাহিৰ কৰাৰ সুযোগ বুলি ভাবে আৰু এই সুযোগৰ ব্যৱহাৰ–অপব্যৱহাৰ কৰি এক ভীষণ প্রাপ্তি অনুভৱ কৰে৷

পুৰুষ–মহিলা উভয়ৰে আনে কথা কৈ থাকিলে ব্যাঘাত জন্মোৱা বা আনে কথা ক’ব খুজিলে বাধা দিয়াৰ প্রৱণতা আছে যদিও এক স্বভাৱজাত পার্থক্য আছে৷ জর্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত এটা অধ্যয়ন হৈছিল৷ বিশজন পুৰুষ আৰু বিশগৰাকী মহিলাক তিনি মিনিটৰ কাৰণে কথা পাতিবলৈ দিয়া হৈছিল৷ কথাখিনি ৰেকর্ড কৰি প্রতিলিপি তৈয়াৰ কৰা হৈছিল৷ দেখা গ’ল, পুৰুষে মহিলাক কথা কওঁতে ২.১ গুণ বেছি ব্যাঘাত জন্মায়৷ পুৰুষৰ সৈতে কথা পাতোতে সেই একেকেইজন মানুহে ১.৮ গুণ বেছিহে ব্যাঘাত জন্মাইছিল৷ ইয়াৰ বিপৰীতে মহিলাই পুৰুষক গড়ে মাত্র এবাৰকৈহে বাধা দিছিল৷ সামগ্রিকভাৱে দেখা গ’ল যে পুৰুষৰ আনে কথা কৈ থাকিলে বাধা দিয়াৰ প্রৱণতা মহিলাতকৈ তেত্রিশ শতাংশ বেছি৷

তেনেহ’লে উপায় কি? পৰিত্রাণ কি? এনেধৰণৰ মানুহখিনিক কাবু কৰা সহজ নহয়৷ বুদ্ধি লাগিব, কৌশল লাগিব৷ কর্মক্ষেত্রৰ পৰিৱেশ এটাই লোৱা হওক৷ ধৰি লওক এটা প্রেজেণ্টেচন দিব লাগে আৰু এজন সহকর্মী আছে, যি কথাই কথাই প্রশ্ণ সুধি নিজেই তাৰ উত্তৰ দি ব্যাঘাত জন্মাই থাকে৷ তেওঁৰ লগত আপুনি আগতেই আলোচনা কৰক, প্রয়োজন নাই যদিও৷ তেওঁৰ নিজৰ গুৰুত্ব অতি বেছি বুলি ভাবিব, আপোনাৰ লগত একমত হ’ব৷ প্রেজেণ্টেচনৰ সময়ত ক’বলৈ তেওঁৰ আৰু একো নাথাকিব৷ কাৰণ তেওঁক আপুনি আগতেই নিৰস্ত্র কৰি পেলাইছে৷ তথাপি এনেকুৱা মানুহ ওলাব যি ক’ব– ‘এইখিনি মই ভালকৈ বুজাই দিওঁ৷’ ‘হয়, এইখিনি তেওঁৰ লগত আলোচনা কৰিছোঁ’ বুলি কৈয়েই আপুনি নিজৰখিনি কৈ যাওক৷ কাৰণ এটা সময় আহে যেতিয়া গাখীৰক গাখীৰ আৰু পানীক পানী বুলি স্পষ্টকৈ কৈ দিয়াই ভাল৷ তাৰ কাৰণে মনটো আগতেই থিৰ কৰি ল’ব লাগে যাতে সময়ত এনে বিধিপথালি উপেক্ষা কৰিব পাৰি৷

এনেদৰে বিঘিনি ঘটাই থকাজন যদি সমনীয়া বা সহকর্মী হয় আপুনি বাৰু এনেকৈ নিয়ন্ত্রণ কৰি ল’লে৷ যদি আপোনাৰ বছ হয়, তেতিয়া !

এনড্রয়ড ম’বাইল ফোন আৰু বিভিন্ন এপবোৰ অহাৰ পৰা অৱশ্যে এটা সামান্য সকাহ আহিছে৷ টেক্সট মেছেজ৷ হোৱাট্ছএপ গ্রুপ৷ এই মেছেজৰ যোগেদি আজিকালি সকলোৱে নিজৰ মতামত ব্যক্ত কৰিব পৰা হ’ল৷ আপোনাক কোনোবাই অগ্রাহ্য কৰিব পাৰে, কিন্তু আপোনাৰ কথাৰ যুক্তিযুক্ততা সকলোৰে চকুত পৰি যায়৷

আৰু, আপুনি নিজে কিমান আনৰ কথা শুনে? ব্যাঘাত নজন্মোৱাকৈ কিমান আনক কথা ক’বলৈ দিয়ে? নিজে হকা–বাধা পালে আমি ঠিকেই আপত্তি কৰোঁ৷ কিন্তু আমি আনক কৰিলে দিনটোৰ শেষত কেতিয়াবা যদি আমি ভাবি চাওঁ কোনোবা এটা আলোচনাত আমি কিয় এটা নির্দিষ্ট সিদ্ধান্তলৈ আহিব নোৱাৰিলোঁ, আমি হয়তো দেখিম যে আমি বাৰে বাৰে কথা কোৱাত বাধা দি থকাৰ কাৰণেই আনে উচিত পৰামর্শ আগবঢ়াব নোৱাৰিলে৷ গৱেষণাতো ওলাইছে, এজন সাধাৰণ লোকে আনৰ কথাৰ মাজত মাত মাতিবলৈ মাত্র ১৭ ছেকেণ্ড অপেক্ষা কৰে৷ তাতকৈ বেছি তেওঁ আনক কথা ক’বলৈ নিদিয়েই৷ আনৰ কথা নুশুনেই৷ আপুনি কিমান সময় শুনে?

You might also like