নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্র শিক্ষা অভিযানত ৮ পদ খালী ২৫ ফেব্রুৱাৰীৰ ভিতৰত আবেদন আহ্বান

অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগৰ অসম সর্বশিক্ষা অভিযান মিছনৰ অধীনত পৰিচালিত সমগ্র শিক্ষা অভিযানত খালী হৈছে ৮টা পদ৷ পদকেইটা দক্ষিণ শালমাৰা মানকাচৰ জিলাত পূৰণ কৰা হ’ব৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদকেইটাৰ ভিতৰত আছে– ইউডিএ ১টা ঃ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰৰ এবছৰীয়া পাঠ্যক্রমৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থী ইংৰাজী আৰু অসমীয়াত টাইপিং কৰিব পৰা হ’ব লাগিব৷ যিকোনো চৰকাৰী খণ্ডৰ আঁচনি/মিছন কার্যালয়ত নূ্যনতম ২ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো প্রয়োজনীয়৷ এলডিএ ১টা ঃ প্রার্থীৰ শৈক্ষিক অর্হতা পূর্বৰ পদটোৰ অনুৰূপ যদিও কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ গ্রেড–৪ৰ পদ ২টা ঃ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ নাইট চকীদাৰ ১টা ঃ প্রার্থীৰ শৈক্ষিক অর্হতা অষ্টম শ্রেণী উত্তীর্ণ৷ আৰু শেষত হেল্পাৰ কুক ৩টা ঃ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱাৰ উপৰি ৰন্ধা–বঢ়াত পাকৈত হ’ব লাগিব৷ পদকেইটা মহিলাৰ বাবে সংৰক্ষিত৷ আবেদনকাৰীৰ বয়স ১ জানুৱাৰী ২০২০লৈ সর্বোচ্চ ৪৫ বছৰ৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন’District Mission Co-Ordinator, SSA, South Salmara Mankachar, DC Office Campus, Hatsingimari-783135′ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ ফেব্রুৱাৰী ২০২০৷

You might also like