নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ সিদ্ধান্ত

সৌ সিদিনা সাংস্কৃতিক নগৰী যোৰহাটত নিজৰ ঘৰৰ ভিতৰতে এগৰাকী বৃদ্ধাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তোলপাৰ লগাইছিল সমগ্র অসমত ৷ পুত্র–কন্যাৰ অৱহেলাৰ বাবেই বৃদ্ধাগৰাকীৰ মৃত্যু হোৱা বুলি পোহৰলৈ আহিছে৷ সময় সলনি হৈছে৷ সাম্প্রতিক সময়ত একাকিত্ব, নিঃসংগতা বৃদ্ধ লোকসকলৰ জীৱনৰ এৰাব নোৱাৰা অংগত পৰিণত হৈছে৷ আৰু এনে ক্ষেত্রত সমগ্র বিশ্বৰ লগতে অসমতো লাহে লাহে বৃদ্ধি পাইছে বৃদ্ধাশ্রমৰ প্রাসংগিকতা৷ আনকি বৃদ্ধসকলৰ জীৱনত বাঢ়ি অহা প্রত্যাহ্বানৰ প্রতি লক্ষ্য ৰাখি ২০১৯ চনত গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা মন্ত্রালয়ে অৱসৰ গৃহ নির্মাণৰ বাবে নির্দেশনা জাৰি কৰিছিল৷ কিন্তু আজি অজস্র অৱসৰ গৃহ থকাৰ পাছতো বয়সস্থ লোকসকলে এতিয়াও এনে গৃহলৈ স্থানান্তৰিত হোৱাৰ কথা মুক্ত মনেৰে ভাবিবলৈ সংকোচ কৰে৷ কিন্তু সময় সলনি হৈছে৷ এটা সমীক্ষাত প্রকাশ হৈছে যে ভাৰতত বহু জ্যেষ্ঠ ব্যক্তি অকলশৰে বাস কৰে, তেওঁলোকৰ বহুতেই সন্তানৰ দ্বাৰা অৱহেলিত আৰু বহুতেই কেতিয়াবা আত্মসন্মানৰ বাবেও স্বাধীনভাৱে অকলশৰে থকাটো পছন্দ কৰে৷ কিন্তু কেৱল এইকেইটা কাৰণেই নহয়, আন বহু কাৰণ আছে যিবোৰৰ বাবে বৃদ্ধাৱস্থাত মানুহ অকলশৰে থাকিবলৈ বাধ্য হয়৷ কেতিয়াবা সন্তানে ঘৰৰ পৰা দূৰৈত চাকৰি কৰিব লগা হয় আৰু পিতৃ–মাতৃ তেওঁলোকৰ লগত যাবলৈ অমান্তি হৈ অকলশৰে বাস কৰাৰো সিদ্ধান্ত লয়৷ আপোন ঘৰত লাভ কৰা শান্তি আৰু সুবিধা বিঘ্ণিত হোৱাৰ ভয় আৰু নতুন পৰিৱেশত নতুনকৈ জীৱন আৰম্ভ কৰাৰ ভয়, পুৰণি বন্ধুৰ পৰা বিচ্ছিন্ন হোৱাৰ ভয় অথবা চহৰৰ পৰিৱেশত খাপ খাব নোৱাৰাৰ ভয়ত তেওঁলোক অকলেই থাকি যায়৷
বৃদ্ধাশ্রমসমূহ বৃদ্ধ লোকসকলৰ সুবিধা আৰু সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখিয়েই স্থাপন কৰা হয়৷ প্রবল ভোগবাদী আজিৰ সময়ত মানুহৰ সুৰক্ষা পদে পদে বিঘ্ণিত হয়৷ তদুপৰি বয়সে শৰীৰত সৃষ্টি কৰা আহুকালে বৃদ্ধসকলক সহায়কাৰীৰ প্রয়োজন অনুভৱ কৰায়৷ মানুহৰ বয়স বৃদ্ধিৰ লগে লগে আটাহতকৈ ডাঙৰ চিন্তা হৈছে স্বাস্থ্য আৰু সময় মতে চিকিৎসা সাহায্য৷ অকলশৰে থকা ব্যক্তি এজনেও কোনো সময়ত জৰুৰীকালীন চিকিৎসা অৱস্থাৰ সৈতে মোকাবিলা কৰিবলগীয়া হ’ব পাৰে৷ বহু বয়সস্থ লোকে এতিয়াও সহায়ৰ বাবে বিভিন্ন চহৰত বাস কৰা নিজৰ সন্তানৰ ওপৰত নির্ভৰশীল, কিন্তু ই স্থায়ী সমাধান নহয়৷ বৃদ্ধাশ্রম বা অৱসৰ গৃহসমূহে তেওঁলোকৰ বিভিন্ন প্রয়োজন পূৰণ কৰি এই শূন্যতা পূৰণ কৰে৷ ইয়াত জ্যেষ্ঠসকলক অতি প্রয়োজনীয় চিকিৎসা সহায়, পৰিবহণ, বৃদ্ধ বয়সত নার্ছিং যত্ন প্রদান কৰা হয়৷ গতিকে বহু পৰিমাণে সুৰক্ষিত হয় বৃদ্ধাশ্রমৰ পৰিৱেশ৷ নিঃসংগতাই ক্রমান্বয়ে ভিতৰৰ পৰা মাৰি অনা মানুহবোৰক বৃদ্ধাশ্রমে গোটাই দিয়ে সংগী৷ আজিৰ আধুনিক সমাজত মানুহৰ অলেখ ব্যস্ততা৷ একেটা ঘৰতে থাকিও পিতৃ–মাতৃৰ লগত কথা নপতাকৈয়ে সপ্তাহ পাৰ হৈ যায় বহুতৰ৷ তেনে পৰিস্থিতিত বৃদ্ধাশ্রমত একোজন ব্যক্তিয়ে গোটাই ল’ব পাৰে বন্ধু–বান্ধৱ৷ এসময়ত সহকর্মী, বন্ধু–বান্ধৱেৰে পৰিৱেষ্টিত মানুহজনে এষাৰ কথা পাতিবলৈ লগ নোপোৱাটো বিড়ম্বনা বুলিয়েই ক’ব পাৰি৷ বৃদ্ধাশ্রমত একোজন আৱাসীয়ে নিজৰ দৰেই বহুতক লগ পোৱাৰ ফলত জীয়াই থকাৰ নতুন আশাত উজ্জীৱিত হ’ব পাৰে৷ যিসকল ব্যক্তিৰ সামর্থ্য থাকে তেওঁলোকে বৃদ্ধাশ্রমত বাস কৰাৰ সিদ্ধান্ত লৈ সময়ৰ দাবীক মানি লোৱা উচিত৷ বয়সে কোবোৱা শৰীৰৰ ব্যক্তি এগৰাকীৰ বাবে অকলে জীয়াই থকা আৰু সকলো কাম নিজেই কৰাটো এটা প্রত্যাহ্বান হ’ব পাৰে৷ কিন্তু একোখন উন্নত বৃদ্ধাশ্রমত প্রদান কৰা সুবিধাসমূহে এই প্রত্যাহ্বানসমূহ সহজ কৰি তোলে৷ বৃদ্ধ পিতৃ–মাতৃক অকলশৰীয়াকৈ এৰি দূৰৈত থকা সকলো সন্তানেই সুখত নাথাকে৷ চাকৰি বা কর্মৰ খাতিৰত দূৰৈত থাকিলেও অহৰহ বৃদ্ধ পিতৃ–মাতৃৰ চিন্তাই তেওঁলোকক জুৰুলা কৰে৷ পিতৃ–মাতৃ সুৰক্ষিত স্থানত থিতাপি ল’লেই বহু দূৰত বাস কৰা ল’ৰা–ছোৱালীয়ে ব্যক্তিগতভাৱে পিতৃ–মাতৃৰ যত্ন নোলোৱাৰ বাবে নিজকে দোষী অনুভৱ কৰাৰ পৰাও মুক্তি লাভ কৰে৷

You might also like