নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈ মহাবিদ্যালয়ত অধ্যাপকৰ ১৯ পদ

মঙলদৈ মহাবিদ্যালয়ত খালী হৈছে সহকাৰী অধ্যাপকৰ ১৯টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি সহকাৰী অধ্যাপকৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে অসমীয়া (২), উদ্ভিদ বিজ্ঞান (৪), ৰসায়ন বিজ্ঞান (২), ভূগোল (১), গণিত (১), দর্শন শাস্ত্র (১), পদার্থ বিজ্ঞান (৪), পৰিসংখ্যা (১) আৰু প্রাণী বিজ্ঞান (৩)৷ প্রার্থীৰ শৈক্ষিক অর্হতা ইউজিচিৰ শেহতীয়া নির্দেশাৱলী অনুসৰি যোগ্য বিবেচিত হোৱাৰ উপৰি সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী আৰু নেট/শ্লেট/ছেট নাইবা ডক্টৰেট ডিগ্রীধাৰী হ’ব লাগিব৷ বয়স ১ জানুৱাৰী ২০২০লৈ সর্বোচ্চ ৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ প্রার্থীসকলৰ স্থায়ী বাসিন্দাৰ প্রমাণ–পত্র থকা আৰু স্থানীয় ভাষা জনা হ’ব লাগিব৷ আবেদন মাচুল হিচাপে ডিমাণ্ড ড্রাফটযোগে ২,০০০ টকা মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি’Principal, Mangaldai College, Po- Mangaldai, Vill- Upahupara, PIN-784125, Darrang, Assam’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ নিযুক্তিৰ সম্পর্কীয় বিশদ বিৱৰণৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ ৱেবছাইটwww.mangaldaicollege.org চাব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন ২৭ ফেব্রুৱাৰী ২০২০৷

You might also like